ETV Bharat / state

COVID-19: মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ নলবাৰীৰ যুৱকৰ 5 লাখ সাহায্য

author img

By

Published : Mar 28, 2020, 6:34 PM IST

Updated : Mar 28, 2020, 8:04 PM IST

COVID-19:
COVID-19: মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ নলবাৰীৰ যুৱকৰ 5 লাখ সাহাৰ্য, আন এজনে বিতৰণ কৰিলে খাদ্য

মহামাৰী কৰ'ণাক লৈ ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণৰ প্ৰতি সঁহাৰি জনাই নলবাৰীৰ ব্যৱসায়ীৰ আদৰণীয় পদক্ষেপ ৷ মুখ্যমন্ত্ৰীৰ পুঁজিলৈ 5 লাখ টকাৰ সাহায্য অৰূপ কলিতা নামৰ ব্যৱসায়ীজনৰ ৷ আনহাতে, জিলাখনৰ বৰ্ণিবাৰীৰ অচ্যুত দাস নামৰ এজন যুৱকে প্ৰায় সাতশ দুখীয়া পৰিয়াললৈ খাদ্য বিতৰণ কৰে ৷

নলবাৰী, 28 মাৰ্চঃ ৰাজ্যতো মহামাৰী কৰ'ণাক লৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিভিন্ন ধৰণৰ পদক্ষেপ। চৰকাৰৰ এই পদক্ষেপক অধিক সবল কৰিবলৈ চৰকাৰে জনসাধাৰণৰ পৰা বিচাৰিছে আৰ্থিক বৰঙণি ৷

COVID-19: মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ নলবাৰীৰ যুৱকৰ 5 লাখ সাহায্য

চৰকাৰৰ এই আহ্বানৰ প্ৰতি ইতিমধ্যেই সঁ‌হাৰি জনাই কেইবাজনো ব্যক্তিয়ে চৰকাৰৰ পুঁজিলৈ আগবঢ়াইছে সাহায্য। নলবাৰীৰ বৰভাগৰ নখেতি গাঁৱৰ যুৱক তথা গুৱাহাটীস্থিত প্ৰতিষ্ঠিত ব্যৱসায়ী অৰূপ কলিতাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫ লাখ টকা আগবঢ়াই ডাঙি ধৰিছে মহানুভৱতাৰ পৰিচয় ।

COVID-19: মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ নলবাৰীৰ যুৱকৰ 5 লাখ সাহাৰ্য, আন এজনে বিতৰণ কৰিলে খাদ্য

আনহাতে, জিলাখনৰ বৰ্ণিবাৰীৰ অচ্যুত দাস নামৰ এজন যুৱকে প্ৰায় সাতশ দুখীয়া পৰিয়াললৈ চাউল,দাইল,পিয়াজ,আলু আদি বিভিন্ন খাদ্য সামগ্ৰী যোগান ধৰি বহল মনৰ পৰিচয় দিবলৈ সক্ষম হৈছে ।

আৰু পঢ়কঃ ল’ক ডাউনঃ ঘৰৰ পৰাই শিক্ষাদান কৰি আদৰ্শ দেখুৱালে টিয়কৰ শিক্ষকে

Last Updated :Mar 28, 2020, 8:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.