ETV Bharat / state

Congress press meet: প্ৰধানমন্ত্ৰীক তীক্ষ্ণ সমালোচনা কংগ্ৰেছ নেতা পৃথ্বিৰাজ সাথেৰ

author img

By

Published : Apr 5, 2023, 9:18 PM IST

নলবাৰীৰ ৰাজীৱ ভৱনত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক পৃথ্বীৰাজ সাথেৰ সংবাদমেল ।সংবাদমেলত বিজেপি নেতৃত্বাধীন চৰকাৰ অৰু প্ৰধানমন্ত্ৰীক তীক্ষ্ণ সমালোচনা সাথেৰ (Congress press meet in Nalabari) ।

press meet in Nalabari
নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সংবাদমেল

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সংবাদমেল

নলবাৰী, 5 এপ্ৰিল : কোন হয় চাং চুং লিং ? 20 হাজাৰ কোটি টকা কাৰ ? নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক পৃথ্বিৰাজ সাথেয়ে আজি এই প্ৰশ্ন উত্থাপন কৰে । চাং চুং লিঙৰ জৰিয়তে আদানী গ্ৰুপে ধন বিনিয়োগ কৰিছে বুলি উল্লেখ কৰে সাথে । নলবাৰীৰ ৰাজীৱ ভৱনত আয়োজিত এক সংবাদমেলত পৃথ্বিৰাজ সাথে আগবঢ়ায় এই বিষ্ফোৰক মন্তব্য (Congress press meet in Nalabari) ।

আজি নলবাৰীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদমেলখনত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰখনক তীব্ৰ সমালোচনা কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদকগৰাকীয়ে । আদানী গ্ৰুপৰ জৰিয়তে বিশ হেজাৰ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ তোলে নিখিল ভাৰত কংগ্ৰেছৰ সম্পাদক পৃথ্বিৰাজ সাথে । আনহাতে, সম্পাদক পৃথ্বিৰাজ সাথেই অভিযোগ কৰে যে চাং চুং লিঙৰ জৰিয়তে 20 হেজাৰ কোটি টকা ব্যৱসায়ৰ বাবে খটুৱাইছে আদানী গ্ৰুপে । এই বিশ হাজাৰ কৌটি টকাৰ হিচাপ কেন্দ্ৰীয় চৰকাৰে কিয় নিদিয়ে বুলিও প্ৰশ্ন উত্থাপন কৰে পৃথ্বিৰাজ সাথে (Prithviraj Sathe press meet in Nalabari )।

তদপৰি, ৰাহুল গান্ধী প্ৰসংগতো সৰৱ হৈ পৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদকগৰাকী ৷ নীৰৱ মোডী, সুশীল মোডীৰ প্ৰসংগত মোডী উপাধিৰ লোকবোৰ চোৰ বুলি কোৱাৰ পিচত পূৰ্ণেশ মোডীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হয় । পৰৱৰ্তী সময়ত ন্যায়ালয়ে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰে আৰু ৰাহুলৰ সাংসদ পদ খাৰিজ কৰা হয় (Rahul Gandhi disqualification) ।

ভাৰতীয় জীৱন বীমা নিগম, ভাৰতীয় ষ্টেট বেংককে ধৰি সকলোতে আদানী গ্ৰুপৰ প্ৰভাৱ । ভাৰতীয় ব্যৱসায় বাণিজ্যৰ ভেটিত অকল আদানী গ্ৰুপৰে আধিপত্য কিয় বুলি প্ৰশ্ন তোলে নিখিল ভাৰত কংগ্ৰেছৰ সম্পাদক পৃথ্বিৰাজ সাথে ৷ লগতে সাথেয়ে ভাৰতত অন্য ব্যৱসায় কৰা লোক নাই নেকি বুলি প্ৰশ্ন উত্থাপন কৰি আদানী গ্ৰুপৰ প্ৰতি মোডীৰ ইমান দুৰ্বলতা কিয় বুলিও প্ৰশ্ন তোলে । আদানী, আম্বানী, নীৰৱ মোদী সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিলে গোচৰ জাপি দিয়ে বুলি বিজেপি দলৰ বিৰুদ্ধে অভিযোগ আনে পৃথ্বিৰাজ সাথে (Congress Leader Prithviraj Sathe Press Meet In Nalbari ) ।

উক্ত সংবাদমেলখনত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা, মনোজ কলিতা, সম্পাদক ৰমণ ঝা, ৰতন বড়ো, ত্ৰিদীপ বৰ্মন, নুৰুল ইছলাম, নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী, সাধাৰণ সম্পাদক দিব্যজ্যোতি হালৈ আদি উপস্থিত থাকে ।

লগতে পঢ়ক : Assam Budget Session 2023: অসম চুক্তি ৰূপায়ণকলৈ বিধানসভাত শাসক বিৰোধীৰ তীব্ৰ তৰ্ক যুদ্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.