Assam Budget Session 2023: অসম চুক্তি ৰূপায়ণকলৈ বিধানসভাত শাসক বিৰোধীৰ তীব্ৰ তৰ্ক যুদ্ধ

By

Published : Apr 5, 2023, 2:06 PM IST

thumbnail

গুৱাহাটী, 5 এপ্ৰিল: চলিত বিধানসভা অধিৱেশনৰ ত্ৰয়োদশ দিনা অসম চুক্তি ৰূপায়ণ বিষয়কলৈ শাসক-বিৰোধীৰ মাজত তীব্ৰ তৰ্ক যুদ্ধ হয় ৷ যাৰ ফলত সদনৰ মজিয়া উত্তাল হৈ পৰে ৷ যাৰ বাবে কংগ্ৰেছৰ বিধায়কসকলে সদন ত্যাগ কৰে (Assam Budget Session 2023) ৷  

উল্লেখ্য যে বুধবাৰে অসম বিধানসভাৰ মজিয়াত প্ৰশ্নকাল ঘন্টাত "অসম চুক্তি ৰূপায়ণ" সন্দৰ্ভত এক তৰাযুক্ত প্ৰশ্ন বিভাগীয় মন্ত্ৰী অতুল বৰাক উদ্দেশ্যি কংগ্ৰেছৰ বিধায়ক দেৱব্ৰত শইকীয়াই উত্থাপন কৰে ৷ মন্ত্ৰী অতুল বৰাৰ উত্তৰত কংগ্ৰেছৰ বিধায়কসকলে অসন্তুষ্টি প্ৰকাশ কৰে ৷ লগতে কংগ্ৰেছৰ বিধায়কসকলৰ লগতে কংগ্ৰেছৰ বিধায়ক দেৱব্ৰত শইকীয়াই "অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত বিভিন্ন প্ৰশ্ন কৰি মন্ত্ৰী অতুল বৰাক থকা-সৰকা কৰে (Implementation of Assam Accord) ৷

বিদেশী বিতাৰণৰ ভিত্তি বছৰ সলনি কৰা হ'ব নেকি? লগতে নাগৰিকত্ব সংশোধনী আইন বলৱৎ সন্দৰ্ভত কংগ্ৰেছৰ বিধায়কসকলৰ লগতে কংগ্ৰেছৰ বিধায়ক দেৱব্ৰত শইকীয়াই বিভিন্ন প্ৰশ্ন কৰি মন্ত্ৰী অতুল বৰাক থকা-সৰকা কৰে ৷ মন্ত্ৰী অতুল বৰাই প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে কংগ্ৰেছৰ শাসনত অসম চুক্তি ৰূপায়ণ কিয় হোৱা নাছিল বুলি ওলোটাই প্ৰশ্ন কৰাত সদনৰ মজিয়া উত্তাল হৈ পৰে (Congress walk out from Assam assembly) ৷ অসম চুক্তি ৰূপায়ণৰ বিষয়কলৈ শাসক বিৰোধীৰ মাজত তীব্ৰ-তৰ্ক যুদ্ধ হয় ৷  পিচত কংগ্ৰেছৰ বিধায়কসকলে সদন ত্যাগ কৰে (Tense Over Implementation of Assam Accord) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.