ETV Bharat / state

ভূত-ভৱিষ্যত নাই লুৰীণ জ্যোতি গগৈৰঃ চন্দ্ৰ মোহন পাটোৱাৰী

author img

By

Published : Feb 6, 2021, 10:11 AM IST

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈ সন্দৰ্ভত মন্তব্য আগবঢ়়াই মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে, যি দলৰ সভাপতিৰেই ভূত-ভৱিষ্যত নাই, সেই দলে কি ৰাজনীতি কৰিব ৷ লুৰীণক প্ৰত্যাহ্বান মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে, নামনি অসমৰ কথাই নকও, উজনি অসমৰে দুলিয়াজান,নাহৰকটীয়া, মৰাণ এই তিনিটা সমষ্টিৰ যি কোনো এটা সমষ্টিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈ জয় লাভ কৰি দেখুওৱাক। তেতিয়াহে মানিম লুৰীণ জ্যোতিৰ জনপ্ৰিয়তা আছে ৷

ভুত-ভৱিষ্যত নাই লুৰীণ জ্যোতি গগৈৰঃ চন্দ্ৰ মোহন পাটোৱাৰী
ভুত-ভৱিষ্যত নাই লুৰীণ জ্যোতি গগৈৰঃ চন্দ্ৰ মোহন পাটোৱাৰী

নলবাৰী,6 ফেব্ৰুৱাৰীঃ শুকুৰবাৰে নলবাৰীৰ ধৰ্মপুৰ বিধান সভা সমষ্টিৰ খাটা চামতাত ভাৰত চৰকাৰৰ উত্তৰ পূব বিকাশ মন্ত্ৰালয়ৰ অধীনত আৰু ৰাজ্য চৰকাৰৰ “স্ব অগ্ৰাধিকাৰ উন্নয়ণ” পুজিৰে মৃৎ শিল্পী সকলৰ উন্নয়ণৰ বাবে “সমুহীয়া সেৱা কেন্দ্ৰ” নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৰাজ্য চৰকাৰ পৰিবহন,উদ্যোগিক আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নিশা 9 বজাত ৷ অনুষ্ঠানটোত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদ আৰু ৰাইজলৰ দলৰ মিত্ৰতা চূড়ান্ত হোৱাৰ পিছতে দল দুটাক সমালোচনা লক্ষ্যকৰি লয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷

ভুত-ভৱিষ্যত নাই লুৰীণ জ্যোতি গগৈৰঃ চন্দ্ৰ মোহন পাটোৱাৰী

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈ সন্দৰ্ভত মন্তব্য আগবঢ়়াই মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে,যি দলৰ সভাপতিৰেই ভূত-ভৱিষ্যত নাই, সেই দলে কি ৰাজনীতি কৰিব ৷ লুৰীণক প্ৰত্যাহ্বান মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে,নামনি অসমৰ কথাই নকও, উজনি অসমৰে দুলীয়াজান,নাহৰকটীয়া, মৰাণ এই তিনিটা সমষ্টিৰ যি কোনো এটা সমষ্টিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈ জয় লাভ কৰি দেখোৱাক। তেতিয়াহে মানিম লুৰীণ জ্যোতিৰ জনপ্ৰিয়তা আছে ৷

একেদৰে পাটোৱাৰীয়ে কয় যে,যদি লুৰিণ জ্যোতি গগৈ সচাঁকৈয়ে জয়যুক্ত হয়,ই হ’ব এক ডাঙৰ ঘটনা। অসমৰ ৰাজনীতিৰ ইতিহাস খনেই নতুন কৈ ডাঙৰ কৈ ওলোটাকৈ লিখিব লাগিব,যে অসমৰ ৰাজনীতিত এক ডাঙৰ অঘটন ঘটিল। ৰাইজৰ দল সন্দৰ্ভত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে,ৰাজনীতি কৰি মানুহে মন্ত্ৰী হৈ দিছপুৰত বহাৰ বাবে চিন্তা চৰ্চা কৰে,জেলত বহাৰ বাবে নহয় ।

লগতে পঢ়কঃ ডিব্ৰুগড়ত আছুৰ তৃতীয়টো অৰ্থনৈতিক প্ৰকল্পৰ উদ্বোধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.