ETV Bharat / state

Blade Attack at Mukalmua: প্ৰেম প্ৰস্তাৱ নাকচ কৰাৰ বাবেই দুই খুলশালীক ব্লেডেৰে আক্ৰমণ ভিনিহিয়েকৰ

author img

By

Published : Dec 8, 2022, 5:05 PM IST

লম্পট শিক্ষক ভিনিহিয়েকৰ আক্ৰমণৰ বলি দুই খুলশালী ৷ উল্লেখ্য যে, লম্পট ভিনিহিয়েক মাজিদ খানে তেওঁৰ এগৰাকী খুলশালীক দীৰ্ঘদিনৰ পৰা আগবঢ়াই আহিছিল প্ৰেমৰ প্ৰস্তাৱ ৷ কিন্তু সেই প্ৰস্তাৱ নাকচ কৰি আহিছিল যুৱতীগৰাকীয়ে ৷ যাৰ বাবে যুৱতীগৰাকীৰ লগতে ভগ্নীকো ব্লেডেৰে আক্ৰমণ অসৎ চৰিত্ৰৰ ভিনিহিয়েক মাজিদ খানৰ ৷

Blade Attack at Mukalmuwa
প্ৰেম প্ৰস্তাৱ নাকচ কৰাৰ বাবেই দুই খুলশালীক ব্লেডেৰে আক্ৰমণ ভিনিয়েকৰ

নলবাৰী, 8 ডিচেম্বৰ: এক চাঞ্চল্যক ঘটনাই জোকাৰিছে নলবাৰীৰ মুকালমুৱা(sensational incident in Nalbari) ৷ ভিনিহিয়েকৰ প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই লম্পট ভিনিহিয়েকে ব্লেডেৰে আক্ৰমণ কৰিলে দুই খুলশালীক(Brother In Law attacked Sister In Law) ৷

প্ৰেম প্ৰস্তাৱ নাকচ কৰাৰ বাবেই দুই খুলশালীক ব্লেডেৰে আক্ৰমণ ভিনিয়েকৰ

নলবাৰীৰ মুকালমুৱাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা ৷ উল্লেখ্য শিক্ষক ভিনিহিয়েকে দীৰ্ঘদিনৰে পৰা এগৰাকী খুলশালীক আগবঢ়াই আহিছিল প্ৰেমৰ প্ৰস্তাৱ ৷ কিন্তু অসৎ চৰিত্ৰৰ মাজিদ খান নামৰ ভিনিহিয়েকৰ সেই প্ৰস্তাৱ বাৰে বাৰে নাকচ কৰি আহিছিল খুলখালীয়ে ৷ সেই প্ৰস্তাৱ মানি নোলোৱাৰ বাবেই লম্পট ভিনিহিয়েকে মুকালমুৱাস্থিত শহুৰেকৰ ঘৰলৈ আহি ব্লেডেৰে আক্ৰমণ কৰে তেওঁৰ খুলশালীক(Sister In Law attacked by blade) ৷

লম্পট ভিনিহিয়েকে আক্ৰমণ কৰা দেখি ভগ্নীক বচাবলৈ দৌৰি আহে আন কনিষ্ঠ ভগ্নী ৷ কিন্তু ভগ্নীক বচাবলৈ অহা খুলশালীকো আক্ৰমণ কৰে ভিনিহিয়েকে (Blade attack in Nalbari) ৷ দুই খুলশালীক আক্ৰমণ কৰি খিৰিকীৰৰে পলায়ন কৰে লম্পট ভিনিহিয়েক ৷ ভিনিহিয়েকৰ আক্ৰমণত আহত দুই ভগ্নী সম্প্ৰতি চিকিৎসাধীন হৈ আছে নলবাৰী অসামৰিক চিকিৎসালয়ত(Nalbari civil hospital) ৷

উল্লেখ্য যে, ভুক্তভোগী যুৱতীগৰাকীৰ এজন যুৱকৰে আছিল প্ৰেমৰ সম্পৰ্ক ৷ কিন্তু সেই কথা মানি ল’ব পৰা নাছিল লম্পট ভিনিহিয়েক মাজিদ খানে ৷ বাৰে বাৰে মাজিদ খালে নিজৰ খুলশালীক তেওঁৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিবলৈ জোৰ কৰি আহিছিল ৷ কিন্তু সেই প্ৰস্তাৱ মানি নোলোৱাৰ বাবেই সংঘটিত হ’ল এই ভয়ংকৰ ঘটনা ৷

লম্পট ভিনিহিয়েকৰ আক্ৰমণত মুখ মণ্ডলত আঘাত প্ৰাপ্ত হৈছে দুয়োগৰাকী ভগ্নী ৷ ইতিমধ্যেই এই ঘটনা সন্দৰ্ভত মুকালমুৱা আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী পৰিয়াল ৷ লম্পট মাজিদ খানক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে ভুক্তোভোগী পৰিয়ালে ৷ লম্পট ভিনিহিয়েকৰ আক্ৰমণত মুখ মণ্ডলত আঘাত প্ৰাপ্ত হৈছে দুয়োগৰাকী ভগ্নী ৷ ইফালে, সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক: HSLC exam2023: নতুন শিক্ষানীতিৰে ৩ মাৰ্চৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.