ETV Bharat / state

আব্দুল খালেকৰ এয়া মোগল প্ৰেম নহয় জাতি প্ৰেমহে: ভৱেশ কলিতা

author img

By

Published : Sep 1, 2022, 8:58 PM IST

নলবাৰীত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা (Bhabesh Kalita in Nalbari) । "অসমীয়া বিজেপি বাৰ্তা" উন্মোচনী অনুষ্ঠানত অংশ গ্ৰহণ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই (Bhabesh Kalita released Asomiya BJP Barta) । জেহাদী, বদৰুদ্দিন আজমল আৰু সাংসদ আব্দুল খালেক সন্দৰ্ভত কেতবোৰ বিষ্ফোৰক মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ।

Etv Bharat
Etv Bharat

নলবাৰী, 1 ছেপ্টেম্বৰ: বৃহস্পতিবাৰে নলবাৰীত বিজেপিৰ এক অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা (Bhabesh Kalita in Nalbari) ৷ নলবাৰীত ‘‘অসমীয়া বিজেপি বাৰ্তা’’ (Asomiya BJP Barta) উন্মোচনী অনুষ্ঠানত অংশগ্রহণ কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে । নলবাৰীৰ গোপাল বজাৰত অৱস্থিত সয়ম্বৰ বিবাহ ভৱনত অনুষ্ঠিত হয় এই অনুষ্ঠান ৷ ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ দ্বাৰা প্ৰতি মাহে প্ৰকাশ কৰা হয় আলোচনী ‘‘অসমীয়া বিজেপি বাৰ্তা’’ ৷

আব্দুল খালেকৰ এয়া মোগল প্ৰেম নহয়, জাতি প্ৰেমহে

ভাৰতীয় জনতা পার্টিৰ অসম প্ৰদেশৰ উদ্যোগত আৰু নলবাৰী জিলাৰ সহযোগত আয়োজিত এই উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা (Bhabesh Kalita released Asomiya BJP Barta)। অনুষ্ঠানৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত তেওঁ আক্ৰমণৰ লক্ষ্য কৰি লয় বদৰুদ্দিন আজমলক (Bhabesh Kalita criticizes Badaruddin Ajmal)৷

আজমলে মাদ্ৰাছা উচ্ছেদ প্ৰসংগত বিজেপি আৰু আৰ এছ এছক কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে জেহাদীক অসম তথা ভাৰতবৰ্ষৰ পৰাই পুলিয়ে পোখালিয়ে উঘালিবলৈ চৰকাৰে সাজু বুলি কয় (Bhabesh Kalita on Jehadi Issue)।

আনহাতে সাংসদ আব্দুল খালেকৰ মোগল প্ৰীতি সন্দৰ্ভত সাংবাদিকে সোধাত ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে কয় যে নিৰ্বাচনৰ প্ৰাকক্ষণত আব্দুল খালেকৰ এয়া মোগল প্ৰেম নহয়, জাতি প্ৰেমহে (Abdul Khaleque remak on Mughal)। মোগল প্ৰীতি দেখুৱাই আব্দুল খালেকে জাতি প্ৰেমেৰে ভোট আদায় কৰাৰ লক্ষ্য থিৰ কৰিছে বুলি কয় ভৱেশ কলিতাই । লগতে তেওঁ কয় যে ভাৰতৰ ৰাইজ সজাগ হৈছে । উন্নয়নৰ ফালে ঢাল খাইছে । য'ত উন্নয়ন তাতহে ৰাইজৰ মত থাকিব বুলি তেওঁ মন্তব্য আগবঢ়ায় ।

লগতে পঢ়ক: পৰেশ বৰুৱাক আলোচনালৈ অহাৰ আহ্বান অশীতিপৰ ৰাজনীতিবিদ ৰমণী বৰ্মনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.