ETV Bharat / state

নলবাৰীত লতা মংগেশকাৰলৈ বিভিন্নজনৰ শ্ৰদ্ধাঞ্জলি

author img

By

Published : Feb 8, 2022, 12:32 PM IST

Nalbari
নলবাৰীত গায়িকা লতা মংগেশকাৰক শ্ৰদ্ধাঞ্জলি বিভিন্নজনৰ

কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ মৃত্যুৰ লগে লগে শোকস্তদ্ধ তেওঁৰ লাখ লাখ অনুৰাগী । নলবাৰী জিলাত শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি বিজেপিৰ (BJP pays tribute to Lata Mangeshkar in Nalbari)। উপস্থিত বহু সংখ্যক লোকে শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

নলবাৰী,৮ ফেব্ৰুৱাৰী : কোকিলকণ্ঠী গায়িকা, ভাৰত ৰত্ন লতা মংগেশকাৰৰ বিয়োগত সমগ্ৰ দেশ শোকস্তব্ধ হোৱাৰ লগতে বিভিন্ন প্ৰান্তত শিল্পীগৰাকীৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰা দেখা গৈছে । গীতৰ জৰিয়তে সকলো স্তৰৰ লোকৰ হৃদয়ত স্থান দখল কৰা শিল্পী লতা মংগেশকাৰক অসমৰো ভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখা গৈছে । সোমবাৰে সন্ধিয়া নলবাৰী জিলাৰ ঘগ্ৰাপাৰত বিজেপিৰ উদ্যোগত বিশেষ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰ আয়োজন কৰা হয় (BJP pays tribute to Lata Mangeshkar in Nalbari)।

Lata Mangeshkar
নলবাৰীত গায়িকা লতা মংগেশকাৰক শ্ৰদ্ধাঞ্জলি বিভিন্নজনৰ

বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ উদ‍্যোগত সম্পাদক মৃগেন শৰ্মাই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত দলৰ কৰ্মকৰ্তাসকলৰ লগতে ভালেসংখ্যক লোক উপস্থিত থাকে । শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে উপস্থিত লোকসকলে । বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই অনুষ্ঠানত বন্তি প্ৰজ্বলনেৰে কোকিলকণ্ঠী গায়িকাগৰাকীলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ।

Lata Mangeshkar
নলবাৰীত গায়িকা লতা মংগেশকাৰক শ্ৰদ্ধাঞ্জলি বিভিন্নজনৰ

অনুষ্ঠানত প্ৰয়াত লতা মংগেশকাৰৰ অনুৰাগী তথা বিজেপি নেতা ভ্ৰমৰ মজুমদাৰে শিল্পীগৰাকীক স্মৰণ কৰে আৰু শিল্পী গৰাকীৰ কালজয়ী গীতৰ জৰিয়তে উপস্থিত সকলোকে আপ্লুত কৰে ।

লগতে পঢ়ক :Open gym: বৰপেটাত মুকলি-জীমৰ আধাৰশিলা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.