ETV Bharat / state

Kali Puja celebrated at Tihu: মিলনতীৰ্থত পৰিণত টিহুৰ বালি শ্যামা পূজা

author img

By

Published : Oct 25, 2022, 10:35 PM IST

মিলনতীৰ্থত পৰিণত টিহুৰ বালি শ্যামা পূজা
মিলনতীৰ্থত পৰিণত টিহুৰ বালি শ্যামা পূজা

নলবাৰী জিলাৰ টিহুৰ বালি গাঁওস্থিত বালি কালী মন্দিৰত শতাব্দী প্ৰাচীন পৰম্পৰা অনুসৰি ২১৬ সংখ্যক শ্ৰীশ্ৰীঈশ্বৰী শ্যামা পূজা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে (Bali Kali Puja celebrated at Tihu) ৷

নলবাৰী, ২৫ অক্টোবৰ: নামনি অসমৰ অন্যতম প্ৰাচীন শক্তি উপাসনাথলী ৰূপে প্ৰসিদ্ধ নলবাৰী জিলাৰ টিহুৰ বালি গাঁওস্থিত বালি কালী মন্দিৰত শতাব্দী প্ৰাচীন পৰম্পৰা অনুসৰি ২১৬ সংখ্যক শ্ৰীশ্ৰীঈশ্বৰী শ্যামা পূজা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে (Bali Kali Puja celebrated at Tihu) ৷ প্ৰতিকুল বতৰৰ মাজতো সোমবাৰৰ পৰা বুধবাৰলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এই বিশেষ পূজা ৷

মিলনতীৰ্থত পৰিণত টিহুৰ বালি শ্যামা পূজা

সোমবাৰে পুৱা পৰিৱেশ নিকাকৰণেৰে কাৰ্যসূচীৰ পাতনি মেলাৰ পিছত ধৰ্মীয় পতাকা উত্তোলন কৰে কালী মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ননীগোপাল শৰ্মাই ৷ পূজা পৰিচালনা সমিতিৰ মুখ্য উপদেষ্টা মুকুল চন্দ্ৰ ভাগৱতীয়ে স্মৃতি তৰ্পণ কৰাৰ পিছত শ্বহীদ তৰ্পণ কৰে পূজা পৰিচালনা সমিতিৰ সভাপতি সুৰেন্দ্ৰ কলিতাই ৷

স্তোত্ৰ পাঠ কৰে বালি হাইস্কুলৰ অৱসৰী শিক্ষক দীননাথ শৰ্মা আৰু বিশিষ্ট সমাজকৰ্মী ৰোহিনী কুমাৰ শৰ্মাই । মন্দিৰৰ দ্বাৰ উন্মোচন কৰে কালী মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক মদন চন্দ্ৰ ডেকাই । আবেলি বন্তি প্ৰজ্বলন কৰে সচেতন নাগৰিক মঞ্চ, অসমৰ সভাপতি চন্দন ভট্টাচাৰ্য্য আৰু কাৰ্যবাহী অভিযন্তা তথা পূজা পৰিচালনা সমিতিৰ উপদেষ্টা অন্নদা প্ৰসাদ শৰ্মাই ৷

আনহাতে নিশা অনুষ্ঠিত পূজাত নিজৰ অভিষ্ট সিদ্ধিৰ মানসেৰে বিভিন্ন প্ৰান্তত পৰা অহা ভক্তই ৯৪ টা পঠা ছাগলী , ৬৩০ যোৰ পাৰ চৰাই , ২০ টা হাঁহ , ২৬০ টা কোমোৰা দেৱীৰ নামত উৎসৰ্গা কৰি বলি দিয়াৰ লগতে ২৬ টা পঠা ছাগলী আৰু ২৯০ যোৰ পাৰ দেৱীৰ নামত উৎসৰ্গা কৰি এৰি দিয়া হয় ।

মঙলবাৰে পুৱা উষা কীৰ্তন, পৰিৱেশ নিকাকৰণ, শ্ৰীশ্ৰী বিষ্ণু হোম, নাম কীৰ্তনৰ লগতে আয়তীৰ নাম প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ আবেলি গোবৰা দল মিলন ঢুলীয়া দলৰ দ্বাৰা ঢুলীয়া পৰিবেশন কৰা হয় ৷ প্ৰতিকুল বতৰৰ বাবে নিশাৰ সাংস্কৃতিক অনষ্ঠান বাতিল কৰিছে বুলি পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে ৷

বুধবাৰে বিয়লি বালি গাঁও উন্নয়ন সমিতিৰ সৌজন্যত সম্বৰ্ধনা অনুষ্ঠানৰ পিছত দৰঙৰ কুসুম দেৱী আৰু দীপামনি নাথৰ দ্বাৰা নাগাৰা নাম পৰিবেশনেৰে পূজা মহোৎসৱৰ সামৰণি পৰিব ৷ কিনকিনিয়া বৰষুণৰ মাজতো কেবা সহস্ৰাধিক ভক্তৰ উপস্থিতিয়ে পূজাস্থলীত মিলনতীৰ্থ গঢ় লয় ৷

লগতে পঢ়ক: Robbery case in Guwahati:মহামৃত্যুঞ্জয় মন্দিৰ চাবলৈ যাওঁতেই চোৰৰ চাফাই অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.