ETV Bharat / state

Asam Sahitya Sabha election results 2022: খোল খালে অসম সাহিত্য সভাৰ নিৰ্বাচনৰ বেলট বাকচ

author img

By

Published : Dec 24, 2022, 2:22 PM IST

অসম সাহিত্য সভাৰ নিৰ্বাচনৰ বেলট বাকচ খোলা হৈছে । লগে লগে নলবাৰী পুথিভঁৰাল প্ৰেক্ষাগৃহত আৰম্ভ হৈছে নিৰ্বাচনৰ ভোট গণনা (Asam Sahitya Sabha Election vote counting)। অসম সাহিত্য সভাৰ তিনিটাকৈ পদৰ বাবে নিৰ্বাচনৰ ভোটগণনা আৰম্ভ কৰিবলৈ সাজু নিৰ্বাচনী বিষয়া ।

Asam Sahitya Sabha election results 2022
খোল খালে অসম সাহিত্য সভাৰ নিৰ্বাচনৰ বেলট বাকচ

খোল খালে অসম সাহিত্য সভাৰ নিৰ্বাচনৰ বেলট বাকচ

নলবাৰী, ২৪ ডিচেম্বৰ : আজি ঘোষণা হ'ব অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ফলাফল (Asam Sahitya Sabha election results 2022)। ইতিমধ্যে ইয়াক লৈ সমগ্ৰ অসমতে ব্যাপক উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে । কেইটামান ক্ষণ পাছতে আৰম্ভ হ'ব অসম সাহিত্য সভাৰ তিনিটাকৈ পদৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ভোট গণনা । জিলা পুথিভঁৰালৰ সভাকক্ষত ৯ খনকৈ টেবুলত অৱসৰপ্ৰাপ্ত বিচাৰপতি হৰেন্দ্ৰনাথ বৰাৰ নেতৃত্বত আৰম্ভ হ'ব ভোট গণনা প্ৰক্ৰিয়া (Asam Sahitya Sabha Election vote counting)।

বেলট বাকচ নলবাৰী পোৱাৰ পাছতে বাকচৰ তলা খুলিছে নিৰ্বাচনী বিষয়াই । ভোট গণনা প্ৰক্ৰিয়াৰ সমান্তৰালভাৱে নলবাৰী নাট্যমন্দিৰত অনুষ্ঠিত হৈছে জাতীয় অনুষ্ঠানটোৰ সপ্তম পূৰ্ণাংগ কাৰ্য্যনিৰ্বাহক নলবাৰী অধিৱেশন ।

উল্লেখ্য যে ২০২৩-২৫ বৰ্ষৰ বাবে নিৰ্বাচিত হ'ব লগা সাহিত্য সভাৰ সমিতিখনৰ বাবে সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে অনুষ্ঠিত হৈছিল নিৰ্বাচন । সভাপতি পদত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল য়েছে দৰজে ঠংচি, সূৰ্য্য হাজৰিকা, নাহেন্দ্ৰ পাদুন, প্ৰহ্লাদ চন্দ্ৰ তাছা, জগদীশ পাটগিৰি আৰু ৰোমান শৰ্মাই । উপসভাপতি পদত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ধীৰেণ শৰ্মা, গিৰীশ সন্দিকৈ, বসন্ত কুমাৰ শৰ্মা, পবিত্ৰ বৰবৰা, গোবিন্দ তালুকদাৰে ।

প্ৰধান সম্পাদক পদত ড° উপেন্দ্ৰজিৎ শৰ্মা, যাদৱ চন্দ্ৰ শৰ্মা, অনুপ কুমাৰ বৰঠাকুৰ, দেৱজিত বৰা আৰু ৰমানন্দ বৰাই প্ৰতিদ্বন্দিতা আগবঢ়াইছিল । উল্লেখ্য যে মুঠ ৭৮৪ টা শাখাই অংশ লৈছিল জাতীয় অনুষ্ঠানটোৰ এই নিৰ্বাচনী প্ৰক্ৰিয়াত (Asam Sahitya Sabha election 2022)। যোৱা ৩ নৱেম্বৰৰ পৰা আৰম্ভ হৈছিল সাহিত্য সভাৰ ভোটদান প্ৰক্ৰিয়া । ভোটৰ বাকচ গুৱাহাটীৰ প্ৰধান ডাকঘৰ মেঘদূত ভৱনত সংস্থাপন কৰা হৈছিল ।

ইফালে শনিবাৰে পুৱাৰে পৰা চলি আছে অসম সাহিত্য সভাৰ সপ্তম পূৰ্ণাংগ কাৰ্য্যনিৰ্বাহক সভা (Asam Sahitya Sabha executive meeting at Nalbari)। পুৱাই পতাকা উত্তোলনৰ দ্বাৰা নলবাৰীত আৰম্ভ হয় এই কাৰ্যনিৰ্বাহক সভা । নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত কেৱল মহিলাসকলৰ দ্বাৰা গঠিত মৈত্ৰেয়ী শাখা সাহিত্য সভাৰ সভাপতি দীপামণি গোস্বামীয়ে পতাকা উত্তোলন কৰে । অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰি নলবাৰী নাট্য মন্দিৰত এই অধিৱেশনৰ শুভাৰম্ভ কৰা হয় ৷

কাৰ্যনিৰ্বাহক সভাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হ'ব বুলি জানিব পৰা গৈছে । অসম সাহিত্য সভাৰ কৰ্মচাৰীসকলৰ কৰ্মবিৰতি, পৰৱৰ্তী নাৰায়ণপুৰ অধিৱেশনকে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে কাৰ্যনিৰ্বাহকত স্থান পাব । ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা সাহিত্য সভাৰ সদস্যসকল নলবাৰীত গৈ উপস্থিত হৈছে ।

লগতে পঢ়ক :Asam Sahitya Sabha executive meeting : অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.