ETV Bharat / state

2022 বৰ্ষৰ ভবেন বৰুৱা বঁটা বিশিষ্ট অভিনেতা দীনেশ দাসলৈ

author img

By

Published : Sep 4, 2022, 3:33 PM IST

শনিবাৰে নলবাৰী নাট্য মন্দিৰত আয়োজিত চতুৰ্দশ বাৰ্ষিক সদৌ অসম ভিত্তিক ভবেন বৰুৱা শিশু নাট প্ৰতিযোগিতা (14th All Assam bhaben Baruah Memorial Drama Competition)। এই অনুষ্ঠানতে 2022 বৰ্ষৰ ভবেন বৰুৱা বঁ‌টা প্ৰদান কৰা হয় বিশিষ্ট অভিনেতা দীনেশ দাসক ৷

Bhaben Baruah award 2022
2022 বৰ্ষৰ ভবেন বৰুৱা বঁটা বিশিষ্ট অভিনেতা দীনেশ দাসলৈ

নলবাৰী, 4 ছেপ্টেম্বৰ : প্ৰতি বছৰৰ দৰে এইবেলিও অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে আয়োজন কৰে সদৌ অসম ভবেন বৰুৱা সোঁৱৰণী শিশু নাট প্ৰতিযোগিতাৰ (All Assam bhaben Baruah Memorial Drama Competition)৷ প্ৰতিযোগিতাখনিৰ লগত সংগতি ৰাখি আন বছৰবোৰৰ দৰে এইবেলিও পৰিষদৰ নলবাৰী জিলা সমিতিয়ে এগৰাকী বিশিষ্ট ব্যক্তিলৈ চলিত বৰ্ষৰ ভবেন বৰুৱা বঁটা (Bhaben Baruah award 2022) আগবঢ়ায় ৷

2022 বৰ্ষৰ ভবেন বৰুৱা বঁটা বিশিষ্ট অভিনেতা দীনেশ দাসলৈ

‘‘বহাগৰ দুপৰীয়া’’, ‘নায়ক’, ‘‘ককাদেউতাৰ ঘৰজোঁৱাই’’, ‘‘মা তুমি অনন্যা’’কে ধৰি শতাধিক অসমীয়া ছবি তথা দূৰদৰ্শন ধাৰাবাহিক, টেলিফিল্ম, চুটি ছবি, ভিডিঅ’ ছবি আৰু চাৰিশতকৈও অধিক অনাতাঁৰ নাটত মননশীল অভিনয়েৰে অসমীয়া শ্ৰোতা-দৰ্শকৰ বুকুৰ আপোন হৈ পৰা বিশিষ্ট অভিনেতা দীনেশ দাসলৈ এইবাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে প্ৰদান কৰে চলিত বৰ্ষৰ ভবেন বৰুৱা বঁটা (AJYCP Felicitated actor Dinesh Das) ৷

লগতে পঢ়ক : Bhaben Baruah Award 2022 : জ্যেষ্ঠ অভিনেতা দিনেশ দাসলৈ ২০২২ বৰ্ষৰ ভৱেন বৰুৱা বঁটা

নলবাৰী নাট্য মন্দিৰত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বিশিষ্ট অভিনেতা, প্ৰযোজক তথা পৰিচালকগৰাকীলৈ প্ৰদান কৰা হয় 2022 বৰ্ষৰ ভবেন বৰুৱা বঁ‌টা ৷ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে বিশিষ্ট অভিনেতাগৰাকীক শনিবাৰে বিয়লি নলবাৰী নাট্য মন্দিৰত আয়োজিত এক অনুষ্ঠানতে এই বঁ‌টা প্ৰদান কৰে । এই বঁ‌টাত আছে নগদ পোন্ধৰ হাজাৰ টকা, গামোচা, জাপি, শৰাই, চেলেং, মানপত্ৰ লগতে এটি স্মাৰক ।

উল্লেখ্য যে, এই বঁ‌টা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাই, বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীকে ধৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তি । 2022 বৰ্ষৰ ভবেন বৰুৱা বঁ‌টা প্ৰদান অনুষ্ঠানৰ পিছতেই সামৰণি পৰে সদৌ অসম ভিত্তিত আয়োজিত ভবেন বৰুৱা শিশু নাট প্ৰতিযোগিতাৰ ৷

লগতে পঢ়ক : পৱিত্ৰ বৰপেটাত মোগল বন্দনাক দুৰ্ভাগ্যজনক আখ্যা বিধায়ক দিগন্ত কলিতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.