ETV Bharat / state

জাহাজ য'ত চলে তাত পদুম ফুলিব নোৱাৰে: লুৰিণ জ্যোতি গগৈ

author img

By

Published : Feb 28, 2021, 10:19 PM IST

যি পানীত জাহাজ চলে তাত পদুম ফুলিৱ নোৱাৰে ৷ অসমত অত্যাচাৰৰ উৎপাতত চাৰিওফালে অসম ডুবাৰ উপক্ৰম হৈছে ৷ ৰাজহুৱা সম্পত্তি বিক্ৰী কৰি অসমক ডুবাবৰ বাৱে উঠিপৰি লাগিছে ৷ কিন্তু অসমক উদ্ধাৰ কৰাৰ বাবে জাহাজ আহিছে ৷ জাহাজৰ জৰিয়তে অসমক উদ্ধাৰ কৰা হ'ব ৷ দেওবাৰে এই মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে ৷

ajp-meeting-at-nalbari
জাহাজ য'ত চলে তাত পদুম ফুলিব নোৱাৰে:লুৰিণ জ্যোতি গগৈ

নলবাৰী,28ফেব্ৰুৱাৰী: যি পানীত জাহাজ চলে তাত পদুম ফুলিব নোৱাৰে ৷ অসমত অত্যাচাৰৰ উৎপাতত চাৰিওফালে অসম ডুবাৰ উপক্ৰম হৈছে ৷ ৰাজহুৱা সম্পত্তি বিক্ৰী কৰি অসমক ডুবাবৰ বাৱে উঠিপৰি লাগিছে বিজেপিয়ে ৷ কিন্তু অসমক উদ্ধাৰ কৰাৰ বাবে জাহাজ আহিছে ৷ জাহাজৰ জৰিয়তে অসমক উদ্ধাৰ কৰা হ'ব ৷ দেওবাৰে এই মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে ৷

জাহাজ য'ত চলে তাত পদুম ফুলিব নোৱাৰে:লুৰিণ জ্যোতি গগৈ

নলবাৰীৰ সোণকুৰিহাত অনুষ্ঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ বিশাল জনজাগৰণ সভাত বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰি গগৈয়ে কয় যে, পদুমে অসমক বোকাময় কৰি পেলাইছে জাত পাতৰ ৰাজনীতিৰে ৷ এইবাৰ অসমত কেৱল জাতীয়বাদৰ নিচান উৰিব ৷ তদুপৰি কিমান অগণতান্ত্ৰিক হ'লে মুছলমানৰ ভোট নালাগে বুলি প্ৰশ্ন কৰে গগৈয়ে ৷ আনহাতে, বিজেপিয়ে ধন দি পিছফালৰে কেঁচিৰে কাটি নিয়ে বুলি কটাক্ষ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে ৷ উল্লেখ্য যে, সভাত অংশগ্ৰহণ কৰে অসম জাতীয় পৰিষদৰ নেতা পবিন্দ্ৰ ডেকা, দুলু আহমেদ আৰু নগেন ডেকাই ৷

লগতে পঢ়কঃ চামগুৰিত ৰকিবুল হুছেইনৰ নিৰ্বাচনী কুচকাৱাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.