ETV Bharat / state

মূল্যবদ্ধিৰ বিৰোধিতাৰে কঁপিল নলবাৰীৰ ৰাজপথ

author img

By

Published : Aug 31, 2021, 1:49 PM IST

ৰাজ্যত সৰ্বসাধাৰণক মাধমাৰ শোধাইছে মূল্যবৃদ্ধিয়ে ৷ বিয়াগোম যোগান বিভাগ এটি থকাৰ পিছতো মূল্যবৃদ্ধিৰ ৰোধত সম্পূৰ্ণৰূপে বিফল শাসকীয় চৰকাৰ ৷ ইয়াকে লৈ চৰকাৰৰ বিৰুদ্ধে ওলাই আহিল ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থা ৷

As_nlb_02_29Aug_AASU_Protest_V+P_AS10004
মূল্যবদ্ধিৰ বিৰোধিতাৰে কঁপিল নলবাৰীৰ ৰাজপথ

নলবাৰী, 31 আগষ্ট : যোগান বিভাগ মূৰ্দাবাদ ধ্বনিৰে কম্পিত হ’ল নলবাৰীৰ ৰাজপথ ৷ মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত বিভাগটোৰ বিফলতাৰ বিৰুদ্ধে ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাই শেহতীয়াকৈ যোগান বিভাগৰ "শ্মশান যাত্ৰা" শীৰ্ষক এক অভিনৱ প্ৰতিবাদী কাৰ্যসূচী হাতত লয় ৷ ঘগ্ৰাপাৰ ডাক বাংলা প্ৰাংগণৰ পৰা উলিওৱা হয় এই প্ৰতিবাদী ৰেলী ৷

As_nlb_02_29Aug_AASU_Protest_V+P_AS10004
মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ অভিনৱ প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে যোগান বিভাগৰ নামত এখন সাঙী প্ৰস্তুত কৰি সমগ্ৰ ঘগ্ৰাপাৰ চহৰ পৰিভ্ৰমণ কৰি অৱশেষত সাঙীখন ঘগ্ৰা নৈত উটুৱাই দিয়ে ৷ প্ৰতিবাদকাৰীসকলে যোগান বিভাগ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা মুখ্য সাংগঠনিক সম্পাদক হিৰকজ্যোতি শৰ্মা, ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ইলিয়াছ আলীৰ নেতৃত্বত উলিওৱা এই প্ৰতিবাদী কাৰ্যসূচীত স্থানীয় ৰাইজেও অংশগ্ৰহণ কৰে ৷

As_nlb_02_29Aug_AASU_Protest_V+P_AS10004
মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ অভিনৱ প্ৰতিবাদ

লগতে পঢ়ক : চাহ জনগোষ্ঠীৰ সৱলীকৰণৰ বাবে চৰকাৰে গঠন কৰিব 7 খন কমিটী

উল্লেখ্য যে, ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এতিয়াও সম্পূৰ্ণ শিথিলতা আৰোপ কৰা নাই ৷ অব্যাহত থকা নীতি-নিৰ্দেশনাৰ বাবে সাধাৰণ খাটিখোৱা শ্ৰেণীটোৰ মাজত যথেষ্ট হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ব্যৱসায় বন্ধ হৈ পৰাৰ ফলত অৰ্থ সংকটত জুৰুলা হৈ পৰিছে এই শ্ৰেণীটো ৷

ৰাইজৰ এইসমূহ দুখ-দুৰ্দশাৰ মাজতে ক্ৰমাৎ বৃদ্ধি পাই আছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ পেট্ৰ’ল-ডিজেল, মিঠাতেল, ইন্ধন আদিৰ মূল্যবৃদ্ধি যেন ভূতৰ ওপৰত দানহ পৰাদি পৰিছে ৰাইজৰ ওপৰত ৷ মূল্যবৃদ্ধি ৰোধত সম্পূৰ্ণৰূপে বিফল হৈছে ৰাজ্যৰ বিয়াগোম যোগান বিভাগটো ৷ ইয়াৰ বিপৰীতে মূল্যবৃদ্ধি সন্দৰ্ভত সময়ে সময়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে যোগানমন্ত্ৰী ৰণজিৎ দাসে কেতবোৰ তুলুঙা মন্তব্যহে কৰা পৰিলক্ষিত হৈছে ৷

চৰকাৰৰ এই নিৰ্লিপ্ত ভূমিকাত ক্ষোভিত হৈ পৰিছে সাধাৰণ ৰাইজ ৷ প্ৰতিদিনে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মূল্যবৃদ্ধিৰ বিৰোধিতা কৰি ওলাই আহিবলৈ বাধ্য হৈছে ৰাইজ ৷ সমান্তৰলাকৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সক্ৰিয়ভাৱে ওলাই আহিছে ৰাজ্যৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থা ৷

লগতে পঢ়ক : বেদখলৰ কবলত সৰুচলা-বৰচলা বিল...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.