ETV Bharat / state

World Tourism Day 2023: ধোঁৱা চাঙত পৰ্যটনস্থলী উন্নয়নৰ আঁচনি ! বিড়ম্বনা আখ্যা কলিয়াবৰবাসীৰ

author img

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 3:06 PM IST

World Tourism Day 2023
ধোঁৱা চাঙত পৰ্যটনস্থলী উন্নয়নৰ আঁচনি

আজি বিশ্ব পৰ্য‍টন দিৱস ৷ অসমতো পালন কৰা হৈছে বিশ্ব পৰ্য‍টন দিৱস ৷ আনহাতে চৰকাৰে ঘোষণা কৰাৰ পাচতো সঠিক ৰূপায়ণ নহ’ল পৰ্যটনৰ বাবে লোৱা আঁচনি ৷ ফলত কলিয়াবৰৰ সম্ভাৱনাপূৰ্ণ বহু স্থান এতিয়াও এলাগি হৈ থকাৰ অভিযোগ ৰাইজৰ ৷

ধোঁৱা চাঙত পৰ্যটনস্থলী উন্নয়নৰ আঁচনি

কলিয়াবৰ,27 ছেপ্টেম্বৰ : আজি বিশ্ব পৰ্য‍টন দিৱস ৷ অসমৰ বিভিন্ন প্ৰান্ততো পালন কৰা হৈছে বিশ্ব পৰ্য‍টন দিৱস ৷ কেৱল এটা দিনতহে চৰকাৰৰ মনত পৰে নেকি অসমৰ পৰ্যটনৰ ক্ষেত্ৰখনক অধিক বিকাশৰ কথা ৷ কিয়নো এতিয়াও প্ৰাকৃতিক সমল, আহোম যুগীয়া তথা সাংস্কৃতিক সমলৰে চহকী কিছু ঠাইক স্পৰ্শই কৰিব পৰা নাই চৰকাৰী আঁচনিসমূহ ৷

কলিয়াবৰৰ মাজেদিয়েই বিশ্ব ঐতিহাসিক ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিবলৈ দেশী-বিদেশী পৰ্যটক আহে যদিও অপৰ্যাপ্ত প্ৰাকৃতিক সমল, আহোম যুগীয়া তথা সাংস্কৃতিক সমলৰে চহকী ঠাইখনে উপযুক্ত আন্তঃগাঠনিৰ অভাৱৰ ফলত গুৰুত্বহীন হৈ আছে ৷ ঐতিহ্যমণ্ডিত কলিয়াবৰখন কেৱল সাংস্কৃতিক, স্থাপত্যৰ ক্ষেত্ৰতেই অগ্ৰণী নহয়, কলিয়াবৰত আছে অনন্য প্ৰাকৃতিক শোভা ৷

জৈৱ বৈচিত্ৰ্য আৰু নৈসৰ্গিক শোভাৰ চিৰ যৌৱনা সেউজ ক্ষেত্ৰ কলিয়াবৰত আছে পৰ্যটনৰ অলেখ সমল ৷ কলিয়াবৰক পৰিৱেশকেন্দ্ৰীক আৰু ধৰ্মীয় পৰ্যটন ক্ষেত্ৰ ৰূপে গঢ়ি তুলিবলৈ অসম চৰকাৰে লৈছিল অভিলাষী আঁচনি ৷ পৰ্যটনৰ সমল হিচাপে সিচঁৰিত হৈ থকা শিলঘাটৰ কামাখ্যা মন্দিৰ, ত্ৰিশূলধাৰী মন্দিৰ, দুইমুনি শিলা, বৃটিছৰ আমোলৰ খাৰঘৰ, বৰটোপ, হাতীমূৰাৰ দূৰ্গা মন্দিৰ, ভৰালী নামঘৰ, পৰিভ্ৰমী আৰু দেশী চৰাইৰ বিচৰণস্থলী আৰু জয়সাগৰ দলনিক সামৰি ল'ব পৰ্যটনৰ মানচিত্ৰই ৷

শিলঘাটৰ মহাবাহুত নাওচালনা, হাটবৰত স্থাপন হ'ব লগা তাৰকা গৃহ আৰু বিজ্ঞান উদ্যান, কঠালগুৰিৰ নীলা পানীৰ হ্ৰদ, লুংচুঙৰ হদ-হদী জলপ্ৰপাত, হাতীমুৰাৰ প্ৰস্তাৱিত প্ৰত্নতাত্বিক উদ্যান, কুঠৰীৰ ড৹ ভূপেন হাজৰিকা সাংস্কৃতিক প্ৰকল্প হ'ব পৰ্যটকৰ আকৰ্ষণস্থলী ৷ মুঠতে কলিয়াবৰ হৈ পৰিব পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ।

কিন্তু আঁচনি ৰূপায়ণৰ সোপা-ঢিলা নীতিয়ে সম্ভাৱনাপূৰ্ণ অসমৰ অৰ্থনীতি সৱল কৰিব পৰা পৰ্য‍টন অৱহেলিত হৈ ৰ'ল ৷ অথচ অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়, অৰুণাচল প্ৰদেশকে ধৰি কেইবাখনো ৰাজ‍্যৰ পৰ্য‍টনে সেই ৰাজ‍্যৰ অৰ্থনীতিত প্ৰভূত বৰঙণি যোগাই আছে । সেই উদাহৰণেও অসমৰ বিয়াগোম বিভাগটোৰ নিদ্ৰা ভংগ কৰিব নোৱাৰাটো চৰম পৰিতাপৰ বিষয় বুলি চিহ্নিত হৈ আহিছে ।

শেহতীয়াকৈ চাহ পৰ্য‍টনৰ ক্ষেত্ৰৰ ওপৰত চৰকাৰে দিয়া গুৰুত্বলৈ চাই কলিয়াবৰত পৰ্য‍টনে বিশেষ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হোৱাৰ সম্ভাৱনা প্ৰৱল আছিল । য'ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ সমীপৰ কলিয়াবৰ আৰু বোকাখাটৰ চাহ বাগিচাসমূহ বিশেষভাৱে উপকৃত হোৱাৰ প্ৰচুৰ সম্ভাৱনা প্ৰকট হৈছিল ।

ইতিমধ‍্যে কলিয়াবৰৰ কেলিডেন চাহ বাগিচা আৰু হাতীখুলি চাহ বাগিচাত পাঁচ তাৰকাযুক্ত হোটেল নিৰ্মাণৰ সিদ্ধান্ত লৈছিল চৰকাৰে । চাহ বাগিচাত পৰ্য‍টন কেন্দ্ৰ স্থাপনৰ বাবে 200 কোটি টকালৈকে ৰাজসাহাৰ্য‍্যযুক্ত ঋণ দিয়াৰ কথা ঘোষণা কৰিছিল । কিন্তু যোৱা এবছৰে এই পৰিকল্পনা কিমান দূৰ আগবাঢ়িল সেই বিষয়ে তথ‍্যৰ অভাৱ ।

1980 চনৰ পৰা ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে 27 চেপ্তেম্বৰ দিনটো বিশ্ব পৰ্যটন দিৱস হিচাপে পালন কৰি আহিছে। বিশ্ব পৰ্যটন দিৱসৰ মূল উদ্দেশ্য হৈছে আন্তৰ্জাতিক সম্প্ৰদায়ৰ মাজত সু-সমন্বয়ৰ জৰিয়তে পৰ্যটনৰ গুৰুত্ব আৰু ভূমিকাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা । সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশত পৰ্যটনে আনিব পৰা অপৰিসীম পৰিৱৰ্তন আৰু প্ৰভাৱেই এই দিৱসৰ মূল তাৎপৰ্য ।

1970 চনৰ 27 ছেপ্টেম্বৰত বিশ্ব পৰ্যটন সংস্থাই পৰ্যটন পৰিনিয়ম গ্ৰহণ কৰিছিল । 1997 চনৰ পৰা প্ৰতি বছৰে একোটা নতুন বিষয় লৈ বিশ্ব পৰ্যটন দিৱস উদযাপন কৰি আহিছে । বিশ্বৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি এই থিম যুগুত কৰা হয় । এই বছৰৰ বিষয়-বস্ত হ'ল ‘‘Tourism and Green Investments’’ অৰ্থাৎ পৰ্য‍টন আৰু সেউজ বিনিয়োগ।

এই দিৱসৰ প্ৰধান উদ্দেশ্য হৈছে আন্তৰ্জাতিক সম্প্ৰদায় আৰু পৰ্যটন কেন্দ্ৰৰ লগত সেতুবন্ধন গঢ়ি তোলা । তদুপৰি পৰ্যটনৰ ভূমিকা সম্পৰ্কে জনসচেতনতা বৃদ্ধি কৰাৰ লগতে সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক উপযোগিতাক বিশ্বব্যাপী প্ৰচাৰ কৰা এই দিৱসৰ অন্যতম উদ্দেশ্য।

পৰ্য‍টনৰ বিশাল ক্ষেত্ৰখনত প্ৰচুৰ প্ৰাকৃতিক, ঐতিহাসিক সমলৰে কলিয়াবৰখন ঐশ্বৰ্য‍্যশালী যদিও ইয়াৰ প্ৰকৃত মূল‍্যায়ণ এই পৰ্য‍ন্ত নোহোৱাত কলিয়াবৰখন এতিয়াও পৰ্য‍টন ক্ষেত্ৰখনৰ অনাদৃত হৈ আছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ এক বিস্তৃত অঞ্চল কলিয়াবৰ মহকুমাৰ অন্তৰ্গত যদিও জীৱকূলৰে পৰিপূৰ্ণ বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলৰ সৌন্দৰ্য‍্য এতিয়াও দেশী-বিদেশী পৰ্য‍্যটকে উপভোগ কৰাৰ সৌভাগ‍্যৰ পৰা বঞ্চিত হৈ আছে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ প্ৰত‍্যক্ষ সহযোগত কলিয়াবৰ মহকুমা প্ৰশাসনে ২০২০ বৰ্ষত ব্ৰহ্মপুত্ৰ নদীৰ বিশাল বুকুত আৰম্ভ কৰা নদী পৰ্য‍টনে পৰ্য‍টকক বিশেষভাৱে আকৰ্ষণ কৰে । পৰ্য‍টকৰ বাবে সাজু থকা 'স্পীড্ ব'ট'ৰ জৰিয়তে দেশী-বিদেশী পৰ্য‍টকে কলিয়াভোমোৰা দলঙৰ পৰা শিলঘাট পৰ্য‍ন্ত ব্ৰহ্মপুত্ৰৰ বুকুত নৌকা বিহাৰৰ আনন্দ লাভ কৰে । কলিয়াবৰ মহকুমাৰ অন্তৰ্গত লাওখোৱা অভয়াৰণ‍্য আৰু বুঢ়াপাহাৰ অভয়াৰণ‍্যলৈও ক'ভিডৰ মাজতে পূৰ্বতকৈ অধিক পৰ্য‍টকৰ আগমন ঘটে । এইক্ষেত্ৰত কলিয়াবৰৰ তদানীন্তন ভাৰপ্ৰাপ্ত মহকুমাধিপতি বিতোপন নেওগৰ কাৰ্য‍-কুশলতা প্ৰশংসনীয় আছিল । কিন্তু তেখেত বদলি হৈ যোৱাৰ পাচতে কলিয়াবৰৰ পৰ্য‍টনত স্থবিৰতা আহি পৰিল ।

সত্ৰৰ আৰু সাংস্কৃতিৰ নামঘৰেৰে পৰিবেষ্টিত কলিয়াবৰৰ সাংস্কৃতিক পথাৰখনে অসমৰ ইতিহাসত এক বিশেষ স্থান গ্ৰহণ কৰি আহিছে । সেয়ে, কলিয়াবৰখন সাংস্কৃতিক পৰ্য‍টনৰো বিশাল সম্ভাৰেৰে পৰিপূৰ্ণ এখন চহকী স্থানৰূপে চিহ্নিত হৈছে। বিশেষকৈ ছ-অৰা এখন সত্ৰৰে পৰিবেষ্টিত কলিয়াবৰ অসমৰ সত্ৰীয়া সংস্কৃতিৰ অন‍্যতম বৰঘৰ । সত্ৰসমূহত থকা আপুৰুগীয়া সমল, সত্ৰীয়া সাংস্কৃতিক, নৃত‍্য-ভাওনা সাংস্কৃতিক পৰ্য‍টনৰ অন‍্যতম কেন্দ্ৰবিন্দু হ'ব পাৰে ।

পবিত্ৰ ভাদ মাহ, বিভিন্ন সময়ত প্ৰদৰ্শিত গুৰুদুজনাৰ অংকীয়া ভাওনা, শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা কলিয়াবৰৰ বিভিন্ন স্থানৰ সত্ৰ তথা নামঘৰসমূহত ধৰ্মীয় নীতি-নিয়মৰে পালন কৰা হয় । সম্পূৰ্ণ সত্ৰীয়া শৈলীৰে পালন কৰা ৰাস উৎসৱ মাজুলীতকৈ কোনো গুণে কম নহয় । মাত্ৰ সঠিক পৰিকল্পনাৰে এই ৰাস উৎসৱক প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ বাবে সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজন । এই মন্তব্য সচেতন ব্যক্তিৰ ৷

লগতে পঢ়ক:Robbery in Nagaon: গৃহস্থক অচেতন কৰি প্ৰায় 17 লাখ টকাৰ আ-অলংকাৰ লুট-পাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.