ETV Bharat / state

যৌতুক বিচাৰি পত্নীক হত্যাৰ চেষ্টা ড্ৰাগছ আসক্ত স্বামীৰ

author img

By

Published : Jun 15, 2021, 11:12 AM IST

যৌতুকৰ বাবে ৰাজ্যত পুনৰ সংঘটিত হৈছে নাৰী নিৰ্যাতনৰ ঘটনা । শেহতীয়াকৈ নগাঁও জিলাৰ ৰেংবেঙৰ ছহিদপুৰত পোহৰলৈ আহিছে নাৰী নিৰ্যাতনৰ ঘটনা ৷ য’ত এজন ড্ৰাগছ আসক্ত স্বামীয়ে যৌতুক বিচাৰি পত্নীক আক্ৰমণ কৰে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী মহিলাৰ পৰিয়াল ৷

যৌতুক বিচাৰি পত্নীক হত্যাৰ চেষ্টা ড্ৰাগছ আসক্ত স্বামীৰ
যৌতুক বিচাৰি পত্নীক হত্যাৰ চেষ্টা ড্ৰাগছ আসক্ত স্বামীৰ

বঢ়মপুৰ,15 জুন : যৌতুকৰ বাবে ৰাজ্যত পুনৰ সংঘটিত হৈছে নাৰী নিৰ্যাতনৰ ঘটনা । এইবাৰ ড্ৰাগছ আসক্ত স্বামীৰ আক্ৰমণত আহত হ'ল পত্নী । নগাঁও জিলাৰ ৰেংবেঙৰ ছহিদপুৰত সংঘটিত হৈছে এই ঘটনা ।

অভিযোগ অনুসৰি, দৈনিক ড্ৰাগছ সেৱন কৰি আহি স্বামী তাছনুৰ হুছেইনে পত্নীক ধাৰাবাহিকভাৱে যৌতুকৰ নামত শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল । তাছনুৰৰ লগতে শাহুৱেক আৰু ননদৰ বিৰুদ্ধেও উঠিছে মহিলাগৰাকীক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ । স্বামীগৃহৰ অত্যাচাৰত পিতৃৰ পৰিয়ালে আ-অলংকাৰ বনাই দিয়াৰ লগতে ধনৰ যোগান ধৰিছিল জোঁৱায়েকক । সোমবাৰে পুনৰ যৌতুকৰ নামত বোৱাৰী গৰাকীক অত্যাচাৰ কৰাৰ লগতে হত্যাৰ চেষ্টা কৰাত পিতৃগৃহৰ লোক কাষ চাপে কঠিয়াতলী আৰক্ষীৰ । পাছত আহত অৱস্থাত নিশা আৰক্ষীয়ে ভুক্তভোগী বোৱাৰী গৰাকীক উদ্ধাৰ কৰি কঠিয়াতলীত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছত উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ৷

যৌতুক বিচাৰি পত্নীক হত্যাৰ চেষ্টা চলোৱা ড্ৰাগছ আসক্ত স্বামীৰ
যৌতুক বিচাৰি পত্নীক হত্যাৰ চেষ্টা ড্ৰাগছ আসক্ত স্বামীৰ

ঘটনা সন্দৰ্ভত তাছনুৰৰ লগতে অন্য অভিযুক্ত কেইজনৰ বিৰুদ্ধে কঠিয়াতলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী বোৱাৰী গৰাকীৰ পৰিয়ালে ৷ এইক্ষেত্ৰত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া সময়তহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: ত্ৰিপুৰাত 4 নাবালিকাক ধৰ্ষণ: আটক 7 অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.