ETV Bharat / state

Wild Elephant Roaming Freely: বনাঞ্চলৰ পৰা সঘনাই জনবসতিপূৰ্ণ এলেকালৈ বন্যহস্তীৰ আহ-যাহ

author img

By

Published : Dec 4, 2021, 10:55 PM IST

বন্যহস্তীৰ সঘন বিচৰণত শংকিত ননৈৰ শ’লমাৰী অঞ্চলৰ ৰাইজ (wild elephant freely roaming at nanaoi salmari) ৷ মাজনিশা প্ৰায় 200 টা বনৰীয়া হাতীৰ জাকে আৱদ্ধ কৰিলে 36 নং ৰাষ্ট্ৰীয় ঘাইপথ (approx 200 wild elephants roamimg in nagaon) ৷

Wild elephant roaming freely
জনবসতিপূৰ্ণ এলেকালৈ বন্যহস্তীৰ সঘনাই আহ-যাহ

নগাঁও, 4 ডিচেম্বৰ: নগাঁৱৰ ননৈ শ’লমাৰী অঞ্চলত নিশা বনৰীয়া হাতীৰ বৃহৎ জাক এটাই উপদ্ৰৱ চলায় (Wild elephant roaming freely) ৷ 200 টাৰো অধিক বনৰীয়া হাতীৰ জাকটোৱে খেতি পথাৰ সমূহৰ বিস্তৰ ক্ষতি সাধন কৰে ৷ ধাননি পথাৰৰ লগতে সৰিয়হ খেতিও তহিলং কৰে হাতীৰ জাকটোৱে ৷

Wild elephant roaming freely
জনবসতিপূৰ্ণ এলেকালৈ বন্যহস্তীৰ সঘনাই আহ-যাহ

উল্লেখযোগ্য যে, কন্দলী বনাঞ্চলৰ পৰা নিশা প্ৰায় 200 টাৰো অধিক বনৰীয়া হাতীয়ে 36 নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ ননৈ শ’লমাৰী অঞ্চলত প্ৰৱেশ কৰে ৷ কেইবাটাও পোৱালিৰ সৈতে জাকটোৱে সেই দুটা অঞ্চলত বহু সময় ধৰি উপদ্ৰৱ চলায় ৷

জনবসতিপূৰ্ণ এলেকালৈ বন্যহস্তীৰ সঘনাই আহ-যাহ

ৰাষ্ট্ৰীয় ঘাই পথেৰে এনেদৰে হাতীৰ জাকটো পাৰ হোৱাত বহু সময় ধৰি আৱদ্ধ হৈ পৰে যান-বাহন সমূহ ৷ নগাঁও সদৰ আৰু কঠিয়াতলি বন বিষয়াৰ কাৰ্যালয়ৰ বনকৰ্মী সকলে হাতী খেদাৰ ক্ষেত্ৰত স্থানীয় ৰাইজক সহযোগিতা আগবঢ়াই যদিও সঘনাই হৈ থকা এই হাতী-মানুহৰ সংঘাত ৰোধ কৰিব পৰা নাই তেওঁলোকে ৷ বনাঞ্চল সমূহ ধ্বংস কৰাৰ কাৰণেই এই হাতী-মানুহৰ সংঘাত বৃদ্ধি পাইছে বুলি গঞা ৰাইজে মত প্ৰকাশ কৰিছে ৷

লগতে চাওক : Wild Elephant Menace in Sivsagar : দিখৌমুখত নেমু খেতিৰে ৰোধিছে বনৰীয়া হাতীৰ উপদ্ৰৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.