ETV Bharat / state

Cattle syndicate: কলিয়াবৰত চোৰাং গৰুভৰ্তি ডাক বিভাগৰ ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত

author img

By

Published : Dec 22, 2021, 8:21 PM IST

Cattle syndicate
কলিয়াবৰত চোৰাং গৰু ভৰ্তি ডাক বিভাগৰ ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত

গৰু চিণ্ডিকেট চক্ৰৰ নতুন কৌশল । ডাক বিভাগৰ ট্ৰাকত গৰু সৰবৰাহৰ চেষ্টা দুষ্ট চক্ৰৰ । কলিয়াবৰত চোৰাং গৰুভৰ্তি এখন ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত(Truck full of cattle crashes in Kaliabor)। আৰক্ষীৰ তদন্ত অব্যাহত ।

কলিয়াবৰ, ২২ ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে গৰুৰ চিণ্ডিকেট । দুষ্টচক্ৰই প্ৰতিদিনে অসমৰ মাজেৰে চোৰাং গৰুৰ সৰবৰাহ অব্যাহত ৰাখিছে । আৰক্ষীয়ে বিভিন্ন সময়ত অভিযান চলাই এই কাৰ্যকলাপ ৰোধৰ চেষ্টা চলাইছে যদিও নতুন নতুন কৌশল অৱলম্বন কৰিছে সৰবৰাহকাৰীয়ে ।

আৰক্ষীৰ চকুত ধুলি দি দুষ্টচক্ৰৰ একাংশই গৰু সৰবৰাহৰ বাবে লৈছে বিভিন্ন কৌশল । এইবাৰ ডাক বিভাগৰ বাহনত গৰু সৰবৰাহৰ চেষ্টা চিণ্ডিকেট চক্ৰৰ । নগাঁও জিলাৰ কলিয়াবৰৰ এক দুৰ্ঘটনাৰ পাছতে এই কথা পোহৰলৈ আহিছে ।

উল্লেখ্য যে বুধবাৰে পুৱা কলিয়াবৰৰ বৰুৱাচুকৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হয় ডাক বিভাগৰ এখন কণ্টেইনাৰ ট্ৰাক (Truck full of cattle crashes in Kaliabor)। লগে লগে হুৱা-দুৱা লাগিল অঞ্চলটোত । স্থানীয় লোকসকলে ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে । কিন্তু তেতিয়াই লোকসকল আচৰিত হয় ।

কলিয়াবৰত চোৰাং গৰু ভৰ্তি ডাক বিভাগৰ ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত

কাৰণ ডাক বিভাগৰ কণ্টেইনাৰ ট্ৰাকখনৰ ভিতৰত আছিল প্ৰায় ২৫ টা গৰু । দুৰ্ঘটনাটোত প্ৰায় ৭ টা গৰুৰ মৃত্যু হৈছে । AS-০১-CC-০০৭৪ নম্বৰৰ বাহনখন যে গৰু সৰবৰাহৰ লগত জড়িত আছে সেই কথা বুজিবলৈ বাকী নাথাকিল স্থানীয় লোকসকলৰ । স্থানীয় লোকসকলে আৰক্ষীক খবৰ দিয়ে আৰু লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় ।

লক্ষণীয়ভাৱে দুৰ্ঘটনা সংঘটিত কৰিয়ে সেই স্থানৰ পৰা পলায়ন কৰে চালকে । জানিব পৰা মতে উজনিৰ দিশৰ পৰা আহি আছিল বাহনখন । পুৱা প্ৰায় ৫.৩০ বজাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ সমীপৰ এজোপা গছত খুণ্ডা মাৰে বাহনখনে । ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক :Illegal Saw mill seized : বন বিভাগৰ অভিযানত জব্দ অবৈধ কাঠফলা মিল-কাঠৰ কুণ্ডা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.