ETV Bharat / state

Theft in Nagaon: মৰিকলঙৰ কাপোৰৰ দোকানৰ পাৰ চোৰে লুটি নিলে নগদ 13 লাখ টকা

author img

By

Published : Feb 25, 2023, 1:10 PM IST

মৰিকলং আৰক্ষীৰ ব্যৰ্থতা উদঙাই আৰক্ষী চকীৰ কাষৰে এখন কাপোৰৰ দোকানত চোৰে চলালে লুটপাট (Theft in Nagaon) ৷ বৃহস্পতিবাৰে নিশা দোকানখনৰ পৰা চোৰে লুটি নিলে নগদ 13 লাখ টকা ৷ এই পৰ্যন্ত চোৰৰ সন্ধান উলিওৱাত ব্যৰ্থ আৰক্ষী ৷

Theft in Nagaon
মৰিকলঙৰ কাপোৰৰ দোকানৰ পাৰ চোৰে লুটি নিলে নগদ 13 লাখ টকা

মৰিকলঙৰ কাপোৰৰ দোকানৰ পাৰ চোৰে লুটি নিলে নগদ 13 লাখ টকা

নগাঁও, 25 ফেব্ৰুৱাৰী: বিগত কিছুদিন ধৰি নগাঁৱত অব্যাহত আছে চোৰৰ উপদ্ৰৱ ৷ নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত সঘনাই চুৰিৰ ঘটনা সংঘটিত হোৱাক লৈ শংকিত হৈ পৰিছে নগাঁৱৰ ৰাইজ । এইবাৰ নগাঁৱৰ মৰিকলং আৰক্ষীক যেন চোৰৰ চেলেঞ্জ ৷ মৰিকলং আৰক্ষী চকীৰ নিচেই কাষৰে এখন দোকানত চলিল চোৰৰ চাফাই অভিযান (Theft at Morikolong) ৷ চোৰে দোকানখনৰ পৰা লুটি নিলে 13 লাখ নগদ টকা ।

উল্লেখ্য যে, শেহতীয়াকৈ নগাঁৱ চহৰত বৃদ্ধি পাইছে চুৰিকাণ্ডৰ ঘটনা ৷ বৃহস্পতিবাবে নিশা মৰিকলং আৰক্ষী চকীৰ কাষতে লাগি থকা শ্বাহ মোল্লা নামৰ লোকজনৰ পাইকাৰী দোকানত চোৰৰ লুটপাট (Nagaon Burglary case) ৷ নগাঁৱৰ লাওগাঁৱৰ বাসিন্দা শ্বাহা মোল্লাই নগাঁও চহৰৰ মৰিকলঙত কাপোৰৰ এখন পাইকাৰী দোকানেৰে দেখিছিল স্বাৱলম্বী হোৱাৰ সপোন । হয়তো আটাইতকৈ নিৰাপদ স্থান বিচাৰিয়েই মৰিকলং আৰক্ষী চকীৰ কাষতে আৰম্ভ কৰিছিল কাপোৰৰ পাইকাৰী দোকান (Theft at cloth store in Nagaon) ।

কিন্তু আৰক্ষী চকীৰ নিচেই কাষতেই থকা দোকানখনৰ পৰাও চোৰে লুটপাট চলাই একপ্ৰকাৰ সৰ্বস্বান্ত কৰিলে শ্বাহ মোল্লাক । ৰোহণ ষ্ট’ৰ নামৰ পাইকাৰী কাপোৰৰ দোকানখনৰ স্বাত্বাধিকাৰী শ্বাহ মোল্লা ৷ শুকুৰবাৰে পুৱাহে দোকানখনত চোৰে লুটাপাট চলাই নগদ 13 লাখ টকা লৈ উধাও হোৱাৰ কথা অৱগত হয় স্বত্বাধিকাৰগৰাকী ৷ এই চুৰিকাণ্ড সন্দৰ্ভত ৰোহণ ষ্ট’ৰৰ স্বত্বাধিকাৰী শ্বাহ মোল্লাই মৰিকলং আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ (cash looted form cloth store) ৷

এই এজাহাৰৰ ভিত্তিতেই মৰিকলং আৰক্ষীৰ লগতে সদৰ আৰক্ষী থানাৰ এটা দলে শুকুৰবাৰে দোকানখনত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে ৷ কিন্তু ঘটনাৰ 24 ঘণ্টাতকৈ অধিক সময় পাৰ হৈ যোৱাৰ পাচতো আৰক্ষীয়ে উলিয়াব পৰা নাই একো সন্ধান (Morikolong Police station) ৷

মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ দায়িত্বত আছে অসম আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভা (SI Junmoni Rabha) ৷ মৰিকলং আৰক্ষী চকীৰ এলেকাৰ লগতে নগাঁৱৰ বিভিন্ন স্থানত জোনমণি ৰাভাই অভিযান অব্যাহত ৰাখিছে যদিও সন্ধান উলিয়াব পৰা নাই চোৰৰ ৷

আৰক্ষী চকীৰ কাষতেই সংঘটিত হোৱা এই চুৰিকাণ্ড আৰু নগদ 13 লাখ টকা লুটি লৈ যোৱাৰ ঘটনাই এতিয়া উদঙাইছে মৰিকলং আৰক্ষীৰ ব্যৰ্থতা ৷ ক্ৰমবৰ্দ্ধমান হাৰত চহৰখনত সংঘটিত হোৱা চুৰিকাণ্ডৰ বাবে সম্প্ৰতি নিৰাপত্তাহীনতাত ভুগিছে ৰাইজ ৷

লগতে পঢ়ক: Bank loan frauds in Nagaon: বেংকৰ ঋণ প্ৰদানৰ নামত নগাঁৱত কোনে সৰকাইছে কোটি কোটি টকা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.