ETV Bharat / state

Nagaon theft incident: বিহুৰ বতৰত দিন দুপৰতে নগাঁৱত চোৰে চলালে লুট পাত

author img

By

Published : Apr 18, 2023, 10:05 PM IST

ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতেই নগাঁৱত চোৰৰ চাফাই অভিযান । এগৰাকী শিক্ষয়িত্ৰীৰ ঘৰত চোৰৰ লুট-পাত অভিযান । ঘৰত কোনো নথকাৰ সুযোগ লৈ দিন দুপৰতে চোৰে লুটি নিলে নগদ ধনসহ সোণৰ গহণা (theft incident in Nagaon in broad daylight) । চোৰৰ বিৰুদ্ধে অভিযান আৰম্ভ নগাঁও আৰক্ষীৰ ।

theft incident happened in nagaon
নগাঁৱত চোৰে চলালে লুটপাত

নগাঁৱত চোৰে চলালে লুটপাত

নগাঁও, 18 এপ্ৰিল : বিহুৰ আনন্দ উল্লাস অব্যাহত থকাৰ মাজতে মঙলবাৰে নগাঁও চহৰত সংঘটিত হয় এক চুৰিকাণ্ড । নিশাৰ আন্ধাৰত নহয় এইবাৰ দিনৰ পোহৰতেই এগৰাকী শিক্ষয়িত্ৰীৰ ঘৰত চোৰে চলালে চাফাই অভিযান । মঙলবাৰে নগাঁও চহৰৰ লাওখোৱা ৰোডৰ কৃষ্ণ নগৰৰ শিক্ষয়িত্ৰী সীমা বৰা বিদ্যালয়লৈ যোৱাৰ পিচতেই ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি সীমা বৰাৰ বাসগৃহত লুটপাত চলায় চোৰে (theft incident in Nagaon) ।

ঘৰত কোনো নথকাৰ সুযোগ লৈয়ে চোৰে বাসগৃহটোৰ পাছফালৰ দৰ্জা ভাঙি ভিতৰত প্ৰৱেশ কৰি বহু পৰিমাণৰ সোণৰ আ-অলংকাৰৰ লগতে নগদ প্ৰায় ৪০ হাজাৰ টকাও লুট কৰি নিয়ে । ঘৰলৈ আহি সীমা বৰাই তলা খুলিব নোৱাৰি ভায়েকক খবৰ দিয়াত দুয়োৱে ঘৰত প্ৰৱেশ কৰি সকলো সামগ্ৰী লণ্ডভণ্ড অৱস্থাত প্ৰত্যক্ষ কৰে । ঘৰৰ ভিতৰৰ আলমাৰীৰ দুৱাৰো ভঙা অৱস্থাত প্ৰত্যক্ষ কৰে তেওঁলোকে । শিক্ষয়িত্ৰী গৰাকীৰ বাসগৃহত চুৰি হোৱা বুলি অৱগত হোৱাৰ পিছতেই সীমা বৰাৰ ভায়েকে আৰক্ষীক খবৰ দিয়ে ৷

পৰৱৰ্তী সময়ত নগাঁও আৰক্ষীৰ এটা দল উপস্থিত হৈ লাওখোৱা ৰোডৰ সীমা বৰাৰ বাসগৃহত সংঘটিত হোৱা চুৰি কাৰ্যৰ বুজ লয় । নগাঁও আৰক্ষীয়ে চুৰি কাৰ্যৰ তদন্ত আৰম্ভ কৰাৰ লগতে চোৰৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান । এগৰাকী শিক্ষয়িত্ৰীৰ ঘৰত দিন দুপৰতে সংঘটিত হোৱা চুৰি কাণ্ডই উদ্বিগ্ন কৰি তুলিছে নগাঁও চহৰৰ সচেতন লোকক (theft incident happened in Nagaon) ।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নগাঁও জিলা এলেকা বাগৰিত এটা এশিঙীয়া গঁড়ৰ খৰ্গ কাটি লৈ উধাও হোৱা চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে । চোৰাং গঁড় চিকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানত নগাঁও আৰক্ষীয়ে লাভ কৰিছে সফলতা । গঁড় চিকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ মাজতে নগাঁও চহৰত চোৰে এগৰাকী শিক্ষয়িত্ৰীৰ বাসগৃহৰ পৰা সোণৰ গহণা, নগদ ধন লুটি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁৱত (Nagaon theft incident) ।

লগতে পঢ়ক : Anti drugs drive: ড্ৰাগ ডিষ্ট্ৰিব্যুটৰৰ নামত মানকাচৰত চলিছে বৰবিহৰ বেহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.