ETV Bharat / state

Silghat Jute Mill Press Meet:অসম সমবায় মৰাপাট কল কৰ্তৃপক্ষই কিয় দিবলগীয়া হ’ল সংবাদমেল ?

author img

By

Published : Jun 27, 2023, 7:34 PM IST

Jute Mill Press Meet at Kaliabor
মৰাপাট উদ্যোগ

শিলঘাটস্থিত অসম সমবায় মৰাপাট কলৰ আভ্যন্তৰীণ বিভিন্ন কাম-কাজৰ অভিযোগক লৈ প্ৰকাশিত বাতৰিয়ে কলটোৰ ভিতৰচ’ৰাত কৰ্মচাৰীসকলে কাম কৰাত অসুবিধাৰ সৃষ্টি কৰিছে ৷ সবিশেষ আগলৈ-

সংবাদমেল

কলিয়াবৰ, 27 জুন : শিলঘাটস্থিত অসম সমবায় মৰাপাট কলটোৰ আভ্যন্তৰীণ বিষয় অৱগত কৰি পৰিচালক মণ্ডলীৰ সভাপতিলৈ কলটোৰ কৰ্মচাৰীয়ে প্ৰেৰণ কৰা পত্ৰ সমন্ধে প্ৰকাশিত বাতৰি সন্দৰ্ভত এখনি সংবাদমেলৰ আয়োজন কৰা হৈছে ৷ অসম সমবায় মৰাপাট কলটোৰ অভ্যন্তৰৰ পৰাই পুঁজি বিনিয়োগৰ ক্ষেত্ৰত অনিয়ম হৈছে বুলি উত্থাপন কৰা অভিযোগ সম্পৰ্কত অসম সমবায় মৰাপাট কল কৰ্তৃপক্ষই আয়োজন কৰিছে এই সংবাদমেলখনৰ ।

মৰাপাট কল কৰ্তৃপক্ষৰ হৈ মঙলবাৰে সংবাদমেল সম্বোধন কৰে পৰিচালন সঞ্চালক গুণমনি গগৈয়ে । কলিয়াবৰ প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা সংবাদমেলত সমবায় খণ্ডৰ মৰাপাট উদ্যোগটোত সংঘটিত অনিয়ম-দুৰ্নীতিৰ সম্পৰ্কত অধ্যক্ষৰ মত সাপেক্ষে তদন্তৰ ব্যৱস্থা কৰাৰ মতপোষণ কৰে পৰিচালন সঞ্চালকগৰাকীয়ে । প্ৰকাশিত বাতৰিৰ পিচত এতিয়া সকলোৱে অপেক্ষা কৰিছে তদন্তলৈ ।

তদুপৰি, একাংশ সংবাদ মাধ্যমত ব্যক্তি বিশেষক দোষী কৰা বিষয়টোতো উদ্বেগ প্ৰকাশ কৰে কল কৰ্তৃপক্ষই । আনহাতে, ক্ৰমাৎ উৰ্ধগামী হৈছে মৰাপাট উদ্যোগটোৰ লাভ । সংবাদমেলত এই সন্দৰ্ভত পৰিচালন সঞ্চালকগৰাকীয়ে কয় – উদ্যোগটোত নতুনকৈ সংযোজিত হৈছে অত্যাধুনিক যন্ত্ৰপাতি সংযোজনেৰে দ্বিতীয়টো গোট । পৰীক্ষামূলক উৎপাদন আৰম্ভ হোৱা দ্বিতীয়টো গোট অহা ২ জুলাইত মুকলি হোৱাৰ সম্ভাৱনা আছে । দ্বিতীয়টো গোটত নতুনকৈ ৪৫০ ৰ পৰা ৫০০ লোকে লাভ কৰিব নিযুক্তি । ইতিমধ্যে কৰ্মী-কৰ্মচাৰীৰ বাচনি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগতে অহা ২ জুলাইৰ পৰা পৰ্যায় ক্ৰমে আৰম্ভ হ'ব নিযুক্তি ।

উল্লেখ্য যে, অসম সমবায় মৰাপাট কলৰ চৌহদত চলিছে নিৰ্মাণ কাৰ্য ৷ নতুনকৈ গৃহ নিৰ্মাণ হোৱাৰ সমান্তৰালকৈ চলিছে পুৰণি গৃহৰ মেৰামতি ৷ পিছে মন কৰিবলগীয়া কথাটো হ’ল যে এই উন্নয়নমূলক কামৰ লগতে কলটোত চলিছে বিভিন্ন দুৰ্নীতিমূলক কাম ৷ তাৰেই প্ৰতিবাদস্বৰূপে কৰ্মৰত কৰ্মচাৰীয়ে পৰিচালন মণ্ডলীৰ অধ্যক্ষ কেশৱ মহন্তক অভিযোগসমূহ পত্ৰৰ জৰিয়তে অৱগত কৰে ৷ তাৰ পিচতেই সংবাদমাধ্যম আৰু বিভিন্ন বাতৰি কাকতত কলটোৰ সন্দৰ্ভত বিভিন্ন বা-বাতৰি প্ৰচাৰ হৈ থকাৰ পৰিপ্ৰেক্ষিততেই আজিৰ এই সংবাদমেলৰখনিৰ আয়োজন কৰে কৰ্তৃপক্ষই ৷

লগতে পঢ়ক : Protest of court employees: ৰাজ্যজুৰি স্তব্ধ ন্যায়ালয়ৰ কাম-কাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.