ETV Bharat / state

কৰ’ণাত আক্ৰান্ত একেটা পৰিয়ালৰে ৭ গৰাকী

author img

By

Published : May 4, 2021, 5:37 PM IST

ৰূপহীহাটৰ ধিং গাঁৱত একেটা পৰিয়ালৰে ৭ জন সদস্য কৰ'ণাত আক্ৰান্ত । সম্প্ৰতি অঞ্চলটো কনটেইণ্টমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে । ১৪ দিনৰ বাবে কোৱাৰেণ্টাইনত থাকিব লাগিব পৰিয়ালটো ।

Seven members of a family tested covid positive
ৰূপহীহাটত একেটা পৰিয়ালৰে ৭ জন সদস্য কৰ'ণাত আক্ৰান্ত

ৰূপহীহাট,4 মে': ৰাজ্যত ক্ৰমান্বয়ে বাঢ়ি আছে ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা । ২০২০ চনত মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ পুনৰাবৃত্তি হোৱাৰ আশংকাই দেখা দিছে । ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে নগাঁও জিলাতো মহামাৰীৰ সংক্ৰমণ বৃদ্ধি পাইছে ।

শেহতীয়াকৈ নগাঁৱৰ ৰূপহীহাটৰ জুৰীয়াৰ পাৰ্শ্বৱৰ্তী ধিং গাঁৱত একেটা পৰিয়ালৰ ৭ জনকৈ সদস্যৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ অৱস্থিতি । এই ঘটনাৰ পিছতে জিলা প্ৰশাসনে অঞ্চলটো কনটেইণ্টমেণ্ট জ'ন হিচাপে ঘোষণা কৰে ।

অঞ্চলটোত আন লোকৰ অহা-যোৱা নিষিদ্ধ কৰাৰ লগতে আক্ৰান্ত লোকসকলক ১৪ দিনৰ বাবে কোৱাৰেণ্টাইনত থকাৰ নিৰ্দেশ দিছে স্বাস্থ্য বিভাগে ।

লগতে পঢ়ক: কাজিৰঙাত বাহন ভাঙি সোমাল প্ৰকাণ্ড গছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.