ETV Bharat / state

Nagaon Police Officers Inhuman Act : নগাঁৱৰ আৰক্ষী বিষয়াৰ বিৰুদ্ধে নিৰীহক অত্যাচাৰৰ অভিযোগ

author img

By

Published : Mar 23, 2023, 10:46 AM IST

Updated : Mar 23, 2023, 1:07 PM IST

নগাঁৱৰ এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ (Serious allegations against Nagaon police officer) । কম দৰত বাঁহ নিদিয়াৰ বাবেই বাঁহ ব্যৱসায়ী যুৱকক নিৰ্মম প্ৰহাৰৰ অভিযোগ এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে । কেৱল এয়াই নহয় ৰাস্তাৰ কাষত ঠেলা ৰখোৱাৰ বাবেই জীৱিকাৰ একমাত্ৰ সম্বল ঠেলাখন ভাঙি পেলোৱাৰো অভিযোগ আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে । মুঠৰ ওপৰত ড্ৰাগছকে ধৰি বিভিন্ন অপৰাধ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলেও নিৰীহ লোকৰ ওপৰত যেন বীৰত্ব প্ৰদৰ্শনত কৃপাণলি নকৰে নগাঁও আৰক্ষীৰ একাংশ বিষয়াই ।

Nagaon police
Nagaon police

নগাঁৱত নিৰীহৰ ওপৰত আৰক্ষীৰ অত্যাচাৰৰ অভিযোগ

নগাঁও, ২৩ মাৰ্চ : ড্ৰাগছ নিয়ন্ত্ৰণত ব্যৰ্থ নগাঁও আৰক্ষী (Nagaon police failed to control drugs) ! কিন্তু নিৰীহৰ ওপৰত বীৰত্ব একাংশ বিষয়াৰ ! আৰক্ষী বিষয়াৰ প্ৰহাৰত ফাটিল যুৱকৰ কাণৰ পৰ্দা! হয়, এনে এক ভয়ংকৰ অভিযোগেই উত্থাপন হৈছে নগাঁও আৰক্ষীৰ এগৰাকী উপ-পৰিদৰ্শকৰ বিৰুদ্ধে (harassment allegation against Nagaon police) । ঘটনাটো ৯ মাৰ্চৰ । নগাঁও সদৰ আৰক্ষী থানাৰ সমীপৰে এইগৰাকী বাঁহ ব্যৱসায়ীৰ পৰা বাঁহ ক্ৰয় কৰে নগাঁও আৰক্ষীৰ নগৰ শাখাৰ উপ-পৰিদৰ্শকগৰাকীয়ে । সেইদৰে ৯ মাৰ্চৰ দিনাও বাঁহ ক্ৰয় কৰিবলৈ গৈছিল আৰক্ষী বিষয়াগৰাকী ।

সেই সময়ত আছিল বাঁহ ব্যৱসায়ীগৰাকীৰ পুত্ৰ জুবাহিৰ আহমেদ । জুবাহিৰৰ সৈতে বাঁহৰ দৰ-দাম কৰে যদিও কম মূল্যত বাঁহ নিদিয়াৰ বাবেই যুৱকজনক উপৰ্যুপৰি প্ৰহাৰ কৰাৰ অভিযোগ জনৈক গগৈ উপাধিৰ আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে (Serious allegations against Nagaon police officer) । কেৱল প্ৰহাৰ কৰাই নহয়, যুৱকজনক থানালৈ লৈ যোৱাৰ পিছত যুৱকজনৰ লগতে পিতৃৰো চহী কৰাই ৰখাৰ অভিযোগ উত্থাপিত হৈছে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে (Innocent Harassment by nagaon police) ।

পৰৱৰ্তী সময়ত যুৱকজনৰ কাণৰ পৰীক্ষা কৰাত কাণৰ পৰ্দা ফাটি যোৱা বুলি অৱগত হয় পৰিয়ালৰ লোক । কেৱল সিমানেই নহয়, একেগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে বুধবাৰেই উত্থাপন হৈছে নিৰীহ ঠেলাচালকক অত্যাচাৰ কৰাৰ গুৰুতৰ অভিযোগ (Nagaon police alleged torturing innocents) । পুৱাতেই নগাঁও নগৰ আৰক্ষীৰ উপ-পৰিদৰ্শকগৰাকীৰ বিৰুদ্ধে গুণ্ডামিৰ অভিযোগ তুলি উচুপি উঠে দীপ কুমাৰ নামৰ ঠেলা চালকজনে ।

দীপ কুমাৰৰ অভিযোগ, পুৱাতেই পথৰ কাষত ঠেলা ৰখাই থোৱাৰ বাবেই আৰক্ষী বিষয়াগৰাকীয়ে মৰিয়াই ভাঙিলে তেওঁৰ জীৱিকাৰ একমাত্ৰ সম্বল ঠেলাগাড়ীখন । নগাঁও নগৰ শাখাৰ আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে উত্থাপিত দুয়োটা গুৰুতৰ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া গ্ৰহণৰ চেষ্টা কৰা হৈছিল যদিও কোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকে আৰক্ষী বিষয়াগৰাকী । স্মৰ্তব্য যে ড্ৰাগছকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপ ৰোধ কৰাত চূড়ান্তভাৱে ব্যৰ্থ নগাঁও আৰক্ষীৰ এইগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ।

লগতে পঢ়ক :Eviction in Guwahati: শিলসাঁকোৰ পিচত উচ্ছেদক লৈ আতংকিত বিলপাৰবাসী

Last Updated :Mar 23, 2023, 1:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.