ETV Bharat / state

ৰূপহীহাটত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

author img

By

Published : Jan 25, 2021, 5:58 PM IST

দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ সোমবাৰে ৰূপহীহাটৰ জুৰীয়াতো উদযাপন কৰা হয় ৰাষ্ট্ৰীয় ভোটাৰ দিৱস ৷

As_Rup_national-voters-day-celebration_vis_ASC10021
ৰূপহীহাটত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ৰূপহীহাট,15 জানুৱাৰী : ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ৰূপহীহাটৰ জুৰীয়াতো উদযাপন কৰা হয় ৰাষ্ট্ৰীয় ভোটাৰ দিৱস ৷ জুৰীয়া থানা ৰোড তিনি আলিত বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় এই দিৱস ৷ গীত-নৃত্যৰ জৰিয়তে সাধাৰণ ৰাইজক ভোটাধিকাৰৰ সন্দৰ্ভত সজাগ কৰি তুলিবলৈ প্ৰয়াস কৰে একাংশ ছাত্ৰ-ছাত্ৰীয়ে ৷ এই অনুষ্ঠানত উপস্থিত থাকে ৰূপহী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মন্দিৰা বেগমৰ লগতে কাৰ্যালয়টোৰ একাংশ কৰ্মচাৰী ৷

ৰূপহীহাটত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

উল্লেখ্য যে, দেশৰ জনসাধাৰণক নিজৰ ভোটাধিকাৰ ক্ষমতা আৰু ভোটদান প্ৰক্ৰিয়া সন্দৰ্ভত সজাগ কৰি তোলাৰ বাবে প্ৰতিবছৰে অনুষ্ঠিত কৰা হয় ৰাষ্ট্ৰীয় ভোটাৰ দিৱস ৷

লগতে পঢ়ক-অসম আৰক্ষীৰ কেইবাগৰাকীয়ো বিষয়ালৈ বিশেষ ৰাজ্যিক সন্মান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.