ETV Bharat / state

Royal Bengal Tiger at Kaliabor : কলিয়াবৰত বনৰজাৰ মুক্ত বিচৰণ

author img

By

Published : Mar 2, 2023, 11:02 AM IST

Kaliabor
Kaliabor

কলিয়াবৰত ঢেকীয়াপতীয়াৰ মুক্ত বিচৰণ (Royal Bengal Tiger at Kaliabor) । দুটা স্থানত বনৰজাৰ মুক্ত বিচৰণৰ খবৰ । কলিয়াবৰ চাহ বাগিচাৰ উপৰি শিলঘাটৰ ত্ৰিশূলধাৰীত ঢেকীয়াপতীয়া বাঘৰ মুক্ত বিচৰণৰ খবৰ । বন বিভাগৰ লোকৰ বাঘ খেদিবলৈ অভিযান ।

কলিয়াবৰত ঢেকীয়াপতীয়াৰ সন্ত্ৰাস

কলিয়াবৰ, ২ মাৰ্চ : কলিয়াবৰত ওলাইছে ঢেকীয়াপটীয়া বাঘ । কলিয়াবৰৰ দুটা স্থানত ঢেকীয়াপতীয়া বাঘৰ বিচৰণৰ খবৰ লাভ কৰা হৈছে (free movement of Royal Bengal Tiger at Kaliabor) । শিলঘাটৰ ত্ৰিশূলধাৰীৰ স্থানীয় লোকে বাঘ প্ৰত্যক্ষ কৰি এই দৃশ্য বন্দী কৰিলে মোবাইল ফোনৰ কেমেৰাত (Royal Bengal Tiger at Kaliabor tea garden) । কলিয়াবৰ চাহ বাগিচাত বনৰজাৰ আতংক অব্যাহত থকাৰ সময়তে শিলঘাটৰ ত্ৰিশূলধাৰীতো বিচৰণ কৰিছে ঢেকীয়াপতীয়া বাঘে (Royal Bengal Tiger at Trishuldhary Kaliabor) ।

উল্লেখ্য, কলিয়াবৰ চাহ বাগচাত বিচৰণ কৰি থকা ঢেকীয়াপতীয়া বাঘটো পাহাৰলৈ খেদি পঠাবৰ বাবে কলিয়াবৰ চাহ বাগিচাৰ মাজে মাজে বন বিভাগে অভিযান অব‍্যাহত ৰাখিছে । ইতিমধ‍্যে শিলঘাট-কামাখ্যা পথত পথাচাৰীৰ নিৰাপত্তাৰ বাবে পহৰা দিয়াৰ ব্যৱস্থা কৰিছে বন বিভাগে (forest department operation to Royal Bengal Tiger) । একে সময়তে শিলঘাটৰ ত্ৰিশূলধাৰী অঞ্চলত পুনৰ এটা ঢেকীয়াপতীয়া বাঘে বিচৰণ কৰি থকাৰ দৃশ‍্য মোবাইলৰ কেমেৰাত বন্দী হোৱাৰ খবৰ লাভ কৰাত স্বাভাৱিকতে অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে ।

স্থানীয় বাসিন্দাৰ ভাষ্য অনুযায়ী বিগত কিছুদিন ধৰি কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ গাতে লাগি থকা কলিয়াবৰ চাহ বাগিচাত ঢেকীয়াপতীয়া বাঘে বিচৰণ কৰিছে । যাৰ বাবে স্থানীয় লোকসকল তীব্ৰ আতংকত ভুগিছে । বিগত কেইবাদিনো ধৰি সন্ত্ৰাস চলাই আহিছে বনৰজাই । খাদ্যৰ সন্ধানতে বনৰজাই বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰা বুলি অনুমান কৰা হৈছে । আনহাতে, বাঘটো পাহাৰলৈ খেদি পঠাবলৈ তৎপৰ হৈ পৰিছে বন বিভাগৰ লোক । উল্লেখ্য যে বিগত কিছুদিন ধৰি কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ গাতে লাগি থকা কলিয়াবৰ চাহ বাগিচাত ঢেকীয়াপতীয়া বাঘে বিচৰণ কৰিছিল ।

শিলঘাট-কামাখ্যা পথেৰে বাঘটোৱে অহা-যোৱা কৰাৰ লগতে উক্ত অঞ্চলত বনৰজাই নিধন কৰিছিল কেইবাটাও পশুধন । যাৰ ফলত অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ আতংকৰ । এক প্ৰকাৰ দীৰ্ঘ সময় ধৰি সন্ত্ৰাস চলাই আহিছে বনৰজাই । শিলঘাট-কামাখ্যা পথৰে দিনতে অহা-যোৱা কৰিবলৈ ভয় কৰা হৈছে স্থানীয় লোক তথা চাহ শ্ৰমিকে । ইফালে উক্ত স্থানত উপস্থিত হৈছে বন বিভাগৰ লোক । ধাৰাবাহিক বাতৰিৰ পাছতেই বনৰজাক খেদিবলৈ উপস্থিত হয় বন বিভাগৰ লোক । এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘ দৌৰি হাবিৰ মাজলৈ সোমাই যোৱাও পৰিলক্ষিত হৈছে । সেয়ে বাঘ বিচাৰি অভিযান অব্যাহত ৰাখিছে বন বিভাগৰ লোকে ।

উল্লেখ্য, যে কাজিৰঙাৰ সমীপৱৰ্তী অঞ্চলবোৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park) তথা সমীপৱৰ্তী পাহাৰৰ পৰা বিভিন্ন সময়ত বন্যপ্ৰাণী বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহাৰ বাতৰি পোৱা যায় । গঁড়, হাতী, বাঘ, হৰিণ আদি বন্যজন্তুৱে জনাঞ্চলত আহি মুকলি বিচৰণ কৰাৰ লগতে বহু ক্ষেত্ৰত ধন-জনৰো ক্ষতি কৰিছে । বন্যপ্ৰাণীয়ে খেতি-সম্পত্তি নষ্ট কৰাৰ লগতে বহু সময়ত মানুহৰ জীৱনলৈও সংশয় নামি আহিছে । আনহাতে, এনেদৰে জনাঞ্চললৈ ওলাই অহা বন্যপ্ৰাণীয়ে কৰুণ মৃত্যুক সাবটি ল'বলগা ঘটনাও সংঘটিত হৈছে । তাৰে এক কৰুণ উদাহৰণ হৈছে শেহতীয়াভাৱে কাজিৰঙাৰ পৰা ওলাই আহি গোলাঘাটত দিকবিদিক হেৰুৱাই মৃত্যুক সাবটিবলগা হোৱা এটা গঁড়ৰ ঘটনা ।

লগতে পঢ়ক :AJYCP protest in Nalbari: চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ দাবীত এ জে ৱাই চি পিৰ অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.