ETV Bharat / state

ড৹ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ সকলো লোকৰ মুখ্যমন্ত্ৰী নহয় বুলি কিয় ক’লে ৰকিবুল হুছেইনে ?

author img

By

Published : Sep 7, 2021, 5:58 PM IST

মুখ্যমন্ত্ৰীক সমালোচনা একালৰ সতীৰ্থ তথা বৰ্তমান কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইনৰ ৷ ড৹ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ সকলোৰে বাবে মুখ্যমন্ত্ৰী নহয় বুলি উল্লেখ কৰিলে ৰকিবুল হুছেইনে ৷

ROCKYBUL_ HUSSAIN
বিধায়ক ৰকিবুল হুছেইন

চামগুৰি, 7 ছেপ্টেম্বৰ : ‘‘ড৹ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ সকলোৰে বাবে মুখ্যমন্ত্ৰী নহয় ।’’ এই মন্তব্য ড৹ হিমন্ত বিশ্ব শৰ্মাৰ একালৰ সতীৰ্থ তথা বৰ্তমানৰ চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনৰ ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে নিজে প্ৰকাশ কৰা মন্তব্যৰ উদ্ধিতি দি হুছেইনে সংবাদ মাধ্যমৰ সন্মুখত অসন্তুষ্টি ব্যক্ত কৰে ৷ ৰকিবুল হুছেইনে অভিযোগ উত্থাপন কৰি কয় যে, ৰাজ্য চৰকাৰে এফালে ঘৰে ঘৰে সুৰাৰ হোম ডেলিভাৰী দি নৱ প্ৰজন্মক পংগু কৰিছে আৰু আনফালে ড্ৰাগছ বিৰোধী কথা কৈছে ৷

মুখ্যমন্ত্ৰীক সমালোচনা বিধায়ক ৰকিবুল হুছেইনৰ

লগতে পঢ়ক : আলফা স্বাধীনৰ সভাপতি ডাঃ অভিজিৎ অসম এটা কাল্পনিক চৰিত্র

লগতে তেওঁ কয় যে, ৰাইজে উপ নিৰ্বাচনৰ কথা শুনিবলৈ আৰু জানিবলৈ বিচৰা নাই ৷ কাৰণ সৰ্বসাধাৰণ ৰাইজ সম্প্ৰতি শিক্ষা, সামাজিক, অৰ্থনৈতিক সকলো দিশতে পৰিছে বিপদত ৷ মূল্যবৃদ্ধিয়ে ৰাইজক কোঙা কৰা বুলি উল্লেখ কৰে ৰকিবুল হুছেইনে ৷ তেওঁ কয় যে, বৰ্তমান দোকান-বজাৰ সমূহ খোলা হৈছে যদিও বিক্ৰী নাই ৷ কাৰণ বস্তু ক্ৰয় কৰিবৰ বাবে মানুহৰ হাতত নাই পৰ্যাপ্ত ধন ৷ গতিকে ৰাইজ এতিয়া বিপদত বুলি উল্লেখ কৰে ৰকিবুল হুছেইনে ৷

লগতে পঢ়ক : KISAN MAHAPANCHAYAT: কৰ্ণালত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.