আলফা স্বাধীনৰ সভাপতি ডাঃ অভিজিৎ অসম এটা কাল্পনিক চৰিত্র

author img

By

Published : Sep 7, 2021, 4:59 PM IST

আলফা স্বাধীনৰ সভাপতি ডাঃ অভিজিৎ অসম এটা কাল্পনিক চৰিত্র

আলফা স্বাধীনৰ নৱগঠিত উচ্চতম পৰিষদৰ সভাপতিৰ দায়িত্ব লাভ কৰা জেনেৰেল পৰেশ অসমৰ বিস্ফোৰণ। এয়া কেৱল আমাৰ এক ৰণকৌশল আছিল। ২০১১ চনৰ পৰাই আলফাৰ অধ্যক্ষ হিচাপে পৰিচিত অভিজিত অসমৰ কোনো অস্তিত্বই নাছিল । কেৱল আলফাৰ আন্দোলন আগবঢ়াই নিয়াৰ বাবেহে আলফা স্বাধীনে অভিজিৎ অসম নামৰ এক কাল্পনিক চৰিত্ৰ সৃষ্টি কৰা হৈছিল ।

গুৱাহাটী,৭ ছেপ্তেম্বৰ: আলফা স্বাধীনৰ কেন্দ্ৰীয় পৰিষদত সালসলনি ঘটাই দীৰ্ঘদিন ধৰি অসম্পূৰ্ণ হৈ থকা সংগঠনটোৰ তিনিখন কেন্দ্ৰীয় পৰিষদ নতুনকৈ গঠন কৰাৰ পাছতে চৰ্চালৈ আহিছে এটা বিশেষ নাম । সেই নামটো হৈছে আলফা স্বাধীনৰ সভাপতি হিচাপে ইমানদিনে প্ৰচাৰ হৈ থকা ডাঃ অভিজিৎ অসম । নতুনকৈ গঠন কৰা তিনিওখন পৰিষদৰ এখনতো নাম নাই আলফা স্বাধীনৰ সভাপতি ডাঃ অভিজিৎ অসমৰ ।

উল্লেখযোগ্য যে, ৫ ছেপ্তেম্বৰত আলফা স্বাধীনৰ সামৰিক বিভাগটো পূৰ্বৰ দৰেই বাহাল ৰাখি সংগঠনটোৰ সংবিধানস্থ আন্তঃগাঁঠনি কেন্দ্ৰীয় কাৰ্যকৰী পৰিষদৰ সিদ্ধান্ত মৰ্মে সাময়িকভাৱে স্থগিতকৰণ কৰি নতুনকৈ গাঠনিগত পৰিৱৰ্তন কৰা হৈছে বুলি সংগঠনটোৱে বিবৃত্তি প্ৰকাশ কৰিছিল । কিন্তু আশ্চৰ্যজনকভাৱে নতুনকৈ গঠন কৰা তিনিওখন পৰিষদৰ এখনতো আলফা স্বাধীনৰ সভাপতি ডাঃ অভিজিৎ অসমৰ নাম নাছিল ।

এই বিষয়টো ব্যাপকভাৱে চৰ্চালৈ অহাৰ পাছত এটা ব্যক্তিগত চেনেলত মুখ খুলিলে আলফা স্বাধীনৰ নৱগঠিত উচ্চতম পৰিষদৰ সভাপতিৰ দায়িত্ব লাভ কৰা জেনেৰেল পৰেশ অসমে অৰ্থাৎ পৰেশ বৰুৱাই । এই সন্দৰ্ভত পৰেশ বৰুৱাই কয় যে,' আলফা স্বাধীনৰ পূৰ্বৰ সভাপতি অভিজিৎ অসম এক 'কাল্পনিক' চৰিত্ৰ । এয়া কেৱল আমাৰ এক ৰণকৌশল আছিল ।

লগতে পঢ়কঃ 'কৌন বনেগা কৌড়পতি' ত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা !

২০১১ চনৰ পৰাই আলফাৰ অধ্যক্ষ হিচাপে পৰিচিত অভিজিত অসমৰ কোনো অস্তিত্বই নাছিল বুলি উল্লেখ কৰি কেৱল আলফাৰ আন্দোলন আগবঢ়াই নিয়াৰ বাবেহে আলফা স্বাধীনে অভিজিৎ অসম নামৰ এক কাল্পনিক চৰিত্ৰ সৃষ্টি কৰা বুলি মন্তব্য কৰে পৰেশ বৰুৱাই ।

আনহাতে ইণ্টাৰনেটত উপলব্ধ 'অভিজিত অসম'ৰ ফটো তথা বিভিন্ন তথ্য সন্দৰ্ভত পৰেশ বৰুৱাই কয়' ফটোখনত থকা ব্যক্তিগৰাকী মুকুল হাজৰিকা আৰু তেওঁ এজন চিকিৎসক তথা মানৱ অধিকাৰ কৰ্মী । তেওঁ আলফাৰ শিবিৰত বক্তব্য প্ৰদান কৰিছিল । লক্ষণীয় বিষয় যে পৰেশ বৰুৱাৰ শেহতীয়া এই বক্তব্যক লৈ সচেতন মহলত সন্দেহৰ সৃষ্টি হৈছে ।

একাংশৰ মতে ডাঃ মুকুল হাজৰিকাই আছিল ডাঃ অভিজিৎ অসম । ডাঃ মুকুল হাজৰিকাৰ পত্নী জটিল ৰোগত আক্ৰান্ত হোৱাৰ পাছতেই প্ৰায় দুবছৰ ধৰি আলফাৰ পৰা আঁতৰি আছিল মুকুল হাজৰিকা । মুকুল হাজৰিকাক ৰক্ষণা-বেক্ষণ অথবা মুকুল হাজৰিকাৰে আলফাৰ সংঘাতৰ বাবেই পৰেশ বৰুৱাই এনে মন্তব্য দিয়া বুলি সন্দেহ প্ৰকাশ কৰা হৈছে । অৱশ্যে এই কথা এতিয়াও নিশ্চিত হোৱা নাই। পৰেশ বৰুৱাই এতিয়াও সকলো কথা স্পষ্ট কৰা নাই ।

উল্লেখযোগ্য যে, নতুনকৈ গঠন কৰা আলফা স্বাধীনৰ তিনিখন পৰিষদৰ উচ্চতম পৰিষদৰ সভাপতিৰ দায়িত্ব অৰ্পন কৰা হৈছে জেনেৰেল পৰেশ অসমক । উচ্চতম পৰিষদৰ আন দুগৰাকী সদস্য হৈছে লেফটেনেণ্ট জেনেৰেল মাইকেল অসম আৰু মেজৰ জেনেৰেল নয়ন অসম ।

লগতে পঢ়কঃ বাছৰ সলনি বোকা-পানীৰে পৰিপূৰ্ণ ASTC ৰ বাছ আস্থান

সেইদৰে উচ্চ পৰিষদৰ সভাপতিৰ দায়িত্ব অৰ্পন কৰা হৈছে মেজৰ জেনেৰেল নয়ন অসমক । উচ্চ পৰিষদৰ সদস্য হিচাপে আছে ব্ৰিগেডিয়াৰ এ জেদ শিৰোনাম অসম, ব্ৰিগেডিয়াৰ অৰুণোদয় অসম আৰু ব্ৰিগেডিয়াৰ (অৱসৰপ্ৰাপ্ত) সমীৰণ অসম । আনহাতে নিম্ন পৰিষদত মেজৰ জেনেৰেল নয়ন অসমক সভাপতি আৰু ব্ৰিগেডিয়াৰ অৰুণোদয় অসমক সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পন কৰা হৈছে । নিম্ন পৰিষদত ১৪ জনীয়া আৰু ইয়াৰে দুজনক সামৰিক বিভাগৰ পৰা জেষ্ঠ্যতাৰ ভিত্তিত অন্তৰ্ভুক্ত কৰা হৈছে ।

নিম্ন পৰিষদত ব্ৰিগেডিয়াৰ এজেদ শিৰোনাম অসমক উপ সভাপতি, মেজৰ জেনেৰেল নয়ন অসমক সাংগঠনিক সম্পাদক, ব্ৰিগেডিয়াৰ অৰুণোদয় অসমক বিত্ত সম্পাদক, ব্ৰিগেডিয়াৰ (অৱসৰপ্ৰাপ্ত) সমীৰণ অসমক সাংস্কৃতিক সম্পাদক, কৰ্নেল গণেশ অসম আৰু লেফটেনেণ্ট কৰ্ণেল ৰূপম অসমক যুটীয়া সহকাৰী বিত্ত সম্পাদক, লেফটেনেণ্ট কৰ্ণেল প্ৰাণময় ‌অসমক সহকাৰী বৈদেশিক সম্পাদক, মেজৰ তীব্ৰজিৎ অসমক সহকাৰী সাংগঠনিক সম্পাদক, মেজৰ দীপাংকৰ অসমক (অৱসৰপ্ৰাপ্ত) সহকাৰী সাংস্কৃতিক সম্পাদক, কেপ্তেইন ৰিজু অসমক সহকাৰী প্ৰচাৰ সম্পাদক আৰু কৰ্ণেল সুজিৎ অসমক (অৱসৰপ্ৰাপ্ত) কাৰ্যালয় পৰিচালকৰ দায়িত্ব দিয়া হৈছে ।

লক্ষণীয় বিষয় যে, আলফা স্বাধীনৰ সৈতে শান্তি চুক্তিৰ বিষয়ে শেহতীয়াকৈ চৰ্চা চলিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলফা স্বাধীনক মূলসুঁতিলৈ ঘূৰাই অহাৰ বাবে বাৰম্বাৰ আহ্বান জনাই আহিছে । হিমন্ত বিশ্ব শৰ্মাই আলফাৰ সৈতে শান্তি আলোচনাৰ সন্দৰ্ভত অনানুষ্ঠানিক কথা বতৰা চলি থকাৰ কথাও সদৰি কৰিছে । এনে সময়ত আলফাই আন্তঃগাঁঠনিৰ পৰিৱৰ্তন কৰাৰ লগতে সভাপতি ডাঃ অভিজিত অসমৰ অস্তিত্বক নাকচ কৰাৰ ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়কঃ ঐতিহাসিক চৰাইদেউত পৰ্যটকৰ বাবে মুকলি দেওশাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.