ETV Bharat / state

নিজ বন্ধুক নিচাযুক্ত দৰৱ খুৱাই ধনৰ লুট-পাট এজনৰ

author img

By

Published : Feb 7, 2021, 10:39 PM IST

robbery incident
ৰূপহীহাটত ডকাইটি

দেওবাৰে সন্ধিয়া নগাঁৱৰ ৰূপহীহাটত এজন বন্ধুৱে নিচাযুক্ত দৰৱ খুৱাই আন এজন বন্ধুৰ পৰা লুটি নিয়ে 40 হাজাৰ টকা ৷ ভুক্তভোগীক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ ৷

ৰূপহীহাট,7 ফেব্ৰুৱাৰী : নগাঁৱৰ ৰূপহীহাটত বন্ধুত্বই কাল হ’ল এজন লোকৰ ৷ দেওবাৰে সন্ধিয়া প্ৰায় 5 বজাত ৰূপহীহাটৰ দগাঁৱৰ এৰাবাৰীৰ এজন লোকৰ পৰা তেওঁৰ এজন বন্ধুৱে নিচাযুক্ত দৰৱ খুৱাই লুটি নিয়ে 40 হাজাৰ টকা ৷

জানিব পৰা মতে, হাৰেজ উদ্দিন নামৰ এজন লোকৰ এৰাবাৰীস্থিত কাঠৰ দোকানত সদায় অহা শিঙিয়া পথাৰৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক থকা ছাহজাহান নামৰ এজন লোকে মূৰৰ বিষৰ দৰৱৰ নামত অত্যাধিক নিচাযুক্ত দৰৱ খুৱাই হাৰেজ উদ্দিনৰ পৰা টকা লুটি নি পলায়ন কৰে ৷

ৰূপহীহাটত ডকাইটি

ইফালে, ভুক্তভোগী লোকজনক অচেতন অৱস্থাত উদ্ধাৰ কৰি দগাঁও প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰে স্থানীয় লোকে । বৰ্তমান উন্নত চিকিৎসাৰ বাবে লোকজনক নগাঁৱলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : লাইকা-দধিয়াবাসীৰ সংস্থাপনৰ সিন্ধান্তৰ বিৰোধীতা জাগুনবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.