ETV Bharat / state

Junmoni Rabha death case: জোনমণি ৰাভাৰ মৃত্যুৰ লগত জড়িত দোষীক ৰক্ষণাবেক্ষণ দিছে মুখ্যমন্ত্ৰীয়ে; ৰিপুণ বৰা

author img

By

Published : May 30, 2023, 9:36 PM IST

Ripun Bora reacts on CBI investigation on Junmoni Rabha death
জোনমণি ৰাভাৰ মৃত্যুৰ লগত জড়িত দোষীক ৰক্ষণাবেক্ষণ দিছে মুখ্যমন্ত্ৰীয়ে

মঙলবাৰে নগাঁৱত ৰিপুন বৰাই জোনমণি ৰাভাৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে (Ripun Bora on CBI probe on Junmoni Rabha case) । জোনমণি ৰাভাৰ মৃত্যুত জড়িত দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ বাবেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চি বি আই তদন্ত দিয়াৰ অভিযোগ উত্থাপন ৰিপুন বৰাই ।

জোনমণি ৰাভাৰ মৃত্যুৰ লগত জড়িত দোষীক ৰক্ষণাবেক্ষণ দিছে মুখ্যমন্ত্ৰীয়ে

নগাঁও, 30 মে’: মৰিকলং থানাৰ আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ চিবিআই তদন্তৰ বিৰোধিতা কৰে অসম তৃণমূল কংগ্ৰেছে (Junmoni Rabha death case)। জোনমণি ৰাভাৰ মৃত্যুত জড়িত দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ বাবেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চি বি আই তদন্ত দিয়াৰ অভিযোগ উত্থাপন ৰিপুন বৰাই । মঙলবাৰে নগাঁৱত ৰিপুন বৰাই জোনমণি ৰাভাৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে (Ripun Bora on CBI investigation ) ।

মঙলবাৰে নগাঁৱত উপস্থিত হৈ তৃণমূল কংগ্ৰেছৰ এটা জিলা কাৰ্যালয় উদ্বোধন কৰি দলীয় নেতা কৰ্মীৰে সৈতে মত বিনিময় কৰে দলটোৰ সভাপতি ৰিপুন বৰাই (CBI investigation on Junmoni Rabha death )। লগতে বৰ্তমান ৰাজ্যৰ বিভিন্ন প্ৰান্তত তৃণমূল কংগ্ৰেছত যোগদানৰ জোৱাৰ উঠা বুলিও মন্তব্য কৰে ৰিপুন বৰাই (Ripun Bora slams Assam CM)।

ৰিপুণ বৰাই লগতে এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ চি বি আই তদন্তৰ বিৰোধিতা কৰি কয়, "আৰক্ষী উপ পৰিদৰ্শক গৰাকীৰ মৃত্যুৰ তদন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাগৰাকী ঘনিষ্ঠ আৰক্ষী বিষয়াৰ নাম সাঙোৰ খাইছিল ৷ সেইবাবে সেই ঘনিষ্ঠ বিষয়াকেইজনক নিৰাপত্তা দিবলৈকে মুখ্যমন্ত্ৰীয়ে ঘটনাটো গাপ দিবলৈ চেষ্টা কৰিছে ৷ তল পেলাৱোৰ নাম লৈ মুখ্যমন্ত্ৰীয়ে সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটো দীঘলীয়া কৰিব বিচাৰিছে, যাতে প্ৰকৃত দোষী সাৰি যায়, প্ৰকৃত দোষীক মানুহে পাহৰি যায় ৷ দীঘলীয়া কৰাৰ উপায় হৈছে চিবিআইলৈ অৰ্পণ কৰা ৷ চিবিআইত জোনমণি ৰাভাৰ নিচিনা হাজাৰ হাজাৰ লাখ লাখ পৰি আছে, সেইবাবে চিবিআইৰ তদন্ত কৰিবলৈ বিলম্ব হ’বই ৷"

বৰাই লগতে কয় যে, হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ সংবাদমেলত স্পষ্টকৈ প্ৰকাশ কৰিছে যে ৰাইজে এতিয়া জোনমণি ৰাভাৰ ঘটনাৰ সন্দৰ্ভত আলোচনা কৰিব নালাগে ৷ তাৰ মানে হৈছে যে ৰাইজে এই ঘটনা পাহৰি যাব লাগে ৷ সেইবাবে এই ঘটনাৰ চিবিআইৰ তদন্ত নহৈ ন্যায়িক তদন্তৰ দাবীৰ উত্থাপন কৰিছে ৰিপুন বৰাই ৷ উচ্চ ন্যায়ালয়ৰ কোনো ন্যায়াধীশৰ অধীনত এই তদন্ত আৰম্ভ কৰিলেহে নিৰপেক্ষ তদন্ত হ’ব বুলি সদৰী কৰে সভাপতি বৰাই ৷

লগতে পঢ়ক: Junmoni Rabha death case:দোষী আৰক্ষী বিষয়াক গ্ৰেপ্তাৰৰ দাবীত ধেমাজিত নিখিল ভাৰত ৰাভা ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.