ETV Bharat / state

Fake currency seized: বান্দিলে বান্দিলে জালনোটসহ জালত পৰিল অৱসৰপ্ৰাপ্ত আৰক্ষী জোৱান

author img

By

Published : Apr 17, 2023, 4:11 PM IST

এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী জোৱানৰ পৰা উদ্ধাৰ জালনোট (Fake currency seized from a retired policeman in Nagaon)। জালনোট উদ্ধাৰক লৈ নগাঁৱৰ বৰভেঁটিত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । ৰাইজে আটক কৰি অৱসৰপ্ৰাপ্ত আৰক্ষী জোৱানজনক গতাই দিয়ে আৰক্ষীক ।

Fake currency seized in Nagaon
নগাঁৱত উদ্ধাৰ হৈছে বহু পৰিমাণৰ জালনোট

নগাঁৱত উদ্ধাৰ হৈছে বহু পৰিমাণৰ জালনোট

নগাঁও, 17 এপ্ৰিল : নগাঁৱত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ জালনোট ৷ এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ পৰা উদ্ধাৰ কৰা হৈছে জালনোটখিনি (Fake currency seized from a retired policeman) ৷ এই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নগাঁৱৰ বৰভেঁটি অঞ্চলত । সোমবাৰে পুৱা নগাঁৱৰ ধিং সোণাৰি গাঁৱৰ আব্দুল আলী নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী জোৱানে কিছু সামগ্ৰী ক্ৰয় কৰিবলৈ উপস্থিত হয় নগাঁৱৰ বৰভেঁটিত । সামগ্ৰী ক্ৰয় কৰি বিল পৰিশোধ কৰাৰ সময়তে লাগে অথন্তৰ ৷

দোকানীক অৱসৰপ্ৰাপ্ত আৰক্ষী জোৱান আব্দুল আলীয়ে দিয়া টকাত ওলায় জালনোট (Fake currency seized in Nagaon) । তাৰ পাচতে আব্দুল আলী আৰু দোকানীজনৰ মাজত কথাৰ কটাকটি হয় ৷ পৰৱৰ্তী সময়ত উক্ত স্থানত স্থানীয় কিছু লোক উপস্থিত হৈ অৱসৰপ্ৰাপ্ত আৰক্ষী জোৱান আব্দুল আলীক ঘেৰাও কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷

তাৰ পাচতে পৰিস্থিতি কিছু বিষম দেখি স্থানীয় লোকে খবৰ দিয়ে আৰক্ষীক ৷ খবৰ লাভ কৰিয়েই নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষীৰ এটা দল উপস্থিত হয় বৰভেটিৰ নিৰ্দিষ্ট স্থানত । আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ৰাইজে ঘেৰাও কৰি ৰখা অভিযুক্ত অৱসৰপ্ৰাপ্ত আৰক্ষী জোৱান আব্দুল আলীক আটক কৰি আৰক্ষী থানালৈ লৈ যায় ।

অৱসৰপ্ৰাপ্ত আৰক্ষী জোৱানগৰাকী জালনোট সৰবৰাহকাৰী চক্ৰৰ লগত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে বৰভেঁটি অঞ্চলৰ স্থানীয় লোকে । ইয়াৰ বিপৰীতে অভিযুক্ত আব্দুল আলীয়ে তেওঁৰ লগত থকা প্ৰায় 20 হাজাৰ টকাৰ মাজত দুই-তিনিখন জালনোট অজ্ঞাতে থকা বুলিহে দাবী কৰে ৷ লগতে ক’ৰ পৰা কেনেকৈ তেওঁৰ হাতলৈ জালনোট আহিল সেই সন্দৰ্ভত জ্ঞাত নহয় বুলিও দাবী কৰে অৱসৰপ্ৰাপ্ত আৰক্ষী জোৱানগৰাকীয়ে ।

ইপিনে ঘটনা সন্দৰ্ভত নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষীয়ে আৰম্ভ কৰিছে অনুসন্ধান । আৰক্ষীৰ অনুসন্ধানতহে পোহৰলৈ আহিব অৱসৰপ্ৰাপ্ত আৰক্ষী জোৱানগৰাকী প্ৰকৃততে জালনোট সৰবৰাহত জড়িত হয় নে কোনো চক্ৰান্তৰ বলি হৈছে আব্দুল আলী ।

লগতে পঢ়ক : Fake currency seized : গহপুৰত জাল নোট চপোৱা মেচিনসহ আটক এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.