Fake currency seized : গহপুৰত জাল নোট চপোৱা মেচিনসহ আটক এজন

By

Published : Apr 14, 2023, 5:03 PM IST

thumbnail

বিশ্বনাথ, ১৪ এপ্ৰিল : ৰঙালী বিহুক লৈ ৰাজ্যৰ চাৰিওফালে ব্যাপক উছাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে (Rongali Bihu 2023) । ৰাজ্যবাসী ৰঙালীক আদৰাৰ বাবে ব্যস্ত হৈ থকাৰ মাজতে গহপুৰত জব্দ জাল নোট চপোৱা মেচিন (Fake currency printing machine seized)। গহপুৰ মহকুমাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত হেলেম গমিৰিৰ বেবেজিয়াত বৃহস্পতিবাৰে নিশা জব্দ কৰা হয় জাল নোট চপোৱা এই মেচিনটো ।

হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰুদ্ৰকান্ত বৰাৰ নেতৃত্বত যোৱা আৰক্ষী এটা দলে অভিযান চলাই বিষ্ণু দাস নামৰ এজন লোকৰ ঘৰৰ পৰা উদ্ধাৰ কৰে মেচিনটো (One detain with fake currency in Gohpur)। এই অভিযানত জাল নোট চপোৱা মেচিনৰ লগতে কেইবাখনো জাল নোট উদ্ধাৰ কৰে আৰক্ষীয়ে । অভিযুক্ত বিষ্ণু দাসকো আৰক্ষীয়ে আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে ।

উল্লেখ্য যে, বিগত কেইমাহৰ পৰা বিষ্ণু দাসৰ ঘৰত লখিমপুৰৰ বঙালমৰা আৰু মৰিগাঁৱৰ কেইবাজনো লোকে এনেদৰে জাল নোটৰ ৰমৰমীয়া বেহা চলাই আহিছে । ইতিমধ্যে হেলেম আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : Illicit love affair : পৰকীয়া প্ৰেমৰ বাবে দুই সন্তানৰ পিতৃ-মাতৃক ৰাইজৰ উত্তম মধ্যম

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.