ETV Bharat / state

Republic Day Alert: কলিয়াবৰত গণৰাজ্য দিৱস উপলক্ষে সতৰ্কতা জাৰি

author img

By

Published : Jan 25, 2023, 3:29 PM IST

republic-day-alert-at-kaliabor
কলিয়াবৰত গণৰাজ্য দিৱসৰ উপলক্ষে সতৰ্কতা জাৰি

গণৰাজ্য দিৱস চমু চাপি অহাৰ লগে লগে কলিয়াবৰত গণৰাজ্য দিৱসৰ উপলক্ষে বিশেষকৈ নিৰাপত্তাৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে কলিয়াবৰ আৰক্ষীয়ে (Republic day preparation at Kaliabor) ।

কলিয়াবৰত গণৰাজ্য দিৱসৰ উপলক্ষে সতৰ্কতা জাৰি

কলিয়াবৰ, 25 জানুৱাৰী: কাইলৈ গণৰাজ্য দিৱস ৷ দেশৰ 74 সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে এতিয়া চৌদিশে চলিছে ব্যাপক প্ৰস্তুতি (Republic day preparation in Assam)। ৰাজ্যৰ আন প্ৰান্তৰ দৰে নগাঁও জিলাৰ কলিয়াবৰত জিলা প্ৰশাসনৰ উদ্যোগত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে । কলিয়াবৰত গণৰাজ্য দিৱস উপলক্ষে বিশেষকৈ নিৰাপত্তাৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে আৰক্ষী তথা প্ৰশাসনে (Republic day preparation at Kaliabor) ।

শেহতীয়াকৈ আলফা স্বাধীনকে ধৰি বহুকেইটা উগ্ৰপন্থী সংগঠনে গণৰাজ‍্য দিৱস বৰ্জনৰ আহ্বান জনোৱাৰ পিছতে গণৰাজ্য দিৱসত কুটাঘাটমূলক ঘটনা সংঘটিত হোৱাৰ আশংকাত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে কলিয়াবৰ আৰক্ষীয়ে (Republic Day Alert at Kaliabor ) ৷ কলিয়াবৰ মহকুমাৰ কুঁৱৰীটোলৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত কলিয়াবৰ আৰক্ষীয়ে কটকটীয়া তালাচী অভিযান চলাইছে । গণৰাজ‍্য দিৱস পালনত যাতে কোনোধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবে উজনি নামনিৰ প্ৰতিখন বাহনতে আৰক্ষীয়ে তালাচী চলাইছে ।

ইতিমধ্যে কুঁৱৰীটোলৰ গান্ধী খেলপথাৰত কলিয়াবৰ মহকুমা প্ৰশাসনে 74 সংখ‍্যক গণৰাজ্য দিৱস (74th Republic Day) উদযাপনৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰি তুলিছে । কলিয়াবৰ আৰক্ষীৰ লগতে কলিয়াবৰ মহকুমাৰ বহুখন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে গণৰাজ‍্য দিৱসৰ মাৰ্চপাষ্টৰ অনুশীলত ব‍্যস্ত হৈ পৰিছে ।

প্ৰতিবাৰৰ দৰেই এইবাৰো গণৰাজ্য দিৱসৰ উপলক্ষে আলফাই 26 জানুৱাৰীৰ নিশা 12 বজাৰ পৰা আবেলি 6 বজালৈ এই বন্ধৰ আহ্বান জনাইছে ৷ এই বন্ধত আলফাই জৰুৰীকালীন বিভাগবোৰ, সংবাদমাধ্যম আৰু ধৰ্মীয় কামকাজ অব্যাহত ৰখাত কোনো বাধা নিষেধ নাথাকিব বুলি বিবৃতিটোত জনাইছে ৷ পূৰ্বৱৰ্তী সময়বোৰৰ দৰেই ৰাজহুৱা স্থান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়তো গণৰাজ্য দিৱস প্ৰত্যাখান কৰিবৰ বাবে আহ্বান আলফা স্বাধীনৰ ৷

স্মৰ্তব্য যে ৰাজ্যৰ ভিন্ন প্ৰান্তত গণৰাজ্য দিৱসৰ কাৰ্যসূচী সফল ৰূপায়ণৰ লগতে উগ্ৰপন্থী সংগঠনৰ কুটাঘাট নিয়ন্ত্ৰণৰ বাবে ৰাজ্যৰ প্ৰশাসন সম্পূৰ্ণৰূপে সষ্টম হৈ পৰিছে ৷ সমগ্ৰ ৰাজ্যৰ লগতে উজনি-নামনিত গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত সংঘটিত হ’ব পৰা যিকোনো কুটাঘাতমূলক কাৰ্য নিয়ন্ত্ৰণ তথা শান্তি শৃংখলা বিঘ্নিত নহ’বৰ বাবে স্থানীয় প্ৰশাসনে নিৰ্দেশনাৰ লগতে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে ৷

লগতে ৰাজ্যৰ বিভিন্ন সংবেদনশীল স্থানত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি ঠায়ে ঠায়ে আৰক্ষীয়ে তালাচী চলোৱাও পৰিলক্ষিত হৈছে । ৰাজহুৱা স্থান, ব্যস্ত অঞ্চলত চোকা দৃষ্টি ৰাখিছে প্ৰশাসনে । আনহাতে 2023 চনৰ 74 সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত অসমক প্ৰতিনিধিত্ব কৰি প্ৰতীকপট ৰূপে মহাবীৰ লাচিত বৰফুকনৰ প্ৰতীকী দিল্লীৰ ৰাজপথত প্ৰদৰ্শিত হ’ব।

লগতে পঢ়ক: Republic day preparation in Lakhimpur: লখিমপুৰত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.