ETV Bharat / state

দুৰ্গোৎসৱ উপলক্ষে নগাঁৱত আৰক্ষীৰ বিশাল পদযাত্ৰা

author img

By

Published : Oct 10, 2021, 1:27 PM IST

শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকক্ষণৰ নগাঁৱত আৰক্ষীৰ পদ সঞ্চালন ৷ উৎসৱৰ সময়ছোৱাত ৰাইজে যাতে আইন শৃংখলা অটুট ৰাখে, তাৰ বাবে নগাঁও চহৰৰ মাজেৰে নগাঁও আৰক্ষীয়ে শনিবাৰে উলিয়াই এই বিশাল পদযাত্ৰা ।

Nagaon police March
দুৰ্গোৎসৱ উপলক্ষে নগাঁৱত আৰক্ষীৰ বিশাল পদযাত্ৰা পদ সঞ্চালন

নগাঁও, 10 অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ এটা দিন বাকী ৷ পূজাক লৈ ৰাজ্যবাসীৰ মনত যিমানেই উৎকণ্ঠা বৃদ্ধি পাইছে, সিমানেই নিৰাপত্তাৰ ক্ষেত্ৰত সস্তম হৈছে আৰক্ষী তথা প্ৰশাসন ৷ পূজাৰ ব্যস্ততাৰ মাজতে নগাঁৱত শনিবাৰে নগাঁও আৰক্ষীয়ে উলিয়াই এক বিশাল সমদল ৷

উৎসৱৰ সময়ত জনসাধাৰণক আইন শৃংখলা অটুট ৰখাৰ আহ্বান জনাই নগাঁও চহৰৰ মাজেৰে উলিওৱা হয় এই বিশাল পদযাত্ৰা । সদা জাগ্ৰত, সদা সচেতন নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত অপৰাধীৰ বিৰুদ্ধে সদায়ে কঠোৰ নগাঁও আৰক্ষী ৷ দুৰ্গা পূজাৰ সময়চোৱাতো অধিক সক্ৰিয় আৰু কঠোৰ হোৱাৰ ইংগিত প্ৰদান কৰে নগাঁৱৰ আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

দুৰ্গোৎসৱ উপলক্ষে নগাঁৱত আৰক্ষীৰ বিশাল পদযাত্ৰা পদ সঞ্চালন

আনকি নগাঁও আৰক্ষীয়ে শনিবাৰে চহৰ খনৰ মুলপথত এক পদ সঞ্চালনো কৰে ৷ জানিব পৰা মতে, প্ৰায় ডেৰ শতাধিক আৰক্ষী বিষয়াসহ সেনা জোৱানেও নগাঁও চহৰৰ ১২ কিলোমিটাৰ পথ পদব্ৰজে সঞ্চালন কৰে ৷

লগতে পঢ়ক : পূজা উপভোগ কৰিবলৈ মুখ্যমন্ত্ৰীক আমন্ত্ৰণ শিলচৰৰ বিধায়কৰ

আনহাতে, দুষ্ট চক্ৰই যাতে কোনোধৰণৰ অপৰাধ সংঘটিত নকৰে, তাৰ বাবে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই দুৰ্গা পূজাৰ প্ৰাকক্ষণত অপৰাধী তথা দুষ্ট চক্ৰক এই পদযাত্ৰাৰ জৰিয়তে সকিয়নীও প্ৰদান কৰে ৷

সাংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে, ‘নগাঁও আৰক্ষীয়ে আগন্তুক দুৰ্গা পূজাৰ সময়ছোৱাত আইন শৃংখলা অটুট ৰখাৰ বাবে সকলো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ আনকি এই ক্ষেত্ৰত আৰক্ষীয়ে কঠোৰ নিৰাপত্তা ব্যৱস্থাও গঢ়ি তুলিছে’ । সেয়ে আইন শৃংখলা অটুট ৰখাৰ বাবে সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ।

লগতে পঢ়ক : যোৰহাটত দুৰ্গা প্ৰতিমাৰ অন্তিম পৰশত ব্যস্ত মৃৎ শিল্পী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.