ETV Bharat / state

নগাঁৱৰ ৰাইদঙীয়াত ৰাইজৰ ৰোষত প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ অভিযন্তা

author img

By

Published : Jan 12, 2022, 8:15 PM IST

ইটাভাটা স্থাপনৰ বিৰুদ্ধে থিয় দিলে নগাঁৱৰ ৰাইদঙীয়া পঞ্চায়তৰ ৰাইজে (People stand against setting up of brick manufacturing unit)। ইটা ভাটা স্থাপনক লৈ আয়োজিত ৰাজহুৱা সভাত হুলস্থূলীয়া পৰিৱেশ । ৰাইজৰ ৰোষত পৰিল প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ অভিযন্তা ।

bricks industry
নগাঁৱৰ ৰাইদঙীয়াত ৰাইজৰ ৰোষত প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ অভিযন্তা

নগাঁও,১২ জানুৱাৰী : বটদ্ৰৱাৰ হাটীচোং মৌজাৰ অন্তৰ্গত বগৰিগুৰি কিচামতৰ কৃষি ভূমিত অবৈধভাৱে ইটা ভাটা স্থাপন কৰাক কেন্দ্ৰ কৰি তীব্ৰ উত্তজেনা(People stand against setting up of brick manufacturing unit) । বুধবাৰে ইটা ভাটা স্থাপনক লৈ ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছিল (Public meeting on setting up of brick manufacturing unit)। ৰাজহুৱা সভাতে ৰাইজৰ ৰোষত পৰিল প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ অভিযন্তা (PCB engineer gets in public wrath)।

উল্লেখ্য যে সভাত ৰাইদঙীয়া পঞ্চায়তৰ ১০ খন গাওঁৰ ৰাইজৰ কৃষি ভূমি বিনষ্ট কৰি ইটা ভাটা স্থাপন কৰিবলৈ আগবঢ়া কাৰ্যক লৈ দুটা পক্ষৰ মাজত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হয় । ৰাইদঙীয়া পঞ্চায়তৰ উদ্যোগত অনুষ্ঠিত সভাত এন কে ব্ৰিকছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে ৰাইজৰ অজ্ঞাতে অতি গোপনীয়ভাৱে অনুজ্ঞা পত্ৰ লাভ কৰা বিষয়টোক লৈ প্ৰথম অৱস্থাত তীব্ৰ হুলস্থূলৰ সৃষ্টি হয় । উল্লেখ্য যে ইটা ভাটা স্থাপনক লৈ বিগত আগষ্ট মাহৰ পৰা জিলা উপায়ুক্ত আৰু প্ৰদূষণ নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ ওচৰত স্থানীয় বগৰিগুৰি পথাৰৰ কৃষি ভূমিৰ ম্যাদী পট্টাদাৰ সকলে অভিযোগ দাখিল কৰি অহাৰ পাছতো ইটা ভাটাৰ অনুজ্ঞা বাতিল কৰা কিম্বা বিভাগীয়ভাৱে এই ভাটাটো বন্ধ কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰে ৰাইজ (People stand against setting up of brick manufacturing unit)।

নগাঁৱৰ ৰাইদঙীয়াত ৰাইজৰ ৰোষত প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ অভিযন্তা

বিশেষকৈ ইটা ভাটাত ব্যৱহাৰ হোৱা কয়লাৰ ক’লা ধোৱাই অঞ্চলটোৰ জনস্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিব পৰা ভাবুকি আৰু কেঁচা মাটিৰ ব্যাপক খননৰ ফলত মাটিৰ উৰ্বৰতা শক্তি হ্ৰাস হোৱাত কৃষি প্ৰধান অঞ্চলটোৰ দৰিদ্ৰ কৃষকৰ জীৱন আৰু জীৱিকাৰ প্ৰতি অন্ধকাৰ নমাই আনিব পৰা বিষয়টোৰ সন্দৰ্ভত উপস্থিত ৰাইজে নিজৰ মতামত দাখিল কৰে ।

তাৰ পাছতো অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ বিষয়াসকলে জোৰ জবৰদস্তি কৰি ইটা ভাটা স্থাপনৰ পক্ষত ৰাইজৰ মতামত দিয়াবলৈ চেষ্টা কৰা পৰিলক্ষিত হয় আৰু সভাত উপস্থিত গ্ৰামাঞ্চলৰ ৰাইজৰ সন্মুখত অভব্য আচৰণ কৰা প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অভিযন্তা মুনীন্দ্ৰ ডেকাই উপস্থিত ৰাইজক অৱশেষত কৰযোৰে ক্ষমা বিচাৰিবলৈও বাধ্য হয় । ৰাইজৰ হেঁচাত ইটা ভাটা স্থাপনৰ পক্ষত গোপনে প্ৰমাণ পত্ৰ দিয়া পঞ্চায়ত সভানেত্ৰী গৰাকীয়েও নিজৰ স্থিতি সলনি কৰি ৰাইজৰ পক্ষত নিজৰ মতামত দাখিল কৰিবলৈ বাধ্য হয় আৰু ৰাজহুৱা ভাৱে ইটা ভাটাৰ বিৰুদ্ধে নিজৰ দৃঢ় স্থিতিৰ কথা ব্যক্ত কৰে ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ তদন্তৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.