অবৈধ মাৰণাস্ত্ৰৰ সৈতে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত প্ৰৱেশ কৰি গ্ৰেপ্তাৰ কামৰুজ

author img

By

Published : May 25, 2022, 10:23 AM IST

one-person-arrested-with-illegal-weapons-in-nagaon-sp-office

নগাঁও আৰক্ষীৰে থকা ঘনিষ্ঠতাৰ সুবাদতে কামৰুজ জামান সৰকাৰ নামৰ এজন যুৱকে লাভ কৰিছিল মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ ৷ কিন্তু মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ ম্যাদ উকলাৰ পিছতো যুৱকজনে কৰা নাছিল কোনো নৱীকৰণ ৷ অনুজ্ঞাপত্ৰ অবিহনেই কামৰুজে নিজৰ সৈতে লৈ ফুৰিছিল এটা .23 পিষ্টল ৷ মঙলবাৰে এই পিষ্টলটো(Illegal weapons seized in Nagaon SP office) ৰ সৈতে কামৰুজে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত প্ৰৱেশৰ চেষ্টা কৰাৰ ফলতে আৰক্ষীয়ে তেওঁক প্ৰথমে আটক কৰি পিছত গ্ৰেপ্তাৰ কৰে (One person arrested with illegal weapons in Nagaon SP Office) ৷

নগাঁও, 25 মে’ : অবৈধ মাৰণাস্ত্ৰৰ সৈতে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত প্ৰৱেশ কৰি গ্ৰেপ্তাৰ হ’ল যুৱক ৷ এই ঘটনা নগাঁৱৰ ৷ নিজকে সংখ্যালঘু নেতা বুলি দাবী কৰা কামৰুজ জামান সৰকাৰ নামৰ যুৱকজনে মঙলবাৰে জিলা আৰক্ষী অধীক্ষক লীনা দলেৰ কাৰ্যালয়ত প্ৰৱেশৰ চেষ্টা চলায় ৷ যুৱকজনৰ এই কাৰ্যত আৰক্ষীয়ে প্ৰথমে তেওঁক আটক কৰি নিশাৰ ভাগত গ্ৰেপ্তাৰ কৰে(One person arrested with illegal weapons in Nagaon SP Office) ৷

জানিব পৰা মতে, পূৰ্বে নগাঁও আৰক্ষীৰে থকা ঘনিষ্ঠতাৰ সুবাদতে কামৰুজে লাভ কৰিছিল মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ ৷ কেৱল এয়াই নহয়, লাভ কৰিছিল দুজনকৈ দেহৰক্ষীও ৷ কিন্তু মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ ম্যাদ উকলাৰ পিছতো যুৱকজনে কৰা নাছিল কোনো নৱীকৰণ ৷ অনুজ্ঞাপত্ৰ অবিহনেই কামৰুজে নিজৰ সৈতে লৈ ফুৰিছিল এটা .23 পিষ্টল ৷ মঙলবাৰে এই পিষ্টলটো(Illegal weapons seized in Nagaon SP office) ৰ সৈতে কামৰুজে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত প্ৰৱেশৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে তেওঁক আটক কৰে ৷

অবৈধ মাৰণাস্ত্ৰৰ সৈতে যুৱক গ্ৰেপ্তাৰ

উল্লেখ্য যে, স্বয়ম্ভূ নেতাজনৰ বিৰুদ্ধে ইতিপূৰ্বে উত্থাপিত হৈছে বহু অভিযোগ ৷ ধন দাবী, ভয়-ভাবুকি, বহু লোকক হাৰাশাস্তি আদি বহু অভিযোগত জিলাখনৰ বহুকেইখন থানাত কামৰুজ জামান সৰকাৰৰ বিৰুদ্ধে ৰুজু হৈ আছে একাধিক গোচৰ ৷ সম্প্ৰতি নগাঁও সদৰ থানাত কামৰুজক চলোৱা হৈছে জেৰা ৷

কামৰুজ জামান সৰকাৰৰ বিৰুদ্ধে থকা গোচৰসমূহো তদন্তৰ আওতালৈ আনিব নগাঁও আৰক্ষীয়ে ৷ প্ৰয়োজন হ’লে আন গোচৰতো গ্ৰেপ্তাৰ হ'ব পাৰে স্বয়ম্ভূ সংখ্যালঘু নেতাজন ৷ এই কথা মঙলবাৰে সংবাদ মাধ্যমৰ আগত সদৰি কৰে জিলা আৰক্ষী অধীক্ষক লীনা দলে(Nagaon SP Leena Doley) য়ে ৷

লগতে চাওক: Mob torches Batadrava police station case: বটদ্ৰৱা কাণ্ডৰে জড়িত আৰু দুই অভিযুক্ত আৰক্ষীৰ জালত

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.