ETV Bharat / state

প্ৰব্ৰজিত শ্ৰমিকৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ নগাঁও মহাবিদ্যালয়ৰ

author img

By

Published : Aug 8, 2020, 12:11 AM IST

নগাঁও মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত অনলাইনযোগে মুকলি প্ৰব্ৰজিত শ্ৰমিকক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে প্ৰশিক্ষণৰ আঁচনি আৰম্ভ। এই আঁচনি মুকলি কৰে নগাওঁ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ৷

Nowgong collage labour training porrgame
নগাঁও মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰব্ৰজিত শ্ৰমিকৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ

নগাঁও,7আগষ্টঃ শুকুৰবাৰে অনুষ্ঠিত হয় নগাঁও মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ তিনি বছৰৰ পূৰ্বে স্থাপন হোৱা এই মহাবিদ্যালয়খনে ৭৭ বছৰত ভৰি দিলে। প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ হয়। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি লক ডাউনৰ বাবে অসমলৈ উভতি অহা প্ৰব্ৰজিত শ্ৰমিক সকলক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে প্ৰশিক্ষণ দিয়াৰ এক আঁচনি অনলাইন যোগে মুকলি কৰা হয়। এই আঁচনি মুকলি কৰে নগাওঁ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । বিধায়ক গৰাকীয়ে মহাবিদ্যালয়খনে প্ৰকাশ কৰা নগাওঁ কলেজৰ ইতিহাস আৰু নিৰ্বাচিত প্ৰবন্ধ সংকলনখন উন্মোচন কৰে।

Nowgong collage labour training porrgame
নগাঁও মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰব্ৰজিত শ্ৰমিকৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ

ইপিনে অধ্যাপক ড৹ ভূৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত অংশগ্ৰহণ কৰে পৰিচালনা সমিতিৰ সভাপতি ড৹ শৰৎ কুমাৰ দত্তই। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ শৰৎ বৰকটকীয়ে আদৰণি ভাষণ প্ৰদান কৰে। নুমলীগড় শোধনাগাৰৰ অভিযন্তা ৰূপম গোস্বামীয়ে অংশগ্ৰহণ কৰি মহাবিদ্যালয় খনে প্ৰকাশ কৰা 'ভাৰতীয় মহিলাৰ সাহিত্য শৈলী' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে। তাৎপৰ্যপূৰ্ণ যে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলেও সামাজিক মাধ্যমৰ জৰিয়তেও শুভেচ্ছা জ্ঞাপন কৰে।

নগাঁও মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰব্ৰজিত শ্ৰমিকৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ

লগতে পঢ়কঃ ৰাজহ চক্ৰ বিষয়াৰ বিৰুদ্ধে ক’ভিড যোদ্ধাক দুৰ্ব্যৱহাৰৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.