ETV Bharat / state

আন্তঃজিলা যাতায়ত বন্ধক লৈ চিন্তিত কৃষক

author img

By

Published : May 21, 2021, 2:23 PM IST

আন্তঃজিলা যাতায়ত বন্ধক লৈ চিন্তিত কৃষিজীৱি ৰাইজ । আগন্তুক ১৫ দিনলৈ ইখন জিলাৰ পৰা সিখন জিলালৈ চলাচল কৰিব নোৱাৰিব কোনো ৰাজহুৱা আৰু ব্যক্তিগত বাহন । কিন্তু এই লৈ এতিয়া বিপদত পৰিছে কৃষকসকল ।

samguri
আন্তঃজিলা যাতায়ত বন্ধক লৈ চিন্তিত কৃষকসকল

চামগুৰি, ২১ মে': ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি, শুকুৰবাৰৰ পৰা অসমত আন্তঃজিলা যাতায়ত ১৫ দিনৰ বাবে বন্ধ হৈ পৰিল । পুৱা ৫ বজাৰ পৰাই বন্ধ হ'ল ইখন জিলাৰ পৰা সিখন জিলালৈ যাতায়ত । আগন্তুক ১৫ দিনলৈ ইখন জিলাৰ পৰা সিখন জিলালৈ চলাচল কৰিব নোৱাৰিব কোনো ৰাজহুৱা আৰু ব্যক্তিগত বাহন ।

কিন্তু এই লৈ এতিয়া বিপদত পৰিছে কৃষকসকল । চামগুৰিৰ এৰাকলং মাজুলীৰ কৃষকসকলৰ মাজতো বিৰাজ কৰিজে ঘোৰ অনিশ্চয়তা ।

আন্তঃজিলা যাতায়ত বন্ধক লৈ চিন্তিত কৃষকসকল

কৃষি প্ৰধান অঞ্চলটোত উৎপাদিত কেঁচা সামগ্ৰী তথা ফচল সততে ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ বিক্ৰী কৰি আহিছে । কিন্তু শুকুৰবাৰৰ পৰা আন্তঃজিলা যাতায়ত বন্ধ হোৱাৰ পিছত কেনেদৰে উৎপাদিত সামগ্ৰীসমূহ বিভিন্ন প্ৰান্তলৈ যোগান ধৰিব তাক লৈ এতিয়া হতাশাত ভুগিছে কৃষক ৰাইজ ।

শীঘ্ৰে এক ব্যৱস্থা গ্ৰহণ কৰি কেঁচা ফচলসমূহ বিক্ৰী কৰাত সুবিধা কৰি দিবৰ বাবে চৰকাৰক আহ্বান জনাইছে এৰাকলং মাজুলীৰ যুৱ কৃষকসকলে ।

লগতে পঢ়ক: কৃষকলৈ দুৰাৱস্থা মাতিছে ক’ভিডৰ নতুন নিৰ্দেশনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.