ETV Bharat / state

Crime in Nagaon: পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে কঠোৰ পদক্ষেপ নগাঁৱৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ

author img

By

Published : Jun 27, 2023, 2:10 PM IST

Nagaon police operation
গাঁৱৰ কোনো ধাবাত অবৈধভাৱে বিক্ৰী কৰিব নোৱাৰিব সুৰা

পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ কঠোৰ পদক্ষেপ নগাঁৱৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ । পথৰ দাঁতিৰ ধাবাত আৰু বিক্ৰী কৰিব নোৱাৰিব অবৈধ সুৰা । নিশা পথৰ দাঁতিৰ ধাবাত অভিযান চলাই জব্দ বুজন পৰিমাণৰ বিলাতী সুৰা ।

নগাঁও, 27 জুন : নিশা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ধাবাত সুৰাপান কৰি গাড়ী চলোৱাসকল এতিয়াৰ পৰা সাৱধান ! অন্তত নগাঁৱৰ কোনো ধাবাত এতিয়াৰ পৰা পান কৰিব নোৱাৰিব সুৰা । নগাঁৱৰ কোনো ধাবাত অবৈধভাৱে বিক্ৰী কৰিব নোৱাৰিব সুৰা । সঘনাই বৃদ্ধি পোৱা পথ দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত কঠোৰ হৈছে নগাঁৱৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তই ।

বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথ অথবা ৰাজ্যিক ঘাইপথৰ কাষত থকা ধাবাৰ পৰাই সুৰাপান কৰি নিশা বাহন চলোৱাৰ ফলত প্ৰায়েই সংঘটিত হয় পথ দুৰ্ঘটনা । কিন্তু নগাঁৱত এতিয়াৰ পৰা পথৰ কাষৰ ধাবাত অবৈধভাৱে বিক্ৰী কৰিব নোৱাৰিব সুৰা । কাৰণ এইক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে নগাঁৱৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তই ।

নগাঁৱৰ পথৰ কাষত থকা একাধিক ধাবাত অবৈধভাৱে সুৰা বিক্ৰী কৰাৰ উপৰিও ধাবাৰ ভিতৰতে অনৈতিক কাৰ্যকলাপ সংঘটিত হোৱাৰো অভিযোগ উত্থাপন হৈ আহিছে । এই ধাবাসমূহত অবৈধভাৱে সুৰা বিক্ৰী বন্ধ কৰিবলৈ তৎপৰ হৈ পৰিছে নগাঁও আৰক্ষী ।

লগতে পঢ়ক : Cyber crime : মৰিগাঁৱত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান; গ্ৰেপ্তাৰ ছীম কাৰ্ড ব্যৱসায়ী

সোমবাৰে ওৰে নিশা ঘাইপথৰ কাষৰ ধাবাত নগাঁৱৰ বিভিন্ন আৰক্ষী থানাৰ আৰক্ষীয়ে চলায় অভিযান । নগাঁৱৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নিৰ্দেশত জিলাখনৰ বিভিন্ন আৰক্ষী থানাৰ আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় ।

লগতে নিশা গোপনে সুৰা বিক্ৰী কৰা ধাবাসমূহকো পৰবৰ্তী সময়ত সুৰা বিক্ৰী বন্ধ ৰাখিবলৈ কঠোৰ সকীয়নী দিয়ে আৰক্ষী অধীক্ষক নৱনীত মহন্তই । পথৰ কাষৰ ধাবাসমূহত সুৰা বিক্ৰী বন্ধ হ’লে পথ দুৰ্ঘটনা বহু পৰিমানে হ্ৰাস পাব বুলি আশাবাদী নগাঁৱৰ আৰক্ষী অধীক্ষক নৱনীত মহন্ত ।

উল্লেখযোগ্য যে, পথ সুৰক্ষাৰ বাবে নগাঁৱৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তই গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰিছে নগাঁৱৰ বিভিন্ন মহলে ।

লগতে পঢ়ক : Firing in Nagaon: নগাঁৱত দুৰ্বৃত্তৰ গুলীত আহত ঔষধ বিপণিৰ স্বত্বাধিকাৰী; আটক অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.