ETV Bharat / state

Drive against drugs: নগাঁৱত উৎখাত বৃহৎ ড্ৰাগছৰ ঘাটি; মুখ্যমন্ত্ৰীৰ প্ৰশংসা নগাঁও আৰক্ষীক

author img

By

Published : Jul 26, 2023, 11:15 AM IST

ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা নগাঁও আৰক্ষীৰ আন এক সফলতা । পুনৰ জব্দ প্ৰায় আঢ়ৈ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী । ঔষধ ব্যৱসায়ৰ নামত নগাঁৱৰ আমিৰ হুছেইনে চলাই আহিছিল নিচাজাতীয় ঔষধৰ বেহা । ড্ৰাগছৰ বৃহৎ সাম্ৰাজ্য গঢ়ি তোলা আমিৰ হুছেইনো নগাঁও আৰক্ষীৰ জালত ।

drive against drugs
ড্ৰাগছৰ বিৰুদ্ধে অভিযান

ড্ৰাগছৰ বিৰুদ্ধে অভিযান

নগাঁও, 26 জুলাই : মুখ্যমন্ত্ৰীৰ আসনত বহি ড৹ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীক অভিযান তীব্ৰতৰ কৰিবলৈ দিয়া নিৰ্দেশৰ পিচৰে পৰাই সৰ্বাধিক চৰ্চাত থকা জিলা হৈছে নগাঁও ৷ পূৰ্বৰ এছ পি আনন্দ মিশ্ৰৰ কাৰ্যকালত ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক অভিযান চলিছিল জিলাখনত ৷ আৰক্ষীৰ গুলীত ঘূণীয়া হৈছিল বহু ড্ৰাগছ ব্যৱসায়ী ৷ বৰ্তমানেও অব্যাহত আছে নগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী যুঁজখন ৷

নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰা নৱনীত মহন্তয়ো ড্ৰাগছকে ধৰি বিভিন্ন অপৰাধৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত চলাইছে ৷ তাৰ মাজতে নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে লাভ কৰিলে আন এক সফলতা । মাত্ৰ কেইদিনমান পূৰ্বে একেলগে পাঁচ কোটি টকা মূল্যৰ হেৰ’ইন জব্দ কৰাৰ পিচত পুনৰ আঢ়ৈ কোটি টকাৰ নিচাজাতীয় ঔষধ জব্দ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী ।

মঙলবাৰে নিশা নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) সুপ্ৰতিভ লাল বৰুৱাৰ নেতৃত্বত নগাঁও আৰক্ষীৰ এটা দলে নগাঁও চহৰৰ ধিং গেইটৰ নবীন নগৰত অভিযান চলাই কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় । নগাঁৱৰ ধিং গেইটৰ নবীন নগৰৰ আমিৰ হুছেইন নামৰ এজন লোকে দীৰ্ঘদিন ধৰি ঔষধৰ ব্যৱসায়ৰ নামত চলাই আহিছিল ড্ৰাগছৰ বৃহৎ বেহা । ঔষধ ব্যৱসায়ৰ নামত নগাঁও জিলাখনতে ড্ৰাগছৰ সাম্ৰাজ্য গঢ়ি তোলা আমিৰ হুছেইনৰ ড্ৰাগছৰ সাম্ৰাজ্যত পৰিল নগাঁও আৰক্ষীৰ হাতোৰা ৷

আমিৰ হুছেইনে ঔষধ ব্যৱসায়ৰ নামত ড্ৰাগছৰ বেহা চলোৱাৰ তথ্য নগাঁৱৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তই লাভ কৰাৰ পিচতেই মঙলবাৰে নিশা নগাঁও আৰক্ষীৰ এটা বৃহৎ দলে ধিং গেইটৰ নবীন নগৰৰ আমিৰ হুছেইনৰ বাসগৃত চলাই অভিযান । অভিযানত নগাঁও আৰক্ষীৰ দলটোৱে বৃহৎ সংখ্যক নিচাযুক্ত কফ চিৰাপৰ লগতে টেবলেট জব্দ কৰিবলৈ সক্ষম হয় । জব্দকৃত নিচাজাতীয় ঔষধখিনিৰ বজাৰ মূল্য প্ৰায় ২.৫০ কোটি টকা হ’ব বুলি জানিব পৰা গৈছে ।

আমিৰ হুছেইনে দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধুলি দি নিজ বাসগৃহৰ পৰা চলাই গৈছিল ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় । নিশাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি জব্দ কৰাৰ লগতে আটক কৰিছে আমিৰ হুছেইনকো । উল্লেখ্য যে, নগাঁৱত এনেদৰে ঔষধৰ ব্যৱসায়ৰ নামত একাংশ অসাধু লোকে নিচাজাতীয় ঔষধৰ বেহা চলোৱাৰ অভিযোগ প্ৰায়েই উত্থাপন হৈ আহিছে ।

লগতে পঢ়ক : Drugs Peddlers Arrested in Nagaon: নগাঁৱত ৫ কোটিৰো অধিক মূল্যৰ হেৰ'ইন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.