ETV Bharat / state

Anti drugs operation in Nagaon : ড্ৰাগছৰ সন্ধানত নগাৱঁত মাটি খান্দিলে আৰক্ষীয়ে

author img

By

Published : Feb 14, 2023, 10:48 AM IST

নগাঁৱত অব্যাহত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান (Anti drugs operation at Nagaon) । এইবাৰ ড্ৰাগছ বিচাৰি মাটি খান্দি অভিযান চলাইছে নগাঁও আৰক্ষীয়ে (Police digging ground in search of drugs) ।

Anti drugs operation at Nagaon
নগাঁৱত অব্যাহত ড্ৰাগছ বিৰোধী অভিযান

নগাঁৱত অব্যাহত ড্ৰাগছ বিৰোধী অভিযান

নগাঁও, 14 ফেব্ৰুৱাৰী : ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ আন এক সফল অভিযান (Anti drugs operation in Assam) । ৰাজ্য চৰকাৰ-প্ৰশাসনে কঠোৰভাৱে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰখাৰ সময়তে ড্ৰাগছ সৰবৰাহকাৰী, ড্ৰাগছ সেৱনকাৰীয়ে নিত্য নতুন কৌশল অৱলম্বন কৰা পৰিলক্ষিত হৈছে ৷

ইয়াৰ মাজতে নগাঁৱত বিভিন্ন কূট-কৌশল অৱলম্বন কৰি নিষিদ্ধ ড্ৰাগছৰ বেহা চলাই গৈছে একাংশ ড্ৰাগছ ব্যৱসায়ীয়ে ৷ অৱশ্যে কৌশল সলালেও নগাঁও আৰক্ষীৰ পৰা সাৰিব পৰা নাই ড্ৰাগছ ব্যৱসায়ীয়ে । ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে বিগত কিছুদিন ধৰি ধাৰাবাহিকভাৱেই অব্যাহত ৰাখিছে অভিযান । ড্ৰাগছ ব্যৱসায়ীয়ে যিমানেই কৌশল সলনি কৰিছে নগাঁও আৰক্ষীয়েও নতুন নতুন কৌশলেৰে অব্যাহত ৰাখিছে এই ড্ৰাগছ বিৰোধী অভিযান ।

এইবাৰ মাটি খান্দি ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী । ড্ৰাগছ বিচাৰি নগাঁৱৰ কদমতলত মাটি খান্দিলে নগাঁও আৰক্ষীয়ে । নগাঁৱৰ কদমতলৰ আব্দুল নামৰ এটা ড্ৰাগছ ব্যৱসায়ীৰ ঘৰত মাটিৰ তলত পুতি থোৱা অৱস্থাত আছিল বুজন পৰিমাণৰ ড্ৰাগছ । সূত্ৰৰ ভিত্তিত উক্ত খবৰ লাভ কৰে নগাঁও আৰক্ষীয়ে (Drugs seized in Nagaon)।

নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীৰ নেতৃত্বত নগাঁও সদৰ আৰক্ষীৰ এটা দলে সোমবাৰে নিশাই অভিযান চলাই কদমতলৰ আব্দুলৰ ঘৰত । ড্ৰাগছ বিচাৰি আব্দুলৰ ঘৰৰ মাটি খান্দি অভিযান চলালে আৰক্ষীৰ দলটোৱে । অভিযানত মাটিৰ তলৰ পৰাই বুজন পৰিমাণৰ নিচাজাতীয় ঔষধ জব্দ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষীৰ অভিযানকাৰী দলটোৱে । মৰঙীয়াল কদমতল ভি ডি পি ৰ সহযোগত নগাওঁ আৰক্ষীয়ে মাটি খান্দি জব্দ কৰে এই ড্ৰাগছখিনি ।

অভিযানত ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত আব্দুল নামৰ ড্ৰাগছ ব্যৱসায়ীটোক আটক কৰিবলৈ সক্ষম হয় নগাওঁ আৰক্ষীয়ে । ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত আটক হোৱা আব্দুলক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে । মঙলবাৰে ধৃত আব্দুলক নগাঁও আদালতত হাজিৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে ।

ইপিনে সোমবাৰে নিশাই নগাঁৱৰ হুজগাঁৱতো নগাঁও আৰক্ষীৰ এটা দলে অভিযান চলায় । নগাঁৱৰ হুজগাৱঁত চলোৱা অভিযানত হেৰ'ইনসহ দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । হুজগাৱঁৰ পৰা মহেন্দ্ৰ দাস, ইছৰাফিল আলী নামৰ দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে । ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে মুঠ ১২.৭৫ গ্ৰাম হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : Drones for collecting blood samples : ড্ৰোণ ব্যৱহাৰৰ জৰিয়তে তেজৰ নমুনা সংগ্ৰহৰ পদক্ষেপ হিমাচলৰ স্বাস্থ্য বিভাগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.