ETV Bharat / state

নগাঁৱত পথ নিৰ্মাণত দুৰ্নীতিঃ ৰাইজৰ ৰোষত ঠিকাদাৰ

author img

By

Published : Nov 6, 2019, 12:13 PM IST

নগাঁৱত পথ নিৰ্মাণত দুৰ্নীতিঃ ৰাইজৰ ৰোষত ঠিকাদাৰ

নগাঁও জিলাৰ ৰহা সমষ্টিৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ এটা পথে পুনৰ উন্মোচিত কৰিলে দুৰ্নীতিৰ ৷ শিমলুগুৰিৰ পৰা প্ৰমীলা বস্তিলৈ নিৰ্মাণ হৈ থকা প্ৰায় দুই কি:মি: দৈৰ্ঘৰ পথটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নৌহওতেই এফালৰ পৰা খহি গৈছে ৷

নগাঁও,6 নৱেম্বৰঃ ধোৱা চাঙত পৰিৱৰ্তনকামী চৰকাৰৰ দুৰ্নীতিৰ শূন্য সহনশীল নীতি ৷ বিজেপি চৰকাৰে যিমানেই দুৰ্নীতিৰ বিৰুদ্ধে শ্ল'গান নিদিয়ক কিয়,এফালৰ পৰা যেন চানি ধৰিছে দুৰ্নীতিয়ে৷ নগাঁও জিলাৰ ৰহা সমষ্টিৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ এটা পথে পুনৰ উন্মোচিত কৰিলে দুৰ্নীতিৰ ৷ শিমলুগুৰিৰ পৰা প্ৰমীলা বস্তিলৈ নিৰ্মাণ হৈ থকা প্ৰায় দুই কি:মি: দৈৰ্ঘৰ পথটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নৌহওতেই এফালৰ পৰা খহি গৈছে ৷ প্ৰায় এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা পথটোৰ আধাৰশিলা স্থাপন কৰিছিল ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসে

NAGAON BARHAMPUR PMGSY ROAD CONSTRUCTION SCAM ASSAM NEWS
ঘাঁহৰ ওপৰতে সংস্থাপন কৰিলে চিচি ব্লক
পথটো নিৰ্মাণ কাৰ্যত ঠিকাদাৰে নিম্ন মানৰ চি চি ব্ল'ক স্থাপন কৰাৰ গুৰুতৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে৷ ৰাইজৰ অভিযোগ চি চি ব্লক সংস্থাপন কৰাৰ পূৰ্বে পথটোত বালি আৰু ৰাবিজৰ তৰপ পেলাব লাগে যদিও ঠিকাদাৰে ঘাঁহৰ ওপৰতে চি চি ব্লক স্থাপন কৰি ধন শৰাধ কৰিছে ৷ বুধবাৰে স্থানীয় ৰাইজ ওলাই আহি পথটোৰ চিচ ব্লক এৰুৱাই দিয়াত উন্মোচিত হয় ঠিকাদাৰৰ দুৰ্নীতিৰ কথা ৷ ৰাইজে শীঘ্ৰেই সংশ্লিষ্ট ঠিকাদাৰজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷
নগাঁৱত পথ নিৰ্মাণত দুৰ্নীতিঃ ৰাইজৰ ৰোষত ঠিকাদাৰ

লগতে চাওকঃ বৰপেটা গ্ৰাম্য পথ উপ-সংমণ্ডলত পথ নিৰ্মাণত সংঘটিত দুৰ্নীতি

Intro:প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মানত ঠিকাদাৰ দূৰ্নীতিৰ ৷


ANCHOR =ধোৱা চাঙত পৰিবৰ্তনগামী চৰকাৰৰ দূৰ্নীতিত শূন্য সহনশীল নীতি ৷ বিজেপি চৰকাৰে যিমানেই দূৰ্নীতি বিৰুদ্ধি শ্ল'গান নিদিয়ক কিয়, এফালৰ পৰা যেন চানি ধৰিছে দূৰ্নীতিয়ে ৷ হয়, নগাঁও জিলাৰ ৰহা সমষ্টিৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ এটা পথে পুনৰ উন্মোচিত কৰিলে ভয়াবহ দূৰ্নীতিৰ ৷ শিমলুগুৰিৰ পৰা প্ৰমীলা বস্তিলৈ নিৰ্মান হৈ থকা প্ৰায় দুই কি:মি: দৈৰ্ঘ্যৰ পথটো নিৰ্মান কাৰ্য সম্পূৰ্ন নৌহওতেই এফালৰ পৰা খহি গৈছে পথটো ৷ প্ৰায় এক কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মান হব লগা পথটোৰ আধাৰশিলা স্থাপন কৰিছিল ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসে ৷ পথটো নিৰ্মান কাৰ্যত ঠিকাদাৰে শিল আৰু ৰাবিজ ব্যৱহাৰ কৰাৰ বিপৰীতে বনৰ ওপৰতে বালি দি নিম্ন মানৰ চি চি ব্ল'ক স্থাপন কৰাৰ গুৰুতৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ ঠিকাদাৰ বহিনীক স্থানীয়ে লোকে বহু বাৰ আপত্তি কৰাৰ পাছত কোনো গুৰুত্ব প্ৰদান নকৰিলে ৷ ৰাইজৰ অভিযোগ বুজ লবলৈ পথটোত সাংবাদিক উপস্থিত হোৱা খৱৰ পায় মহৰি সহ বনুৱা সকল পলায়ন কৰে ৷Body:Byte =স্থানীয়লোক

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.