ETV Bharat / state

লক ডাউনৰ সুৰুঙাৰে গোপনে সৰবৰাহ কৰা হৈছে নেকি জলবিদ্যুৎ প্ৰকল্পৰ সামগ্ৰী ?

author img

By

Published : Jul 3, 2020, 10:02 PM IST

Nagaon AJYCP protest for NHPC
লক ডাউনৰ সুৰুঙাৰে গোপনে সৰবৰাহ কৰা হৈছে নেকি জলবিদ্যুৎ প্ৰকল্পৰ সামগ্ৰী ?

শুকুৰবাৰে এন এইচ পি চি ৰ নগাঁৱৰ শেনচোৱাস্থিত গুদামত সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে। শেনচোৱা ৰেল ষ্টেচনৰ সমীপতে নিৰ্মাণসংস্থাটোৱে সৰবৰাহৰ বাবে সাজু কৰি ৰাখিছে বৃহৎ সামগ্ৰী। এই খবৰ লাভ কৰাৰ পিছতেই জিলা সমিতিৰ কেবাগৰাকী নেতা সদস্য উপস্থিত হৈ সাব্যস্ত কৰে প্ৰতিবাদ।

নগাঁও, 3 জুলাইঃ নগাঁৱৰ শেনচোৱাস্থিত এন এইচ পি চিৰ গুদামৰ পৰা গোপনে জলবিদ্যুৎ প্ৰকল্পৰ সামগ্ৰী সৰবৰাহৰ অভিযোগ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷ গেৰুকামুখৰ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কাৰ্যৰ সামগ্ৰী গোপনে কঢ়িওয়াৰ উদ্দেশ্যেই চৰকাৰে সপ্তাহত দুদিনীয়া লক ডাউন ঘোষণা কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে যি সময়ত জলবিদ্যুৎ প্ৰকল্পৰ এটাৰ পিছত আনটো গাৰ্ড ৱালত বৃহৎ ফাট মেলিছে তেনে সময়তো জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কাৰ্যৰ প্ৰস্তুতি তুংগত চলা বুলিও অভিযোগ কৰে AJYCP নগাঁও জিলা সমিতিয়ে ৷

নগাঁও

লগতে পঢ়কঃ সামাজিক দূৰত্বক আওকাণ : শ্বেখ মুফতি মহম্মদ খাইৰুলৰ জানাজাত উপস্থিক সহস্ৰাধিক লোক

শুকুৰবাৰে এন এইচ পি চি ৰ নগাঁৱৰ শেনচোৱাস্থিত গুদামত সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে। শেনচোৱা ৰেল ষ্টেচনৰ সমীপতে নিৰ্মাণসংস্থাটোৱে সৰবৰাহৰ বাবে সাজু কৰি ৰাখিছে বৃহৎ সামগ্ৰী। এই খবৰ লাভ কৰাৰ পিছতেই জিলা সমিতিৰ কেইবাগৰাকী নেতা সদস্য উপস্থিত হৈ সাব্যস্ত কৰে প্ৰতিবাদ। ইফালে প্ৰতিবাদকাৰীক বাধা প্ৰদানৰ চেষ্টা কৰে গুদামটোৰ নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষীৰ।

নগাঁও

দৃশ্য সংগ্ৰহত সাংবাদিককো বাধা প্ৰদানৰ চেষ্টা নিৰাপত্তাৰক্ষীজনে । ফলত ঘটনাস্থলীত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। অৱশেষত প্ৰতিবাদস্থলীৰ পৰা পলায়ন কৰে নিৰাপত্তাৰক্ষীজনে । আনহাতে, অসমৰ স্বাৰ্থ বিঘ্নিত হ'ব পৰা এই জলবিদ্যুৎ প্ৰকল্প কোনো কাৰণতেই নিৰ্মাণ কৰিবলৈ দিয়া নহব বুলি হুংকাৰ প্ৰদান কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকলে ৷

লগতে পঢ়ক : নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.