ETV Bharat / state

ভাৰত বন্ধৰ মাজতে ৰাজপথত সহস্ৰাধিক প্ৰতিবাদকাৰীঃ CAA ৰ বিৰোধিতাৰে উত্তাল নগাঁও

author img

By

Published : Jan 8, 2020, 3:24 PM IST

Updated : Jan 8, 2020, 7:01 PM IST

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদত উত্তাল নগাওঁ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বন্ধৰ মাজতো ওলাই আহিল জনতা। প্ৰতিবাদী সমদলত অংশগ্ৰহণ কেবাসহস্ৰাধিক লোকৰ। প্ৰতিবাদকাৰীৰ এটাই হুংকাৰ। কোনো কাৰণত মানি লোৱা নহব নাগৰিকত্ব সংশোধনী আইন।

NAGAON AJYCP PROTEST AGAINST CAA
CAA ৰ বিৰোধিতাৰে উত্তাল নগাঁও

CAA ৰ বিৰোধিতাৰে উত্তাল নগাঁও

নগাঁও, 8 জানুৱাৰীঃ বুধবাৰে ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা নগাঁৱত সাব্যস্ত হ'ল নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাওঁ জিলা সমিতিৰ আহ্বানত বিশাল প্ৰতিবাদী সমদল নগাওঁ চহৰত। নগাওঁ মহাবিদ্যালয়ৰ সন্মুখৰ ৰাজপথত প্ৰথমেই অনুষ্ঠিত হয় প্ৰতিবাদী সভা। তাৰ পিছতেই এই বিশাল প্ৰতিবাদী সমদল। নগাওঁ চহৰৰ মাজেৰে উলিওৱা সমদলত অংশগ্ৰহণ কেবাসহস্ৰাধিক লোকৰ।

চৰকাৰ আৰু কা বিৰোধী ধ্বনিত উত্তাল নগাওঁ চহৰ। প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ বিভিন্ন সংগঠনৰ লগতে সাহিত্যিক, সাংবাদিকৰ। অসমবাসীৰ প্ৰতিবাদৰ সন্মুখীন হ'বলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাহস নাই বুলিও মন্তব্য কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাই। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৃষক মুক্তি সংগ্ৰাম সমিতিৰো। কা বাতিল নোহোৱা পৰ্যন্ত এই আন্দোলন অব্যাহত থাকিব বুলি মন্তব্য সংগঠনটোৰ নগাওঁ জিলা সমিতিৰ।

Intro:জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদত উত্তাল নগাওঁ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বন্ধৰ মাজতো ওলাই আহিল জনতা। প্ৰতিবাদী সমদলত অংশগ্ৰহণ কেবাসহস্ৰাধিক লোকৰ। প্ৰতিবাদকাৰীৰ এটাই হুংকাৰ। কোনো কাৰণত মানি লোৱা নহব নাগৰিকত্ব সংশোধনী আইন।


Body:নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত তীব্রতৰ হৈছে আন্দোলন।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদত উত্তাল নগাওঁ।
বুধবাৰে ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা নগাঁৱত সাব্যস্ত হল নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাওঁ জিলা সমিতিৰ আহ্বানত বিশাল প্ৰতিবাদী সমদল নগাওঁ চহৰত। নগাওঁ মহাবিদ্যালয়ৰ সন্মুখৰ ৰাজপথত প্ৰথমেই অনুষ্ঠিত হয় প্ৰতিবাদী সভা। তাৰ পিছতেই এই বিশাল প্ৰতিবাদী সমদল। নগাওঁ চহৰৰ মাজেৰে উলিওৱা সমদলত অংশগ্ৰহণ কেবাসহস্ৰাধিক লোকৰ। চৰকাৰ আৰু কা বিৰোধী ধ্বনিত উত্তাল নগাওঁ চহৰ। প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ বিভিন্ন সংগঠনৰ লগতে সাহিত্যিক, সাংবাদিকেও। অসমবাসীৰ প্ৰতিবাদৰ সন্মুখীন হবলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাহস নাই বুলিও মন্তব্য কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাই।
bite



Conclusion:প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৃষক মুক্তি সংগ্ৰাম সমিতিৰো। কা বাতিল নোহোৱা পৰ্য্যন্ত এই আন্দোলন অব্যাহত থাকিব বুলি মন্তব্য সংগঠনটোৰ নগাওঁ জিলা সমিতিৰ।
bite-
-------------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
৮-১-২০
Last Updated : Jan 8, 2020, 7:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.