ETV Bharat / state

ভতিজাকৰ কুঠাৰৰ ঘাপত প্ৰাণ গ'ল বৰদেউতা-বৰমাকৰ

author img

By

Published : May 15, 2021, 11:08 AM IST

murder-case-in-nagaon
ভতিজাকৰ কুঠাৰৰ ঘাপত প্ৰাণ গ'ল বৰদেউতা-বৰমাকৰ

ভতিজাকৰ কুঠাৰৰ ঘাপত প্ৰাণ গ'ল বৰদেউতা-বৰমাকৰ ৷ এই নৃশংস ঘটনা সংঘটিত হৈছে নগাঁৱৰ ননৈ কুমাৰগাঁৱত ৷ ভূমি বিবাদৰ ফলতেই এই হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

বঢ়মপুৰ,15 মে’: নগাঁৱৰ ননৈ কুমাৰগাঁৱত শুকুৰবাৰে নিশা সংঘটিত হৈছে নৃশংস হত্যাকাণ্ডৰ ঘটনা ৷ ভতিজাকৰ কুঠাৰৰ ঘাপত প্ৰাণ গ'ল বৰদেউতা আৰু বৰমাকৰ ৷ অভিযুক্তগৰাকী কাৰ্তিক শইকীয়া বুলি জানিব পৰা গৈছে ৷ কাৰ্তিক শইকীয়াৰ কুঠাৰৰ ঘাপত থিতাতে নিহত হয় নালিয়া শইকীয়া(৯০) আৰু কণছোৱালী শইকীয়া(৮২) নামৰ দম্পতীটো ।

ভতিজাকৰ কুঠাৰৰ ঘাপত প্ৰাণ গ'ল বৰদেউতা-বৰমাকৰ

ভূমি বিবাদৰ ফলতেই উক্ত নৃশংস হত্যাকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ এই ঘটনাৰ পাছতে ঘটনাস্থলীত নিশা ননৈ পহৰা চকী আৰু নগাঁৱৰ সদৰ আৰক্ষী উপস্থিত হয় ৷ আৰক্ষীয়ে অভিযুক্ত কাৰ্তিক শইকীয়াক কৰায়ত্ত কৰাৰ লগতে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক: ক'ভিড আক্ৰান্তৰ পদূলিত ওলমিব পোষ্টাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.