ETV Bharat / state

ৰাজনীতিৰ ক্ষেত্ৰলৈ নাহে হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ

author img

By

Published : Apr 6, 2021, 9:09 PM IST

মঙলবাৰে নগাঁৱৰ ভেৰভেৰীস্থিত মহা মৃত্যুঞ্জয় মন্দিৰত উপস্থিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ নেডাৰ আহ্বায়ক গৰাকীয়ে মৃত্যুঞ্জয় মন্দিৰ প্ৰদক্ষিণ কৰি ধূপ-দীপ, নৈবেদ্য আগবঢ়াই সেৱা লয় ৷ দাক্ষিণাত্যৰ সম্পূৰ্ণ পৰম্পৰাগত সাজ-পোচাক পৰিধান কৰি প্ৰায় চল্লিশ মিনিট সময় মৃত্যুঞ্জয়ৰ চৰণত পূজা-অৰ্চনাত বহে মন্ত্ৰী শৰ্মাই ৷

ৰাজনীতিৰ ক্ষেত্ৰলৈ নাহে হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ
ৰাজনীতিৰ ক্ষেত্ৰলৈ নাহে হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ

চামগুৰি,6 এপ্ৰিল: মঙলবাৰে নগাঁৱৰ ভেৰভেৰীস্থিত মহা মৃত্যুঞ্জয় মন্দিৰত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই সমষ্টিত ভোটদান কৰি হেলিকপ্তাৰযোগে আহি উপস্থিত হয় মহা মৃত্যুঞ্জয় মন্দিৰত ৷ নেডাৰ আহ্বায়ক গৰাকীয়ে মৃত্যুঞ্জয় মন্দিৰ প্ৰদক্ষিণ কৰি ধূপ-দীপ, নৈবেদ্য আগবঢ়াই সেৱা লয় ৷ দাক্ষিণাত্যৰ সম্পূৰ্ণ পৰম্পৰাগত সাজ-পোচাক পৰিধান কৰি প্ৰায় চল্লিশ মিনিট সময় মৃত্যুঞ্জয়ৰ চৰণত পূজা-অৰ্চনাত বহে মন্ত্ৰী শৰ্মাই ৷

নিৰ্বাচন সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় যে, এই নিৰ্বাচনৰ প্ৰথম চৰণত ৩৫-৪০ খন আসন লাভ কৰিব ৷ আনহাতে দ্বিতীয় পৰ্যায়ত ২০-২৫ খন আসন লাভ কৰাৰ লগতে তৃতীয় চৰণত নিশাৰ ভাগত আসন সন্দৰ্ভত অৱগত কৰিব ৷ ইফালে, বিপিএফে কোনোমতে এখন আসন পাব যদিও সেইখন অৱশেষত বিজেপিৰ ফাললৈকে আহিব বুলি দাবী কৰে হিমন্ত বিশ্ব শৰ্মাই ।

মহা মৃত্যুঞ্জয় মন্দিৰত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

আনহাতে, পুত্রই প্ৰথমবাৰৰ বাবে ভোট দিয়াৰ কথা দোহাৰি ভবিষ্যতে পুত্র ৰাজনীতিলৈ নহাটো বিচাৰে বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে । কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে হিমন্ত বিশ্বক ভষ্মাসুৰ বুলি মন্তব্য কৰাৰ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে শিক্ষিত যুৱকৰ মুখত এনে কথা শোভা নাপাই বুলি মন্তব্য কৰে । ক'ভিডক লৈ অসমত ৰে’ল ষ্টেচন আৰু বিমানবন্দৰসমূহত অধিক কঠোৰ হ’ব ক'ভিড নিয়ম । এইবুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে নেডাৰ আহ্বায়ক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক: নাগালেণ্ডৰ কন্যাকসকলৰ আওলেং উৎসৱ উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.