ETV Bharat / state

Gaurav Gogoi as cricketer: নগাঁৱত ক্ৰিকেটাৰ ৰূপত সাংসদ গৌৰৱ গগৈ

author img

By

Published : Feb 12, 2023, 9:41 PM IST

এইবাৰ ক্ৰিকেটাৰ ৰূপত দেখা গ’ল কংগ্ৰেছ সাংসদ গৌৰৱ গগৈক (Gaurav Gogoi as cricketer) ৷ নগাঁৱৰ ষ্টাৰ স্পৰ্টিং ক্লাৱৰ (Star Sporting Club Nagaon) প্ৰতিষ্ঠা দিৱসত অংশ লৈ বলিং আৰু ফিল্ডিং গৌৰৱ গগৈৰ ৷ দেওবাৰে অনুষ্ঠিত কৰৈ হৈছিল ষ্টাৰ স্পৰ্টিং ক্লাৱৰ 59 তম প্ৰতিষ্ঠা দিৱস ৷

Gaurav Gogoi as cricketer
নগাঁৱত ক্ৰিকেটাৰ ৰূপত সাংসদ গৌৰৱ গগৈ

নগাঁৱত ক্ৰিকেটাৰ ৰূপত সাংসদ গৌৰৱ গগৈ

নগাঁও, 12 ফেব্ৰুৱাৰী: নগাঁৱত ক্ৰিকেটাৰ ৰূপত দেখিবলৈ পোৱা গ’ল কংগ্ৰেছ নেতা তথা কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈক (MP Gaurav Gogoi in Nagaon) ৷ দেওবাৰে নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামৰ ক্ৰিকেট প্ৰতিযোগিতাত অংশ ল’লে সাংসদগৰাকীয়ে ৷ খেলপথাৰত বলিং আৰু ফিল্ডিং গৌৰৱ গগৈৰ (Gaurav Gogoi as cricketer) ৷

উল্লেখ্য যে, নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত (Nagaon Nurul Amin Stadium) ষ্টাৰ স্পৰ্টিং ক্লাৱৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে গৌৰৱ গগৈয়ে ৷ কাৰ্যসূচীত অংশ লৈ কিছু সময়ৰ বাবে খেলপথাৰতো নামিল সাংসদগৰাকী ৷ দেওবাৰে নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত কৰা হৈছিল ষ্টাৰ স্পৰ্টিং ক্লাৱৰ 59 তম প্ৰতিষ্ঠা দিৱস ৷

প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰাক্তন সভাপতি পুলিন শইকীয়াৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে ক্লাৱটোৰ বৰ্তমানৰ সভাপতি, সম্পাদক আৰু অন্যান্য সদস্যসকলে ৷ লগতে অনুষ্ঠিত কৰা হয় A Side Day & Night Veterans Cricket Tournament ৷ এই ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে 4 টা দলে ৷

ষ্টাৰ স্পৰ্টিং ক্লাৱৰ (Star Sporting Club Nagaon) প্ৰতিষ্ঠা দিৱসত বিয়লি উপস্থিত হয় সাংসদ গৌৰৱ গগৈ আৰু কিছু সময়ৰ বাবে বলিং কৰে ৷ উল্লেখ্য যে, দেওবাৰে নগাঁৱৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা প্ৰদেশ কংগ্ৰেছৰ এখন মাণ্ডলিক সভাত অংশগ্ৰহণৰ বাবে গৈছিল গৌৰৱ গগৈ ৷

এই সভাত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক লৈ পৰিল গৌৰৱ গগৈ ৷ আদানীৰ বিৰুদ্ধে ই ডি (ED) অথবা আয়কৰ বিভাগে তদন্ত কৰাৰ পূৰ্বেই প্ৰধানমন্ত্ৰীয়ে আদানীক ক্লীনশ্বিট দিয়া বুলি অভিযোগ সাংসদ গৌৰৱ গগৈৰ (Gaurav Gogoi allegation against Modi) ৷ সংসদত আদানীৰ প্ৰসংগ উত্থাপন কৰাৰ পাচতো প্ৰধানমন্ত্ৰীয়ে আদানীৰ বিষয়ে মাত মাতিবলৈ ভয় কৰা বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে ৷

ইয়াৰোপৰি অপৰাধ, ছিণ্ডিকেট, হত্যা, লুইজ বাৰ্জাৰ আদি কেলেংকাৰীত জড়িত ব্যক্তিক লৈ বিজেপিয়ে শাসন কৰা বুলিও বিস্ফোৰক অভিযোগ গৌৰৱ গগৈৰ ৷ কেৱল সিমানেই নহয়, বিজেপি চৰকাৰে দমনমূলক নীতিৰে কাম কৰা বুলিও অভিযোগ উত্থাপন কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে ৷ এই মাণ্ডলিক সভাৰ পাচতেই ষ্টাৰ স্পৰ্টিং ক্লাৱৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত খেলপথাৰত ক্ৰিকেটাৰ ৰূপত নামি পৰিল গৌৰৱ গগৈ ৷

লগতে পঢ়ক: Operation Against Child Marriage : নৱম শ্ৰেণীৰ ছাত্ৰীক পলুৱাই নিলে দুই সন্তানৰ পিতৃয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.