ETV Bharat / state

খেল ধেমালীৰ বয়সতে কঠিন বাস্তৱৰ মুখামুখি বটদ্ৰৱাৰ ছফিকুলৰ দুই কন্যা

author img

By

Published : May 25, 2022, 2:26 PM IST

এক কঠিন বাস্তৱৰ সৈতে যুঁজ দিছে ফাতেমা আৰু কুলছুমা (Fatema and Kulsuma fight for justice) ৷ সমনীয়াৰ সৈতে খেল-ধেমালি কৰাৰ সময়ত এতিয়া ন্যায়ৰ হকে মাত মাতিছে অসহায় দুই কণমানিয়ে ৷ সবিশেষ এই প্ৰতিবেদনত...

Mob torches Batadrava Police Station case
ন্যায়ৰ বাবে যুঁজিছে ফাতেমা আৰু কুলছুমাই

নগাঁও, 25 মে’ : দুটি কণমানি...৷ অপৰাধৰ পৰিভাষা বুজি নাপায় দুয়ো ৷ বুজি নাপায় অন্যায় কাক কয় ৷ সময় সমনীয়াৰ সৈতে ধেমালি কৰাৰ ৷ সময় পিতৃ, মাতৃৰ সৈতে ঘূৰি ফুৰাৰ ৷ কিন্তু এনে সময়তে দুয়ো মুখামুখি হৈছে এক কঠিন বাস্তৱৰ ৷

আমি ক'ব বিচাৰিছোঁ এই দুই ফুলকুমলীয়া কন্যা শিশুৰ কথা । নাম ফাতেমা খাতুন আৰু কুলছুমা বেগম । পঞ্চম শ্ৰেণীৰ ছাত্ৰী ফাতেমা বেগম আৰু কুলছুমা বেগম চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী । বৰ্তমান এক অসহায় অৱস্থা এই দুই কণমানিৰ । এই কণমানি দুটি হৈছে বটদ্ৰৱা আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা ছফিকুল আৰু আৰক্ষী থানা জ্বলাই দিয়া অপৰাধৰ অভিযুক্ত ৰাচিদা খাতুনৰ কন্যা ।

যিগৰাকী ছফিকুলৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই সংঘটিত হৈছিল থানা আক্ৰমণৰ ভয়ংকৰ ঘটনা (Batadrava police station incident) ।

খেল ধেমালীৰ বয়সতে কঠিন বাস্তৱৰ মুখামুখি বটদ্ৰৱাৰ ছফিকুলৰ দুই কন্যা

এফালে পিতৃৰ মৃত্যু আনফালে থানা জ্বলোৱা (Assam Police Station Attack) অপৰাধত গ্ৰেপ্তাৰ মাতৃ ৷ শনিবাৰে বটদ্ৰৱা আৰক্ষীৰ জিম্মাত ছফিকুল ইছলামৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই সৃষ্টি হৈছিল অপ্ৰীতিকৰ পৰিস্থিতি । বটদ্ৰৱা আৰক্ষী থানা জ্বলাই দিয়াৰ পিছতেই উচ্ছেদ কৰা হৈছিল থানা জ্বলোৱা অভিযুক্তৰ বাসগৃহ ।

ঘটনা সংঘটিত হোৱাৰ পিছত শনিবাৰে নিশাই আন কেইবাজনো অভিযুক্তৰ সৈতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ছফিকুল ইছলামৰ পত্নীকো (Criminal involved in Batadrava incident)। গ্ৰেপ্তাৰ হৈছিল আৰক্ষী থানাত পেট্ৰ’ল ঢালি দিয়া ছফিকুলৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত কন্যাও । এতিয়া এক কঠিন বাস্তৱৰ সন্মুখীন হৈছে তেওঁলোকৰ দুই কন্যাই ।

লগতে পঢ়ক : Assam Police Station Attack: বটদ্ৰৱা থানা আক্ৰমণত জড়িত আছিল কুখ্যাত অপৰাধী

কাৰণ নিজৰ বুলিবলৈ ফাটেমা, কুলছুমাৰ ওচৰত এতিয়া কোনোৱে নাই । থাকিবলৈ ঘৰখনো নাই ফাটেমা আৰু কুলছমাৰ । ছফিকুলৰ এই দুই অসহায় কন্যাই এতিয়া বিচাৰিছে ন্যায় (Fatema and Kulsuma fight for justice) । অন্যায়, অপৰাধৰ পৰিভাষা বুজি নাপালেও পৰিয়ালৰ লোকে কৰা অপৰাধৰ বাবেই এতিয়া অসহায় অৱস্থাৰ সন্মুখীন হ’বলগীয়া হৈছে এই দুই ফুলকুমলীয়া শিশু ।

কেৱল এই দুটি শিশুৱেই নহয়, আৰক্ষী থানা আক্ৰমণ জড়িত ছফিকুল আত্মীয়ৰ মুঠ 6 টাকৈ শিশুৰ এই অসহায় অৱস্থা দেখি নগাঁৱৰ আৰক্ষী অধীক্ষকৰ তৎপৰতাতাত চাইল্ড লাইনে দায়িত্ব লয় অসহায় শিশুকেইটাৰ । ইপিনে ঘটনাত কেন্দ্ৰ কৰিয়েই বৰ্তমানেও চেপা উত্তেজনা অব্যাহত আছে বটদ্ৰৱাৰ ছালনাবড়ি অঞ্চলত । অভিযুক্তৰ বাসগৃহ উচ্ছেদ কৰা কাৰ্যৰ লগতে আৰক্ষী থানাত আক্ৰমণ কৰা ঘটনাৰো বিৰোধিতা কৰিছে স্থানীয় লোকে ।

ইয়াৰ মাজতে আৰক্ষী থানা আক্ৰমনত জড়িত লোকৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানত সহায় কৰাৰো আশ্বাস স্থনীয় লোকৰ । আৰক্ষী থানা আক্ৰমণৰ ঘটনাত জড়িত অপৰাধীৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ সময়তে একাংশ সাধাৰণ লোকৰ মাজতো সৃষ্টি হৈছিল আতংকৰ ।

লগতে পঢ়ক : Mob torches Batadrava Police Station incident: বটদ্ৰৱা কাণ্ডক লৈ শিখা শৰ্মাৰ বিস্ফোৰক মন্তব্য

ইয়াৰ মাজতে ই টি ভি ভাৰতৰ জৰিয়তে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেৰ (Nagaon SP Leena Doley) মন্তব্য । নিৰ্দোষী কোনো এজন লোকেই নাপায় হাৰাশাস্তি । কিন্তু আৰক্ষী থানাত আক্ৰমণ কৰা ঘটনাত জড়িত কোনো লোকেই নাপায় ৰেহাই । ছফিকুল ইছলাম নামৰ যুৱকজনৰ মৃত্যুক কেন্দ্ৰ কৰি আৰক্ষী থানাত আক্ৰমণ কৰা ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি আজিও অব্যাহত আছে প্ৰতিক্ৰিয়া ।

আৰক্ষী থানা আক্ৰমণৰ ঘটনাত জড়িত আটাইকেইজন অপৰাধীকে কঠোৰ পৰা কঠোৰ শাস্তিৰ দাবী কৰিছে বিভিন্ন মহলে । যুৱকৰ মৃত্যু আৰু আৰক্ষী থানা আক্ৰমণৰ ঘটনাৰ নিৰপেক্ষ তদন্তৰো দাবী কৰিছে বিভিন্নজনে । অসম আৰক্ষীয়ে ঘোষণা কৰা তদন্ত সম্পূৰ্ণ নিৰপেক্ষ হ'ব বুলিও আশ্বাস আৰক্ষী অধীক্ষক লীনা দলেৰ ।

উল্লেখ্য যে, আৰক্ষী থানা আক্ৰমণৰ ঘটনাত জড়িত 8 জনকৈ অভিযুক্তক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক : Mob torches Batadrava Police Station case:: ৰেহাই নাপায় বটদ্ৰৱা কাণ্ডত জড়িত কোনো এজন ব্যক্তিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.