ETV Bharat / state

কলিয়াবৰ আৰক্ষী নিৱেশত এগৰাকী কণমানি আৰক্ষী বিষয়া

author img

By

Published : Aug 14, 2022, 7:31 PM IST

Minor police officer at Kaliabor police station
কলিয়াবৰ আৰক্ষী নিৱেশত এগৰাকী কণমানি আৰক্ষী বিষয়া

আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ চকীত এটি কণমানি আৰক্ষী বিষয়া । কণমানিটো প্ৰকৃততে আৰক্ষী বিষয়া নহ’লেও ডাঙৰ হৈ এগৰাকী আই পি এছ বিষয়া হোৱাৰ দুৰ্বাৰ হেঁপাহ (Little Boy desperate to become an IPS officer) ৷

কলিয়াবৰ, 14 আগষ্ট: স্বাধীনতা দিৱসলৈ মাত্ৰ কেইটামান ঘন্টা বাকী ৷ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনাৱলী মতে 'আজাদী কা অমৃত মহোৎসৱ'ৰ (Azadi Ka Amrit Mahotsav) লগত সংগতি ৰাখি দেশজুৰি উদযাপন কৰিছে 'হৰ ঘৰ ত্ৰিৰংগা' (Har Ghar Tiranga) কাৰ্যসূচী ৷ এইক্ষেত্ৰত ব্যতিক্ৰম নহয় ৰাজ্যৰ আৰক্ষী নিৱেশসমূহ ৷

কলিয়াবৰ আৰক্ষী নিৱেশত এগৰাকী কণমানি আৰক্ষী বিষয়া

কলিয়াবৰ আৰক্ষী নিৱেশতো ইয়াৰ ব্যাপক কাৰ্যসূচী পৰিলক্ষিত হৈছে ৷ কিন্তু এই সকলোবোৰৰ মাজতে আন এক আকৰ্ষনীয় দৃশ্য পৰিলক্ষিত হৈছে কলিয়াবৰ আৰক্ষী নিৱেশত (Minor police officer at kaliabor Police station) ৷ কলিয়াবৰ আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ চকীত এটি কণমানি আৰক্ষী বিষয়া । কণমানিটো প্ৰকৃততে আৰক্ষী বিষয়া নহ’লেও ডাঙৰ হৈ এগৰাকী আই পি এছ বিষয়া হোৱাৰ দুৰ্বাৰ হেঁপাহ (Little Boy desperate to become an IPS officer) ৷

উল্লেখ্য যে আজি কলিয়াবৰ আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ বৰুৱাই আৰক্ষী নিৱেশৰ সন্মুখত এটি কণমানিক প্ৰত্যক্ষ কৰে ৷ কণমানিটোৰ লগত কিছু কথা-বতৰা পতাত আৰক্ষী পৰিদৰ্শক গৰাকীয়ে সুধিলে, "ডাঙৰ হৈ তুমি কি হ’বা ?" কণমানিটোৰ উত্তৰ " মই ডাঙৰ হৈ এগৰাকী আই পি এছ বিষয়া হম" ৷ কণমানিটোৰ নাম মনদীপ শৰ্মা ৷ বয়স মাত্ৰ 6 বছৰ ৷

মনদীপৰ কথা-বতৰাত আকৃষ্ট হৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে কিছু সময়ৰ বাবে আৰক্ষীৰ চকীত বহিবলৈ দি কণমানিটোৰ ভৱিষ্যতৰ আশা পূৰণত উৎসাহ যোগায় । ডাঙৰ হৈ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া হোৱা প্ৰৱল ইচ্ছা কণমানি মনদীপ শৰ্মাৰ ৷ কাইলৈ স্বাধীনতা দিৱসক লৈ আনন্দিত কণমানি মনদীপে হাতত জাতীয় পতাকা লৈ অসমবাসীক জনালে স্বাধীনতা দিৱসৰ শুভেচ্ছা ।

লগতে পঢ়ক: ৰাজ্য়ত ২০ কোটিতকৈ অধিক টকাৰ জাতীয় পতাকা বিক্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.