ETV Bharat / state

নতুন পেন্সন নীতিৰ অধীনত থকা কৰ্মচাৰীসকল সৌভাগ্যৱান ; মন্ত্ৰী ৰণোজ পেগু

author img

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 11:42 AM IST

নতুন পেন্সন নীতিৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰী ৰণোজ পেগুৰ ৷ কেন্দ্ৰীয় কৰ্মচাৰীক যি যি সুবিধা প্ৰদান কৰা হৈছে, সেই সুবিধা নতুন পেন্সন নীতিৰ অধীনত থকা ৰাজ্যিক কৰ্মচাৰীকো ৰাজ্য চৰকাৰে সুবিধা প্ৰাদন কৰিছে ৷

Minister RanojPegu Reaction on NPS
ঠিকাভিত্তিক টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰী ৰণোজ পেগুৰ

ঠিকাভিত্তিক টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰী ৰণোজ পেগুৰ

নগাঁও, 27 নৱেম্বৰ : ঠিকাভিত্তিক টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ আৰু নতুন পেন্সন নীতিৰ বাতিল দাবীত চৰকাৰী কৰ্মচাৰীয়ে সাব্যস্ত কৰা প্ৰতিবাদৰ সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ দেওবাৰে নগাঁও মহাবিদ্যালয় অনুসূচীত জনজাতি ছাত্ৰী নিবাসৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি পেগুৱে কয় যে, নতুন পেন্সন নীতিৰ অধীনত থকা কৰ্মচাৰীসকলক ভাগ্যৱান ৷

তেওঁ কয়, ‘‘নতুন পেন্সন নীতিৰ অধীনত থকা অসমৰ কৰ্মচাৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ নিৰিখত দৰমহা লাভ কৰিছে ৷ কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীলৈ আগবঢ়োৱা যিবিলাক সুবিধা থাকে সেই অনুযায়ী ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে সুবিধা লাভ কৰিছে ৷ কেন্দ্ৰীয় চৰকাৰৰ সকলো নীতি অসম চৰকাৰে মানি চলে ৷ কেন্দ্ৰই যদি কৰ্মচাৰীক দুই শতাংশ বেতন বৃদ্ধি কৰি দিয়ে তেতিয়া হ’লে ৰাজ্য চৰকাৰেও কৰ্মচাৰীক দুই শতাংশ বেতন বৃদ্ধি কৰে ৷’’

পেগুৱে কয়, ‘‘ নতুন পেন্সন নীতিৰ সন্দৰ্ভত আমি সদৌ অসম কৰ্মচাৰী সন্থাৰ সৈতে আলোচনা কৰিছিলোঁ ৷ এই ক্ষেত্ৰত কৰ্মচাৰী সন্থাৰ সহমত আছে ৷ এয়া ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে এক সৌভাগ্যৰ কথাহে ৷’’

ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ প্ৰসংগত পেগুৱে কয়, ‘‘পূৰ্বে ঠিকাভিত্তিক শিক্ষকৰ চাকৰি এবছৰীয়া আছিল ৷ কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী যেতিয়া শিক্ষামন্ত্ৰী হৈ আছিল তাৰ পাচতে তেওঁলোকৰ চাকৰি প্ৰায়ে নিয়মীয়াকৰণ হ’ল ৷ প্ৰায় 60 বছৰলৈ চাকৰিৰ ম্যাদ বঢ়াই দিলে ৷ নিয়মীয়া শিক্ষকৰ সমহাৰত দৰমহা দিয়াৰ নিয়ম প্ৰৱৰ্তন কৰিলে ৷ ঠিকাভিত্তিক শিক্ষকসকলে পেন্সন নাপায় কিন্তু কোনো অঘটন হ’লে এককালীন সাহায্য পায় ৷ কিন্তু চাকৰি নিয়মীয়াকৰণ মানে কৰ্মচাৰীয়ে পৰিয়াল পেন্সন পায় ৷ যি সময়ৰ পৰা চাকৰি নিয়মীয়াকৰণ হ’ব তেতিয়াৰ পৰাহে চাকৰি কাল বুলি ধৰা হয় ৷’’

লগতে পঢ়ক:বদৰুদ্দিন আজমলৰ সহায় লৈয়ে বিধায়ক হৈছিল হেনো শশীকান্ত দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.