বদৰুদ্দিন আজমলৰ সহায় লৈয়ে বিধায়ক হৈছিল হেনো শশীকান্ত দাস

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 4:33 PM IST

thumbnail

নগাঁও, 25 নৱেম্বৰ : গেৰুৱা শিবিৰৰ আশ্ৰয় লৈ কংগ্ৰেছ দলৰ পৰা নিলম্বিত হোৱা বিধায়ক শশীকান্ত দাসে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ প্ৰতি প্ৰকাশ কৰিলে কৃতজ্ঞতা । শনিবাৰে নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত সাংসদ বদৰুদ্দিন আজমলৰ প্ৰতি শ্ৰদ্ধা থকা বুলি উল্লেখ কৰি বিগত বিধানসভা নিৰ্বাচনত আজমলৰ সহায়তেই বিধায়ক হোৱাৰ কথা স্বীকাৰ কৰিলে ৰহাৰ বিধায়কজনে ।

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাতো একপ্ৰকাৰ পঞ্চমুখ হৈ পৰে বিধায়ক শশীকান্ত দাস । আগন্তক লোকসভা নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা সমীক্ষাই সত্য হ’ব বুলিও দাবী কৰিলে বিধায়ক শশীকান্ত দাসে ।  ড৹ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে কৰা বহুত ভৱিষ্যদ্বাণীও ফলিয়াইছে বুলি তেওঁ উল্লেখ কৰে । ভৱিষ্যতেও ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বাণীসমূহেই সঁচা হ’ব বুলিও দাবী কৰিলে কংগ্ৰেছে নিলম্বিত বিধায়ক শশীকান্ত দাসে । অৱশ্যে আগন্তক লোকসভা নিৰ্বাচনত শশীকান্ত দাসে কোনটো ৰাজনৈতিক দলৰ হৈ প্ৰচাৰ কৰিব সেয়া পিচে স্পষ্ট নকৰিলে।

লগতে পঢ়ক : লোকসভালৈ অগপৰ সাংসদ নিৰ্বাচিত হোৱাটো নিশ্চিত বুলি দাবী কেশৱ মহন্তৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.