ETV Bharat / state

Assam MBBS Course: নগাঁৱৰ লগতে কোকৰাঝাৰ, নলবাৰী মেডিকেল কলেজৰ MBBSৰ পাঠ্যক্ৰম আৰম্ভ

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 6:09 PM IST

Assam MBBS Course
Assam MBBS Course

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত নগাঁও মেডিকেল কলেজত আৰম্ভ MBBS ৰ পাঠ্যক্ৰম । নগাঁৱৰ লগতে কোকৰাঝাৰ, নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰো পাঠ্যক্ৰম আৰম্ভ । মুখ্যমন্ত্ৰীৰ উপস্থিতিত শপত গ্ৰহণ নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ এশ ছাত্ৰ-ছাত্ৰীৰ । তিনিখন চিকিৎসা মহাবিদ্যালয় থকা অসমত এতিয়া ১২ খনলৈ বৃদ্ধি চিকিৎসা মহাবিদ্যালয় ।

ৰাজ্যৰ তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ পাঠ্যক্ৰম আৰম্ভ

নগাঁও, 1 ছেপ্টেম্বৰ: ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ কাৰ্যকালৰ দুটা বছৰতে অসমে লাভ কৰিলে তিনিখনকৈ চিকিৎসা মহাবিদ্যালয় । শুকুৰবাৰৰ পৰা প্ৰথমবাৰৰ বাবে শৈক্ষিক বর্ষ আৰম্ভ হয় নতুনকৈ স্থাপিত নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ লগতে কোকৰাঝাৰ আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ ।

শুকুৰবাৰে নগাঁও চিকিৎসা মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত MBBS ৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ-ছাত্ৰীয়ে শপত গ্ৰহণ কৰাৰ পিছত পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰা হয় । নগাঁৱৰ ম’হখুলিত নিৰ্মিত নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম শৈক্ষিক বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকি স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত শাসনাধিস্থিত বিজেপি চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ কথা উল্লেখ কৰি MBBS ৰ ছাত্ৰ-ছাত্ৰীক বহু পৰামৰ্শ আগবঢ়ায় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

বিশেষকৈ সেৱাৰ মনোভাৱেৰে চিকিৎসা সেৱাত ব্ৰতী থাকিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনায় নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীক । শুকুৰবাৰৰ দিনটোত অসমৰ তিনিখনকৈ চিকিৎসা মহাবিদ্যালয়ৰ পাঠ্যক্ৰম আৰম্ভ হোৱাৰ লগতে বছৰ বছৰ ধৰি মাত্ৰ তিনিখন চিকিৎসা মহাবিদ্যালয় থকা অসমত ১২ খনলৈ চিকিৎসা মহাবিদ্যালয় বৃদ্ধি পোৱা বুলি সংবাদ মাধ্যমৰ সন্মুখৰ উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

অসমৰ ১২ খনকৈ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ শিক্ষা আৰম্ভ হোৱাটো এক অভূতপূৰ্ব শৈক্ষিক যাত্ৰা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।


ইফালে নগাঁও মেডিকেল কলেজত চিকিৎসা সেৱা আৰম্ভ হৈছে যদিও পূৰ্বৰ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়তো নগাঁও চহৰৰ লোকে জৰুৰীকালীন চিকিৎসা লাভ কৰিব পৰা সকলো ব্যৱস্থা উপলব্ধ হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকা নগাঁও মেডিকেল কলেজৰ প্ৰথম শৈক্ষিক বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰ্যবাহী সঞ্চালক মনোজ চৌধুৰী, অধীক্ষক অভিযন্তা পি বৰ্মণ, নগাঁও মেডিকেল কলেজৰ অধ্যক্ষ মিহিৰ কুমাৰ গোস্বামীৰ লগতে স্বাস্থ্য বিভাগৰ কেইবাগৰাকী বিষয়া, মেডিকেল কলেজৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক উপস্থিত থাকে ।

লগতে পঢ়ক: Silsako Eviction: শিলসাঁকোৰ উচ্ছেদক লৈ আন্দোলন কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.