ETV Bharat / state

Batadrava PS Incident: গাড়ীৰ খুন্দাত নিহত বটদ্ৰৱা কাণ্ডৰ মাষ্টাৰ মাইণ্ড আশ্বিকুল

author img

By

Published : May 30, 2022, 7:35 AM IST

Updated : May 30, 2022, 8:32 AM IST

নগাঁও আৰক্ষীয়ে দেওবাৰে গ্ৰেপ্তাৰ কৰিছিল বটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্ত তথা মাষ্টাৰ মাইণ্ড অশ্বিকুল ইছলামক(Batadrava accused death)। আশ্বিকুলক গ্ৰেপ্তাৰ কৰি দিনজোৰা জেৰাৰ অন্তত নিশা আৰক্ষীয়ে তেওঁৰ বাসগৃহত অভিযান চলায় ৷ আশ্বিকুলৰ বাসগৃহৰ পৰা পুৱতি নিশাই উভতি অহাৰ পথত নিহত হয় আশ্বিকুল ।

Master mind of Batadrava incident died in accident while trying to escape police custody
আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি গাড়ীৰ খুন্দাত নিহত বটদ্ৰৱা কাণ্ডৰ মাষ্টাৰ মাইণ্ড অশ্বিকুল

নগাওঁ, 30 মে' : দেওবাৰে নিশা নিহত হ'ল বটদ্ৰৱা কাণ্ডৰ মাষ্টাৰ মাইণ্ড আশ্বিকুল ইছলাম(Master mind of Batadrava incident died in accident) ৷ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি গাড়ীৰ খুন্দাত প্ৰাণ হেৰুৱাবলগীয়া হয় আশ্বিকুল ইছলামে ৷ দেওবাৰে নগাঁও আৰক্ষীৰ জালত পৰিছিল বটদ্ৰৱা কাণ্ডৰ মাষ্টাৰ মাইণ্ড আশ্বিকুল ইছলাম ৷

Master mind of Batadrava incident died in accident while trying to escape police custody
আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি গাড়ীৰ খুন্দাত নিহত বটদ্ৰৱা কাণ্ডৰ মাষ্টাৰ মাইণ্ড অশ্বিকুল

উক্ত ঘটনা সংঘটিত হোৱাৰ দিনা ৰঙা টি-চাৰ্ট পৰিধান কৰা আশ্বিকুল ইছলামেই থানা জ্বলাই দিয়াৰ বাবে (Batadrava police station incident)একাংশ ৰাইজক উচটনি দিয়া বুলি অভিযোগ উত্থাপন হৈছিল ৷ যি দৃশ্য বন্দী হৈছিল কেমেৰাত (Batadrava violenece updates)। অৱশ্যে এই ঘটনাৰ পিছৰ পৰাই পলাতক হৈ আছিল মূল অভিযুক্ত আশ্বিকুল ইছলাম । কিন্তু অৱশেষত দেওবাৰে আৰক্ষীৰ জালত পৰে অভিযুক্ত আশ্বিকুল ইছলাম ৷

দেওবাৰে আশ্বিকুল ইছলামক গ্ৰেপ্তাৰ কৰি দিনজোৰা জেৰা অব্যাহত ৰাখিছিল আৰক্ষীয়ে ৷ ইয়াৰ পিছতে নিশা আশ্বিকুলৰ বাসগৃহত অভিযান চলাইছিল আৰক্ষীয়ে ৷ এই অভিযানতেই আশ্বিকুলৰ সোনাইবেৰাস্থিত বাসগৃহত আৰক্ষীয়ে দুটাকৈ মাৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয় ।

গাড়ীৰ খুন্দাত নিহত বটদ্ৰৱা কাণ্ডৰ মাষ্টাৰ মাইণ্ড অশ্বিকুল

জানিব পৰা মতে, আৰক্ষীৰ দলে আশ্বিকুলৰ বাসগৃহৰ পৰা এটা পইণ্ট টু টু আৰু এটা 7.65 এম এম পিষ্টল জব্দ কৰাৰ উপৰিও কেইবা জাই সজীৱ গুলীও জব্দ কৰিবলৈ সক্ষম হয় । পুৱতি নিশাই আশ্বিকুলৰ বাসগৃহৰ পৰা উভতি অহাৰ পথত ৰাইদঙীয়াত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰে । আৰক্ষীৰ বাহনৰ পৰা আশ্বিকুল জঁপিয়াই দিয়াৰ লগে লগে পিছফালে আহি থকা আন এখন বাহনৰ খুন্দাত নিহত হয় ।

লগতে পঢ়ক : Mob torched Batadrava police station : মাষ্টাৰ মাইণ্ড আশ্বিকুল ইছলামক আটক

Last Updated : May 30, 2022, 8:32 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.